Settings
Surah Competition [At-Takathur] in Assamese
أَلۡهَىٰكُمُ ٱلتَّكَاثُرُ ﴿1﴾
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
حَتَّىٰ زُرۡتُمُ ٱلۡمَقَابِرَ ﴿2﴾
যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
كَلَّا سَوۡفَ تَعۡلَمُونَ ﴿3﴾
সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
ثُمَّ كَلَّا سَوۡفَ تَعۡلَمُونَ ﴿4﴾
আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
كَلَّا لَوۡ تَعۡلَمُونَ عِلۡمَ ٱلۡیَقِینِ ﴿5﴾
হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)।
لَتَرَوُنَّ ٱلۡجَحِیمَ ﴿6﴾
নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।
ثُمَّ لَتَرَوُنَّهَا عَیۡنَ ٱلۡیَقِینِ ﴿7﴾
আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
ثُمَّ لَتُسۡـَٔلُنَّ یَوۡمَىِٕذٍ عَنِ ٱلنَّعِیمِ ﴿8﴾
তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian