The Noble Qur'an Encyclopedia
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesThe Pen [Al-Qalam] - Assamese translation
Surah The Pen [Al-Qalam] Ayah 52 Location Maccah Number 68
নূন;[1] কলমৰ শপত আৰু তেওঁলোকে (ফিৰিস্তাসকলে) যি লিখে তাৰ শপত!
তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি উন্মাদ নহয়।
আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।
আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।
এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--
তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?
নিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও ভালকৈয়ে জানে কোনসকল লোক হিদায়তপ্ৰাপ্ত।
গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।
সিহঁতে কামনা কৰে যে, তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব।
আৰু তুমি এনেকুৱা ব্যক্তিৰো আনুগত্য নকৰিবা যিয়ে অধিক শপত খায়, লাঞ্ছিত,
পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে (ইজনৰ কথা সিজনক গাই ফুৰে),
কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী, পাপিষ্ঠ,
দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;
এই কাৰণে যে, সি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত সমৃদ্ধশালী।
যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।
শীঘ্ৰেই আমি তাৰ শুঁৰত (নাকত) দাগ দিম।
নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছোঁ, যেনেকৈ পৰীক্ষা কৰিছিলোঁ উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, পুৱাৰভাগতে সিহঁতে বাগানৰ ফল আহৰণ কৰিব।
কিন্তু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।
ফলত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুয়ে) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।
ফলত বাগানখন (পুৰি) ক’লাবৰ্ণৰ নিচিনা হৈ গ’ল।
ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,
‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা, তেনেহ’লে পুৱতি নিশাই বাগানলৈ বলা’।
তাৰ পিছত সিহঁতে নিম্নস্বৰে কথা পাতি যাবলৈ ধৰিলে--
যে ‘আজি যাতে তাত তোমালোকৰ ওচৰলৈ কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।
আৰু সিহঁতে (অভাৱীসকলক নিবৃত্ত কৰিবলৈ) সক্ষম বুলি ভাবি পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তিৰে (বাগানলৈ) যাত্ৰা কৰিলে।
তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় আমি পথ হেৰুৱাইছোঁ’।
‘বৰং আমি বঞ্চিত হৈছোঁ’।
সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?
সিহঁতে ক’লে, ‘পৱিত্ৰ মহান আমাৰ প্ৰতিপালক। নিশ্চয় আমি যালিম আছিলোঁ’।
তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।
সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালংঘনকাৰী আছিলোঁ’।
আমি আশা কৰোঁ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈও উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।
এইদৰেই হয় শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।
নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।
আমি মুছলিম (অনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?
তোমালোকৰ কি হৈছে, এইটো তোমালোকৰ কেনেকুৱা সিদ্ধান্ত?
তোমালোকৰ ওচৰত কোনো গ্ৰন্থ আছে নেকি, যিখন তোমালোকে অধ্যয়ন কৰা--
যে, তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যিবোৰ তোমালোকে পছন্দ কৰা?
অথবা ক্বিয়ামত পৰ্যন্ত বলৱৎ হ'ব পৰাকৈ তোমালোকৰ সৈতে আমাৰ এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?
তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ দায়িত্বশীল কোন?
অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।
(স্মৰণ কৰা) যিদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ (সুস্থ) আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।
এতেকে মোক আৰু সিহঁতক এৰি দিয়া, যিসকলে এই বাণীক প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।
আৰু মই সিহঁতক অৱকাশ দিওঁ। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?
নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে (অধৈৰ্য্য) নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত মিনতি কৰিছিল।
যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লহেঁতেন।
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।
আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায়, যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ হৈছে এজন উন্মাদ’।
অথচ এই কোৰআন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ।