Settings
Surah Stoneland, Rock city, Al-Hijr valley [Al-Hijr] in Assamese
الۤرۚ تِلۡكَ ءَایَـٰتُ ٱلۡكِتَـٰبِ وَقُرۡءَانࣲ مُّبِینࣲ ﴿1﴾
আলিফ-লাম-ৰা,[1] এইবোৰ হৈছে মহাগ্ৰন্থ তথা সুস্পষ্ট কোৰআনৰ আয়াত।
رُّبَمَا یَوَدُّ ٱلَّذِینَ كَفَرُوا۟ لَوۡ كَانُوا۟ مُسۡلِمِینَ ﴿2﴾
কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুছলিম হ’লহেঁতেন!
ذَرۡهُمۡ یَأۡكُلُوا۟ وَیَتَمَتَّعُوا۟ وَیُلۡهِهِمُ ٱلۡأَمَلُۖ فَسَوۡفَ یَعۡلَمُونَ ﴿3﴾
এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, লগতে আশা-আকাংক্ষাই সিহঁতক মোহাচ্ছন্ন কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।
وَمَاۤ أَهۡلَكۡنَا مِن قَرۡیَةٍ إِلَّا وَلَهَا كِتَابࣱ مَّعۡلُومࣱ ﴿4﴾
আৰু আমি যি জনপদকেই ধ্বংস কৰিছোঁ, তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।
مَّا تَسۡبِقُ مِنۡ أُمَّةٍ أَجَلَهَا وَمَا یَسۡتَـٔۡخِرُونَ ﴿5﴾
কোনো জাতিয়েই তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইয়ো নিব নোৱাৰে।
وَقَالُوا۟ یَـٰۤأَیُّهَا ٱلَّذِی نُزِّلَ عَلَیۡهِ ٱلذِّكۡرُ إِنَّكَ لَمَجۡنُونࣱ ﴿6﴾
আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ (কোৰআন) অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি হৈছা এজন উন্মাদ’।
لَّوۡ مَا تَأۡتِینَا بِٱلۡمَلَـٰۤىِٕكَةِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِینَ ﴿7﴾
যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা তেন্তে আমাৰ ওচৰলৈ ফিৰিস্তা উপস্থিত নকৰা কিয়?
مَا نُنَزِّلُ ٱلۡمَلَـٰۤىِٕكَةَ إِلَّا بِٱلۡحَقِّ وَمَا كَانُوۤا۟ إِذࣰا مُّنظَرِینَ ﴿8﴾
আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণ নোহোৱাকৈ প্ৰেৰণ নকৰোঁ, আৰু (ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিলে) তেতিয়া সিহঁতে অৱকাশ নাপালেহেঁতেন।
إِنَّا نَحۡنُ نَزَّلۡنَا ٱلذِّكۡرَ وَإِنَّا لَهُۥ لَحَـٰفِظُونَ ﴿9﴾
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।
وَلَقَدۡ أَرۡسَلۡنَا مِن قَبۡلِكَ فِی شِیَعِ ٱلۡأَوَّلِینَ ﴿10﴾
নিঃসন্দেহে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছিলোঁ।
وَمَا یَأۡتِیهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ یَسۡتَهۡزِءُونَ ﴿11﴾
সিহঁতৰ ওচৰলৈ এনে কোনো ৰাছুল অহা নাছিল, যাক সিহঁতে উপহাস কৰা নাছিল।
كَذَ ٰلِكَ نَسۡلُكُهُۥ فِی قُلُوبِ ٱلۡمُجۡرِمِینَ ﴿12﴾
এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰোঁ,
لَا یُؤۡمِنُونَ بِهِۦ وَقَدۡ خَلَتۡ سُنَّةُ ٱلۡأَوَّلِینَ ﴿13﴾
ইহঁতে কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।
وَلَوۡ فَتَحۡنَا عَلَیۡهِم بَابࣰا مِّنَ ٱلسَّمَاۤءِ فَظَلُّوا۟ فِیهِ یَعۡرُجُونَ ﴿14﴾
আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিলোঁহেঁতেন, আৰু সিহঁতে তাত আৰোহণ কৰিলেহেঁতেন,
لَقَالُوۤا۟ إِنَّمَا سُكِّرَتۡ أَبۡصَـٰرُنَا بَلۡ نَحۡنُ قَوۡمࣱ مَّسۡحُورُونَ ﴿15﴾
তথাপিও সিহঁতে ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টিক সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।
وَلَقَدۡ جَعَلۡنَا فِی ٱلسَّمَاۤءِ بُرُوجࣰا وَزَیَّنَّـٰهَا لِلنَّـٰظِرِینَ ﴿16﴾
আৰু নিশ্চয় আমি আকাশত বৰুজসমূহ (গ্ৰহ-নক্ষত্ৰসমূহ) সৃষ্টি কৰিছোঁ আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছোঁ।
وَحَفِظۡنَـٰهَا مِن كُلِّ شَیۡطَـٰنࣲ رَّجِیمٍ ﴿17﴾
আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি তাক সুৰক্ষিত কৰিছোঁ;
إِلَّا مَنِ ٱسۡتَرَقَ ٱلسَّمۡعَ فَأَتۡبَعَهُۥ شِهَابࣱ مُّبِینࣱ ﴿18﴾
কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাক চোঁচা লয়।
وَٱلۡأَرۡضَ مَدَدۡنَـٰهَا وَأَلۡقَیۡنَا فِیهَا رَوَ ٰسِیَ وَأَنۢبَتۡنَا فِیهَا مِن كُلِّ شَیۡءࣲ مَّوۡزُونࣲ ﴿19﴾
আৰু পৃথিৱীক আমি বিস্তৃত কৰিছোঁ, আৰু তাত আমি স্থাপন কৰিছোঁ পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছোঁ সুপৰিমিতভাৱে,
وَجَعَلۡنَا لَكُمۡ فِیهَا مَعَـٰیِشَ وَمَن لَّسۡتُمۡ لَهُۥ بِرَ ٰزِقِینَ ﴿20﴾
আৰু আমি তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থা কৰিছোঁ আৰু তোমালোকে যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও (জীৱিকাৰ ব্যৱস্থা কৰিছোঁ)।
وَإِن مِّن شَیۡءٍ إِلَّا عِندَنَا خَزَاۤىِٕنُهُۥ وَمَا نُنَزِّلُهُۥۤ إِلَّا بِقَدَرࣲ مَّعۡلُومࣲ ﴿21﴾
আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ, আৰু আমিয়েই সেয়া পৰিজ্ঞাত পৰিমাণে অৱতীৰ্ণ কৰোঁ।
وَأَرۡسَلۡنَا ٱلرِّیَـٰحَ لَوَ ٰقِحَ فَأَنزَلۡنَا مِنَ ٱلسَّمَاۤءِ مَاۤءࣰ فَأَسۡقَیۡنَـٰكُمُوهُ وَمَاۤ أَنتُمۡ لَهُۥ بِخَـٰزِنِینَ ﴿22﴾
আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰোঁ, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ, সেই পানী তোমালোকক সেৱন কৰাওঁ; অথচ তোমালোকে ইয়াক (সেই) ভাণ্ডাৰত সঞ্চয় নকৰা।
وَإِنَّا لَنَحۡنُ نُحۡیِۦ وَنُمِیتُ وَنَحۡنُ ٱلۡوَ ٰرِثُونَ ﴿23﴾
নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ, আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।
وَلَقَدۡ عَلِمۡنَا ٱلۡمُسۡتَقۡدِمِینَ مِنكُمۡ وَلَقَدۡ عَلِمۡنَا ٱلۡمُسۡتَـٔۡخِرِینَ ﴿24﴾
আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতকো জানো, লগতে সেইসকলকো জানো যিসকলে পশ্চাদগামী হৈছে।
وَإِنَّ رَبَّكَ هُوَ یَحۡشُرُهُمۡۚ إِنَّهُۥ حَكِیمٌ عَلِیمࣱ ﴿25﴾
নিশ্চয় তোমাৰ প্ৰতিপালকেই সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
وَلَقَدۡ خَلَقۡنَا ٱلۡإِنسَـٰنَ مِن صَلۡصَـٰلࣲ مِّنۡ حَمَإࣲ مَّسۡنُونࣲ ﴿26﴾
নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা,
وَٱلۡجَاۤنَّ خَلَقۡنَـٰهُ مِن قَبۡلُ مِن نَّارِ ٱلسَّمُومِ ﴿27﴾
আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছিলোঁ উত্তপ্ত অগ্নিশিখাৰ পৰা।
وَإِذۡ قَالَ رَبُّكَ لِلۡمَلَـٰۤىِٕكَةِ إِنِّی خَـٰلِقُۢ بَشَرࣰا مِّن صَلۡصَـٰلࣲ مِّنۡ حَمَإࣲ مَّسۡنُونࣲ ﴿28﴾
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছোঁ;
فَإِذَا سَوَّیۡتُهُۥ وَنَفَخۡتُ فِیهِ مِن رُّوحِی فَقَعُوا۟ لَهُۥ سَـٰجِدِینَ ﴿29﴾
এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,
فَسَجَدَ ٱلۡمَلَـٰۤىِٕكَةُ كُلُّهُمۡ أَجۡمَعُونَ ﴿30﴾
তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,
إِلَّاۤ إِبۡلِیسَ أَبَىٰۤ أَن یَكُونَ مَعَ ٱلسَّـٰجِدِینَ ﴿31﴾
কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।
قَالَ یَـٰۤإِبۡلِیسُ مَا لَكَ أَلَّا تَكُونَ مَعَ ٱلسَّـٰجِدِینَ ﴿32﴾
আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’?
قَالَ لَمۡ أَكُن لِّأَسۡجُدَ لِبَشَرٍ خَلَقۡتَهُۥ مِن صَلۡصَـٰلࣲ مِّنۡ حَمَإࣲ مَّسۡنُونࣲ ﴿33﴾
সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰোঁ’।
قَالَ فَٱخۡرُجۡ مِنۡهَا فَإِنَّكَ رَجِیمࣱ ﴿34﴾
তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;
وَإِنَّ عَلَیۡكَ ٱللَّعۡنَةَ إِلَىٰ یَوۡمِ ٱلدِّینِ ﴿35﴾
আৰু নিশ্চয় প্ৰতিদান দিৱসলৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।
قَالَ رَبِّ فَأَنظِرۡنِیۤ إِلَىٰ یَوۡمِ یُبۡعَثُونَ ﴿36﴾
সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
قَالَ فَإِنَّكَ مِنَ ٱلۡمُنظَرِینَ ﴿37﴾
তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,
إِلَىٰ یَوۡمِ ٱلۡوَقۡتِ ٱلۡمَعۡلُومِ ﴿38﴾
‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।
قَالَ رَبِّ بِمَاۤ أَغۡوَیۡتَنِی لَأُزَیِّنَنَّ لَهُمۡ فِی ٱلۡأَرۡضِ وَلَأُغۡوِیَنَّهُمۡ أَجۡمَعِینَ ﴿39﴾
সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যে মোক বিপথগামী কৰিলা সেইকাৰণে নিশ্চিতভাৱে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি উপস্থাপন কৰিম আৰু নিশ্চয় মই সিহঁতৰ আটাইকে বিপথগামী কৰিম,
إِلَّا عِبَادَكَ مِنۡهُمُ ٱلۡمُخۡلَصِینَ ﴿40﴾
‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
قَالَ هَـٰذَا صِرَ ٰطٌ عَلَیَّ مُسۡتَقِیمٌ ﴿41﴾
আল্লাহে ক’লে, ‘এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।
إِنَّ عِبَادِی لَیۡسَ لَكَ عَلَیۡهِمۡ سُلۡطَـٰنٌ إِلَّا مَنِ ٱتَّبَعَكَ مِنَ ٱلۡغَاوِینَ ﴿42﴾
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;
وَإِنَّ جَهَنَّمَ لَمَوۡعِدُهُمۡ أَجۡمَعِینَ ﴿43﴾
‘নিশ্চয় জাহান্নাম হৈছে সিহঁত (তোমাৰ অনুসাৰীসকলৰ) আটায়েৰে প্ৰতিশ্ৰুত স্থান’,
لَهَا سَبۡعَةُ أَبۡوَ ٰبࣲ لِّكُلِّ بَابࣲ مِّنۡهُمۡ جُزۡءࣱ مَّقۡسُومٌ ﴿44﴾
‘সেই(জাহান্নাম)ৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ সিহঁতৰ (চয়তানৰ অনুসাৰীসকলৰ) বাবে নিৰ্দিষ্ট অংশ আছে’।
إِنَّ ٱلۡمُتَّقِینَ فِی جَنَّـٰتࣲ وَعُیُونٍ ﴿45﴾
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।
ٱدۡخُلُوهَا بِسَلَـٰمٍ ءَامِنِینَ ﴿46﴾
(তেওঁলোকক কোৱা হ’ব,) ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।
وَنَزَعۡنَا مَا فِی صُدُورِهِم مِّنۡ غِلٍّ إِخۡوَ ٰنًا عَلَىٰ سُرُرࣲ مُّتَقَـٰبِلِینَ ﴿47﴾
আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,
لَا یَمَسُّهُمۡ فِیهَا نَصَبࣱ وَمَا هُم مِّنۡهَا بِمُخۡرَجِینَ ﴿48﴾
তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কাৰো কৰা নহ’ব।
۞ نَبِّئۡ عِبَادِیۤ أَنِّیۤ أَنَا ٱلۡغَفُورُ ٱلرَّحِیمُ ﴿49﴾
মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই অতি ক্ষমাশীল, পৰম দয়ালু,
وَأَنَّ عَذَابِی هُوَ ٱلۡعَذَابُ ٱلۡأَلِیمُ ﴿50﴾
আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি!
وَنَبِّئۡهُمۡ عَن ضَیۡفِ إِبۡرَ ٰهِیمَ ﴿51﴾
আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা,
إِذۡ دَخَلُوا۟ عَلَیۡهِ فَقَالُوا۟ سَلَـٰمࣰا قَالَ إِنَّا مِنكُمۡ وَجِلُونَ ﴿52﴾
যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) তেওঁৰ ওচৰত উপস্থিত হৈ কৈছিল, ‘ছালাম’, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।
قَالُوا۟ لَا تَوۡجَلۡ إِنَّا نُبَشِّرُكَ بِغُلَـٰمٍ عَلِیمࣲ ﴿53﴾
তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছোঁ’।
قَالَ أَبَشَّرۡتُمُونِی عَلَىٰۤ أَن مَّسَّنِیَ ٱلۡكِبَرُ فَبِمَ تُبَشِّرُونَ ﴿54﴾
তেওঁ ক’লে, ‘মোক বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে নেকি? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’?
قَالُوا۟ بَشَّرۡنَـٰكَ بِٱلۡحَقِّ فَلَا تَكُن مِّنَ ٱلۡقَـٰنِطِینَ ﴿55﴾
তেওঁলোকে ক’লে, ‘আমি আপোনাক সত্য সুসংবাদ দি আছোঁ; এতেকে আপুনি নিৰাশ নহ’ব’।
قَالَ وَمَن یَقۡنَطُ مِن رَّحۡمَةِ رَبِّهِۦۤ إِلَّا ٱلضَّاۤلُّونَ ﴿56﴾
তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?
قَالَ فَمَا خَطۡبُكُمۡ أَیُّهَا ٱلۡمُرۡسَلُونَ ﴿57﴾
তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’?
قَالُوۤا۟ إِنَّاۤ أُرۡسِلۡنَاۤ إِلَىٰ قَوۡمࣲ مُّجۡرِمِینَ ﴿58﴾
তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছে---
إِلَّاۤ ءَالَ لُوطٍ إِنَّا لَمُنَجُّوهُمۡ أَجۡمَعِینَ ﴿59﴾
কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম,
إِلَّا ٱمۡرَأَتَهُۥ قَدَّرۡنَاۤ إِنَّهَا لَمِنَ ٱلۡغَـٰبِرِینَ ﴿60﴾
কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছোঁ যে, নিশ্চয় তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব’।
فَلَمَّا جَاۤءَ ءَالَ لُوطٍ ٱلۡمُرۡسَلُونَ ﴿61﴾
তাৰ পিছত ফিৰিস্তাসকলে যেতিয়া লূত পৰিয়ালৰ ওচৰলৈ আহিল,
قَالَ إِنَّكُمۡ قَوۡمࣱ مُّنكَرُونَ ﴿62﴾
তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।
قَالُوا۟ بَلۡ جِئۡنَـٰكَ بِمَا كَانُوا۟ فِیهِ یَمۡتَرُونَ ﴿63﴾
তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোহে লৈ আহিছোঁ যাকলৈ সিহঁতে সন্দেহ পোষণ কৰিছিল’;
وَأَتَیۡنَـٰكَ بِٱلۡحَقِّ وَإِنَّا لَصَـٰدِقُونَ ﴿64﴾
‘আৰু আমি আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ আৰু নিশ্চয় আমি সত্যবাদী’;
فَأَسۡرِ بِأَهۡلِكَ بِقِطۡعࣲ مِّنَ ٱلَّیۡلِ وَٱتَّبِعۡ أَدۡبَـٰرَهُمۡ وَلَا یَلۡتَفِتۡ مِنكُمۡ أَحَدࣱ وَٱمۡضُوا۟ حَیۡثُ تُؤۡمَرُونَ ﴿65﴾
‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওক’।
وَقَضَیۡنَاۤ إِلَیۡهِ ذَ ٰلِكَ ٱلۡأَمۡرَ أَنَّ دَابِرَ هَـٰۤؤُلَاۤءِ مَقۡطُوعࣱ مُّصۡبِحِینَ ﴿66﴾
আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিছিলোঁ যে, নিশ্চয় সিহঁতক ঊষাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ’ব।
وَجَاۤءَ أَهۡلُ ٱلۡمَدِینَةِ یَسۡتَبۡشِرُونَ ﴿67﴾
আৰু ইপিনে নগৰবাসীসকল উল্লাসিত হৈ উপস্থিত হ’ল।
قَالَ إِنَّ هَـٰۤؤُلَاۤءِ ضَیۡفِی فَلَا تَفۡضَحُونِ ﴿68﴾
তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক হৈছে মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।
وَٱتَّقُوا۟ ٱللَّهَ وَلَا تُخۡزُونِ ﴿69﴾
‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।
قَالُوۤا۟ أَوَلَمۡ نَنۡهَكَ عَنِ ٱلۡعَـٰلَمِینَ ﴿70﴾
সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলোঁনে’?
قَالَ هَـٰۤؤُلَاۤءِ بَنَاتِیۤ إِن كُنتُمۡ فَـٰعِلِینَ ﴿71﴾
লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়েৰে কৰা)’।
لَعَمۡرُكَ إِنَّهُمۡ لَفِی سَكۡرَتِهِمۡ یَعۡمَهُونَ ﴿72﴾
(হে নবী) তোমাৰ আয়ুৰ শপত! নিশ্চয় সিহঁত নিজৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।
فَأَخَذَتۡهُمُ ٱلصَّیۡحَةُ مُشۡرِقِینَ ﴿73﴾
ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে;
فَجَعَلۡنَا عَـٰلِیَهَا سَافِلَهَا وَأَمۡطَرۡنَا عَلَیۡهِمۡ حِجَارَةࣰ مِّن سِجِّیلٍ ﴿74﴾
তাৰ পিছত আমি (সিহঁতৰ) জনপদক ওলোটাই তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলোঁ।
إِنَّ فِی ذَ ٰلِكَ لَـَٔایَـٰتࣲ لِّلۡمُتَوَسِّمِینَ ﴿75﴾
নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তিসম্পন্ন ব্যক্তিসকলৰ বাবে।
وَإِنَّهَا لَبِسَبِیلࣲ مُّقِیمٍ ﴿76﴾
আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।
إِنَّ فِی ذَ ٰلِكَ لَـَٔایَةࣰ لِّلۡمُؤۡمِنِینَ ﴿77﴾
নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।
وَإِن كَانَ أَصۡحَـٰبُ ٱلۡأَیۡكَةِ لَظَـٰلِمِینَ ﴿78﴾
আৰু আইকাহবাসীও আছিল সীমালংঘনকাৰী,
فَٱنتَقَمۡنَا مِنۡهُمۡ وَإِنَّهُمَا لَبِإِمَامࣲ مُّبِینࣲ ﴿79﴾
এতেকে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছিলোঁ, আৰু দুয়োটা জনপদেই হৈছে প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।
وَلَقَدۡ كَذَّبَ أَصۡحَـٰبُ ٱلۡحِجۡرِ ٱلۡمُرۡسَلِینَ ﴿80﴾
আৰু নিশ্চয় হিজৰবাসীয়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল;
وَءَاتَیۡنَـٰهُمۡ ءَایَـٰتِنَا فَكَانُوا۟ عَنۡهَا مُعۡرِضِینَ ﴿81﴾
আমি সিহঁতক আমাৰ নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইবোৰক উপেক্ষা কৰিছিল।
وَكَانُوا۟ یَنۡحِتُونَ مِنَ ٱلۡجِبَالِ بُیُوتًا ءَامِنِینَ ﴿82﴾
আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।
فَأَخَذَتۡهُمُ ٱلصَّیۡحَةُ مُصۡبِحِینَ ﴿83﴾
তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিছিল।
فَمَاۤ أَغۡنَىٰ عَنۡهُم مَّا كَانُوا۟ یَكۡسِبُونَ ﴿84﴾
এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
وَمَا خَلَقۡنَا ٱلسَّمَـٰوَ ٰتِ وَٱلۡأَرۡضَ وَمَا بَیۡنَهُمَاۤ إِلَّا بِٱلۡحَقِّۗ وَإِنَّ ٱلسَّاعَةَ لَـَٔاتِیَةࣱۖ فَٱصۡفَحِ ٱلصَّفۡحَ ٱلۡجَمِیلَ ﴿85﴾
আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি অযথা সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।
إِنَّ رَبَّكَ هُوَ ٱلۡخَلَّـٰقُ ٱلۡعَلِیمُ ﴿86﴾
নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই হৈছে মহাস্ৰষ্টা, মহাজ্ঞানী।
وَلَقَدۡ ءَاتَیۡنَـٰكَ سَبۡعࣰا مِّنَ ٱلۡمَثَانِی وَٱلۡقُرۡءَانَ ٱلۡعَظِیمَ ﴿87﴾
আৰু আমি তোমাক প্ৰদান কৰিছোঁ পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।
لَا تَمُدَّنَّ عَیۡنَیۡكَ إِلَىٰ مَا مَتَّعۡنَا بِهِۦۤ أَزۡوَ ٰجࣰا مِّنۡهُمۡ وَلَا تَحۡزَنۡ عَلَیۡهِمۡ وَٱخۡفِضۡ جَنَاحَكَ لِلۡمُؤۡمِنِینَ ﴿88﴾
আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছোঁ তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা),
وَقُلۡ إِنِّیۤ أَنَا ٱلنَّذِیرُ ٱلۡمُبِینُ ﴿89﴾
আৰু কোৱা, ‘নিশ্চয় মই হৈছোঁ প্ৰকাশ্য সতৰ্ককাৰী’।
كَمَاۤ أَنزَلۡنَا عَلَى ٱلۡمُقۡتَسِمِینَ ﴿90﴾
যিদৰে আমি অৱতীৰ্ণ কৰিছিলোঁ বিভক্তকাৰীসকলৰ ওপৰত;
ٱلَّذِینَ جَعَلُوا۟ ٱلۡقُرۡءَانَ عِضِینَ ﴿91﴾
যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
فَوَرَبِّكَ لَنَسۡـَٔلَنَّهُمۡ أَجۡمَعِینَ ﴿92﴾
এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম,
عَمَّا كَانُوا۟ یَعۡمَلُونَ ﴿93﴾
সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।
فَٱصۡدَعۡ بِمَا تُؤۡمَرُ وَأَعۡرِضۡ عَنِ ٱلۡمُشۡرِكِینَ ﴿94﴾
এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
إِنَّا كَفَیۡنَـٰكَ ٱلۡمُسۡتَهۡزِءِینَ ﴿95﴾
নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট,
ٱلَّذِینَ یَجۡعَلُونَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَۚ فَسَوۡفَ یَعۡلَمُونَ ﴿96﴾
যিসকলে আল্লাহৰ সৈতে আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই সিহঁতে (ইয়াৰ পৰিণাম) জানিব পাৰিব।
وَلَقَدۡ نَعۡلَمُ أَنَّكَ یَضِیقُ صَدۡرُكَ بِمَا یَقُولُونَ ﴿97﴾
আমি এই কথা নিশ্চিতভাৱে জানো যে, সিহঁতৰ কথাৰ দ্বাৰা তোমাৰ মন সংকুচিত হয়;
فَسَبِّحۡ بِحَمۡدِ رَبِّكَ وَكُن مِّنَ ٱلسَّـٰجِدِینَ ﴿98﴾
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।
وَٱعۡبُدۡ رَبَّكَ حَتَّىٰ یَأۡتِیَكَ ٱلۡیَقِینُ ﴿99﴾
আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।