Settings
Surah The Bee [An-Nahl] in Assamese
أَتَىٰۤ أَمۡرُ ٱللَّهِ فَلَا تَسۡتَعۡجِلُوهُۚ سُبۡحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا یُشۡرِكُونَ ﴿1﴾
আল্লাহৰ আদেশ আহিবই; এতেকে তোমালোকে তাক সোনকালে আনিবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময়, আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।
یُنَزِّلُ ٱلۡمَلَـٰۤىِٕكَةَ بِٱلرُّوحِ مِنۡ أَمۡرِهِۦ عَلَىٰ مَن یَشَاۤءُ مِنۡ عِبَادِهِۦۤ أَنۡ أَنذِرُوۤا۟ أَنَّهُۥ لَاۤ إِلَـٰهَ إِلَّاۤ أَنَا۠ فَٱتَّقُونِ ﴿2﴾
তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰি ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।
خَلَقَ ٱلسَّمَـٰوَ ٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۚ تَعَـٰلَىٰ عَمَّا یُشۡرِكُونَ ﴿3﴾
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।
خَلَقَ ٱلۡإِنسَـٰنَ مِن نُّطۡفَةࣲ فَإِذَا هُوَ خَصِیمࣱ مُّبِینࣱ ﴿4﴾
তেৱেঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে; অথচ চোৱা, সেই মানুহেই প্ৰকাশ্য বিতণ্ডাকাৰী!
وَٱلۡأَنۡعَـٰمَ خَلَقَهَاۖ لَكُمۡ فِیهَا دِفۡءࣱ وَمَنَـٰفِعُ وَمِنۡهَا تَأۡكُلُونَ ﴿5﴾
আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা।
وَلَكُمۡ فِیهَا جَمَالٌ حِینَ تُرِیحُونَ وَحِینَ تَسۡرَحُونَ ﴿6﴾
আৰু তোমালোকৰ বাবে তাত আছে উপভোগ কৰিব পৰা সৌন্দৰ্য, যেতিয়া তোমালোকে সেইবোৰক সন্ধিয়াৰ সময়ত চাৰণভূমিৰ পৰা ওভতাই আনা আৰু পুৱাৰ ভাগত সেইবোৰক চাৰণভূমিলৈ খেদি নিয়া।
وَتَحۡمِلُ أَثۡقَالَكُمۡ إِلَىٰ بَلَدࣲ لَّمۡ تَكُونُوا۟ بَـٰلِغِیهِ إِلَّا بِشِقِّ ٱلۡأَنفُسِۚ إِنَّ رَبَّكُمۡ لَرَءُوفࣱ رَّحِیمࣱ ﴿7﴾
আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা ঠাইলৈ, য’ত প্ৰাণান্তৰ কষ্ট নোহোৱাকৈ তোমালোকে তালৈকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।
وَٱلۡخَیۡلَ وَٱلۡبِغَالَ وَٱلۡحَمِیرَ لِتَرۡكَبُوهَا وَزِینَةࣰۚ وَیَخۡلُقُ مَا لَا تَعۡلَمُونَ ﴿8﴾
আৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে (আৰু কৰিব) যিবোৰ তোমালোকে নাজানা।
وَعَلَى ٱللَّهِ قَصۡدُ ٱلسَّبِیلِ وَمِنۡهَا جَاۤىِٕرࣱۚ وَلَوۡ شَاۤءَ لَهَدَىٰكُمۡ أَجۡمَعِینَ ﴿9﴾
আৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন।
هُوَ ٱلَّذِیۤ أَنزَلَ مِنَ ٱلسَّمَاۤءِ مَاۤءࣰۖ لَّكُم مِّنۡهُ شَرَابࣱ وَمِنۡهُ شَجَرࣱ فِیهِ تُسِیمُونَ ﴿10﴾
তেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ, যাৰ মাজত তোমালোকে পশুচাৰণ কৰা।
یُنۢبِتُ لَكُم بِهِ ٱلزَّرۡعَ وَٱلزَّیۡتُونَ وَٱلنَّخِیلَ وَٱلۡأَعۡنَـٰبَ وَمِن كُلِّ ٱلثَّمَرَ ٰتِۚ إِنَّ فِی ذَ ٰلِكَ لَـَٔایَةࣰ لِّقَوۡمࣲ یَتَفَكَّرُونَ ﴿11﴾
ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে উৎপন্ন কৰে শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।
وَسَخَّرَ لَكُمُ ٱلَّیۡلَ وَٱلنَّهَارَ وَٱلشَّمۡسَ وَٱلۡقَمَرَۖ وَٱلنُّجُومُ مُسَخَّرَ ٰتُۢ بِأَمۡرِهِۦۤۚ إِنَّ فِی ذَ ٰلِكَ لَـَٔایَـٰتࣲ لِّقَوۡمࣲ یَعۡقِلُونَ ﴿12﴾
আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।
وَمَا ذَرَأَ لَكُمۡ فِی ٱلۡأَرۡضِ مُخۡتَلِفًا أَلۡوَ ٰنُهُۥۤۚ إِنَّ فِی ذَ ٰلِكَ لَـَٔایَةࣰ لِّقَوۡمࣲ یَذَّكَّرُونَ ﴿13﴾
আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰঙ-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে।
وَهُوَ ٱلَّذِی سَخَّرَ ٱلۡبَحۡرَ لِتَأۡكُلُوا۟ مِنۡهُ لَحۡمࣰا طَرِیࣰّا وَتَسۡتَخۡرِجُوا۟ مِنۡهُ حِلۡیَةࣰ تَلۡبَسُونَهَاۖ وَتَرَى ٱلۡفُلۡكَ مَوَاخِرَ فِیهِ وَلِتَبۡتَغُوا۟ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ ﴿14﴾
আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা, লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে অলংকাৰৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযানসমূহ চলাচল কৰে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;
وَأَلۡقَىٰ فِی ٱلۡأَرۡضِ رَوَ ٰسِیَ أَن تَمِیدَ بِكُمۡ وَأَنۡهَـٰرࣰا وَسُبُلࣰا لَّعَلَّكُمۡ تَهۡتَدُونَ ﴿15﴾
আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;
وَعَلَـٰمَـٰتࣲۚ وَبِٱلنَّجۡمِ هُمۡ یَهۡتَدُونَ ﴿16﴾
আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।
أَفَمَن یَخۡلُقُ كَمَن لَّا یَخۡلُقُۚ أَفَلَا تَذَكَّرُونَ ﴿17﴾
এতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
وَإِن تَعُدُّوا۟ نِعۡمَةَ ٱللَّهِ لَا تُحۡصُوهَاۤۗ إِنَّ ٱللَّهَ لَغَفُورࣱ رَّحِیمࣱ ﴿18﴾
আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
وَٱللَّهُ یَعۡلَمُ مَا تُسِرُّونَ وَمَا تُعۡلِنُونَ ﴿19﴾
আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।
وَٱلَّذِینَ یَدۡعُونَ مِن دُونِ ٱللَّهِ لَا یَخۡلُقُونَ شَیۡـࣰٔا وَهُمۡ یُخۡلَقُونَ ﴿20﴾
আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হৈছে।
أَمۡوَ ٰتٌ غَیۡرُ أَحۡیَاۤءࣲۖ وَمَا یَشۡعُرُونَ أَیَّانَ یُبۡعَثُونَ ﴿21﴾
(বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা (বোধ) নাই।
إِلَـٰهُكُمۡ إِلَـٰهࣱ وَ ٰحِدࣱۚ فَٱلَّذِینَ لَا یُؤۡمِنُونَ بِٱلۡـَٔاخِرَةِ قُلُوبُهُم مُّنكِرَةࣱ وَهُم مُّسۡتَكۡبِرُونَ ﴿22﴾
তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।
لَا جَرَمَ أَنَّ ٱللَّهَ یَعۡلَمُ مَا یُسِرُّونَ وَمَا یُعۡلِنُونَۚ إِنَّهُۥ لَا یُحِبُّ ٱلۡمُسۡتَكۡبِرِینَ ﴿23﴾
ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।
وَإِذَا قِیلَ لَهُم مَّاذَاۤ أَنزَلَ رَبُّكُمۡ قَالُوۤا۟ أَسَـٰطِیرُ ٱلۡأَوَّلِینَ ﴿24﴾
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’!
لِیَحۡمِلُوۤا۟ أَوۡزَارَهُمۡ كَامِلَةࣰ یَوۡمَ ٱلۡقِیَـٰمَةِ وَمِنۡ أَوۡزَارِ ٱلَّذِینَ یُضِلُّونَهُم بِغَیۡرِ عِلۡمٍۗ أَلَا سَاۤءَ مَا یَزِرُونَ ﴿25﴾
ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!
قَدۡ مَكَرَ ٱلَّذِینَ مِن قَبۡلِهِمۡ فَأَتَى ٱللَّهُ بُنۡیَـٰنَهُم مِّنَ ٱلۡقَوَاعِدِ فَخَرَّ عَلَیۡهِمُ ٱلسَّقۡفُ مِن فَوۡقِهِمۡ وَأَتَىٰهُمُ ٱلۡعَذَابُ مِنۡ حَیۡثُ لَا یَشۡعُرُونَ ﴿26﴾
নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, ফলত আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ইয়াৰ ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।
ثُمَّ یَوۡمَ ٱلۡقِیَـٰمَةِ یُخۡزِیهِمۡ وَیَقُولُ أَیۡنَ شُرَكَاۤءِیَ ٱلَّذِینَ كُنتُمۡ تُشَـٰۤقُّونَ فِیهِمۡۚ قَالَ ٱلَّذِینَ أُوتُوا۟ ٱلۡعِلۡمَ إِنَّ ٱلۡخِزۡیَ ٱلۡیَوۡمَ وَٱلسُّوۤءَ عَلَى ٱلۡكَـٰفِرِینَ ﴿27﴾
ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’--
ٱلَّذِینَ تَتَوَفَّىٰهُمُ ٱلۡمَلَـٰۤىِٕكَةُ ظَالِمِیۤ أَنفُسِهِمۡۖ فَأَلۡقَوُا۟ ٱلسَّلَمَ مَا كُنَّا نَعۡمَلُ مِن سُوۤءِۭۚ بَلَىٰۤۚ إِنَّ ٱللَّهَ عَلِیمُۢ بِمَا كُنتُمۡ تَعۡمَلُونَ ﴿28﴾
নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে যেতিয়া সিহঁতৰ প্ৰাণ হৰণ কৰিব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলোঁ’। হয়, তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় আল্লাহ সবিশেষ অৱগত।
فَٱدۡخُلُوۤا۟ أَبۡوَ ٰبَ جَهَنَّمَ خَـٰلِدِینَ فِیهَاۖ فَلَبِئۡسَ مَثۡوَى ٱلۡمُتَكَبِّرِینَ ﴿29﴾
এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ীভাৱে থাকিবলৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান যে নিকৃষ্ট!
۞ وَقِیلَ لِلَّذِینَ ٱتَّقَوۡا۟ مَاذَاۤ أَنزَلَ رَبُّكُمۡۚ قَالُوا۟ خَیۡرࣰاۗ لِّلَّذِینَ أَحۡسَنُوا۟ فِی هَـٰذِهِ ٱلدُّنۡیَا حَسَنَةࣱۚ وَلَدَارُ ٱلۡـَٔاخِرَةِ خَیۡرࣱۚ وَلَنِعۡمَ دَارُ ٱلۡمُتَّقِینَ ﴿30﴾
আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ব, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’ব, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈও উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ আবাসস্থল কিমান যে উৎকৃষ্ট!
جَنَّـٰتُ عَدۡنࣲ یَدۡخُلُونَهَا تَجۡرِی مِن تَحۡتِهَا ٱلۡأَنۡهَـٰرُۖ لَهُمۡ فِیهَا مَا یَشَاۤءُونَۚ كَذَ ٰلِكَ یَجۡزِی ٱللَّهُ ٱلۡمُتَّقِینَ ﴿31﴾
য’ত তেওঁলোকে প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত; তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই তেওঁলোকৰ বাবে তাত থাকিব। এইদৰেই আল্লাহে মুত্তাক্বীসকলক পুৰস্কৃত কৰে,
ٱلَّذِینَ تَتَوَفَّىٰهُمُ ٱلۡمَلَـٰۤىِٕكَةُ طَیِّبِینَ یَقُولُونَ سَلَـٰمٌ عَلَیۡكُمُ ٱدۡخُلُوا۟ ٱلۡجَنَّةَ بِمَا كُنتُمۡ تَعۡمَلُونَ ﴿32﴾
ফিৰিস্তাসকলে তেওঁলোকৰ মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।
هَلۡ یَنظُرُونَ إِلَّاۤ أَن تَأۡتِیَهُمُ ٱلۡمَلَـٰۤىِٕكَةُ أَوۡ یَأۡتِیَ أَمۡرُ رَبِّكَۚ كَذَ ٰلِكَ فَعَلَ ٱلَّذِینَ مِن قَبۡلِهِمۡۚ وَمَا ظَلَمَهُمُ ٱللَّهُ وَلَـٰكِن كَانُوۤا۟ أَنفُسَهُمۡ یَظۡلِمُونَ ﴿33﴾
সিহঁতে (কাফিৰসকলে) কেৱল সিহঁতৰ ওচৰলৈ ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ কোনো নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
فَأَصَابَهُمۡ سَیِّـَٔاتُ مَا عَمِلُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ یَسۡتَهۡزِءُونَ ﴿34﴾
এতেকে সিহঁতৰ ওপৰত আপতিত হৈছিল সিহঁতৰেই বেয়া কৰ্মৰ পৰিণতি আৰু সিহঁতে যি বিষয়টোক লৈ উপহাস কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছিল।
وَقَالَ ٱلَّذِینَ أَشۡرَكُوا۟ لَوۡ شَاۤءَ ٱللَّهُ مَا عَبَدۡنَا مِن دُونِهِۦ مِن شَیۡءࣲ نَّحۡنُ وَلَاۤ ءَابَاۤؤُنَا وَلَا حَرَّمۡنَا مِن دُونِهِۦ مِن شَیۡءࣲۚ كَذَ ٰلِكَ فَعَلَ ٱلَّذِینَ مِن قَبۡلِهِمۡۚ فَهَلۡ عَلَى ٱلرُّسُلِ إِلَّا ٱلۡبَلَـٰغُ ٱلۡمُبِینُ ﴿35﴾
আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোঁহেঁতেন, আৰু তেওঁৰ নিৰ্দেশ অবিহনে আমি কোনো বস্তুক হাৰামো নকৰিলোঁহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁচাই দিয়া নহয় জানো?
وَلَقَدۡ بَعَثۡنَا فِی كُلِّ أُمَّةࣲ رَّسُولًا أَنِ ٱعۡبُدُوا۟ ٱللَّهَ وَٱجۡتَنِبُوا۟ ٱلطَّـٰغُوتَۖ فَمِنۡهُم مَّنۡ هَدَى ٱللَّهُ وَمِنۡهُم مَّنۡ حَقَّتۡ عَلَیۡهِ ٱلضَّلَـٰلَةُۚ فَسِیرُوا۟ فِی ٱلۡأَرۡضِ فَٱنظُرُوا۟ كَیۡفَ كَانَ عَـٰقِبَةُ ٱلۡمُكَذِّبِینَ ﴿36﴾
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একো একোজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ মাজৰ কিছুমানক হিদায়ত দিছিল, আৰু কিছুমানৰ ওপৰত পথভ্ৰষ্টতা অৱধাৰিত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?
إِن تَحۡرِصۡ عَلَىٰ هُدَىٰهُمۡ فَإِنَّ ٱللَّهَ لَا یَهۡدِی مَن یُضِلُّۖ وَمَا لَهُم مِّن نَّـٰصِرِینَ ﴿37﴾
তুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হ’লেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ কেতিয়াও হিদায়ত নিদিয়ে, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।
وَأَقۡسَمُوا۟ بِٱللَّهِ جَهۡدَ أَیۡمَـٰنِهِمۡ لَا یَبۡعَثُ ٱللَّهُ مَن یَمُوتُۚ بَلَىٰ وَعۡدًا عَلَیۡهِ حَقࣰّا وَلَـٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا یَعۡلَمُونَ ﴿38﴾
আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কয়, ‘যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰ্জীৱিত নকৰিব’। (শুনা) কিয় নকৰিব! নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব। কিন্তু অধিকাংশ মানুহেই নাজানে।
لِیُبَیِّنَ لَهُمُ ٱلَّذِی یَخۡتَلِفُونَ فِیهِ وَلِیَعۡلَمَ ٱلَّذِینَ كَفَرُوۤا۟ أَنَّهُمۡ كَانُوا۟ كَـٰذِبِینَ ﴿39﴾
(পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছিল, সেয়া যাতে সিহঁতৰ ওচৰত স্পষ্ট কৰিব পাৰে, লগতে কাফিৰসকলক এই কথা জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া।
إِنَّمَا قَوۡلُنَا لِشَیۡءٍ إِذَاۤ أَرَدۡنَـٰهُ أَن نَّقُولَ لَهُۥ كُن فَیَكُونُ ﴿40﴾
(জানি থোৱা!) আমি কোনো বস্তুক (অস্তিত্বত আনিবলৈ) ইচ্ছা কৰিলে আমি কেৱল কওঁ যে, ‘হ’; ফলত ই হৈ যায়।
وَٱلَّذِینَ هَاجَرُوا۟ فِی ٱللَّهِ مِنۢ بَعۡدِ مَا ظُلِمُوا۟ لَنُبَوِّئَنَّهُمۡ فِی ٱلدُّنۡیَا حَسَنَةࣰۖ وَلَأَجۡرُ ٱلۡـَٔاخِرَةِ أَكۡبَرُۚ لَوۡ كَانُوا۟ یَعۡلَمُونَ ﴿41﴾
আৰু যিসকলে নিৰ্যাতিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে, নিশ্চয় আমি তেওঁলোকক পৃথিৱীত উত্তম আবাস প্ৰদান কৰিম; আৰু আখিৰাতৰ পুৰস্কাৰ নিশ্চয় ইয়াতকৈও শ্ৰেষ্ঠ। যদি সিহঁতে জানিলেহেঁতেন!
ٱلَّذِینَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمۡ یَتَوَكَّلُونَ ﴿42﴾
যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা (তাৱাক্কুল) কৰে।
وَمَاۤ أَرۡسَلۡنَا مِن قَبۡلِكَ إِلَّا رِجَالࣰا نُّوحِیۤ إِلَیۡهِمۡۖ فَسۡـَٔلُوۤا۟ أَهۡلَ ٱلذِّكۡرِ إِن كُنتُمۡ لَا تَعۡلَمُونَ ﴿43﴾
আৰু আমি তোমাৰ পূৰ্বে কেৱল পুৰুষসকলকেই (ৰাছুল হিচাপে) প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ প্ৰতি আমি অহী পঠিয়াইছিলোঁ, এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক সুধি লোৱা,
بِٱلۡبَیِّنَـٰتِ وَٱلزُّبُرِۗ وَأَنزَلۡنَاۤ إِلَیۡكَ ٱلذِّكۡرَ لِتُبَیِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَیۡهِمۡ وَلَعَلَّهُمۡ یَتَفَكَّرُونَ ﴿44﴾
স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলী সহকাৰে। আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক স্পষ্টভাৱে বুজাই দিব পাৰা যিখন সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।
أَفَأَمِنَ ٱلَّذِینَ مَكَرُوا۟ ٱلسَّیِّـَٔاتِ أَن یَخۡسِفَ ٱللَّهُ بِهِمُ ٱلۡأَرۡضَ أَوۡ یَأۡتِیَهُمُ ٱلۡعَذَابُ مِنۡ حَیۡثُ لَا یَشۡعُرُونَ ﴿45﴾
যিসকলে বেয়া কৰ্ম কৰিবলৈ ষড়যন্ত্ৰ ৰচে, আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈছে নেকি, অথবা উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি?
أَوۡ یَأۡخُذَهُمۡ فِی تَقَلُّبِهِمۡ فَمَا هُم بِمُعۡجِزِینَ ﴿46﴾
অথবা সিহঁতে চলা-ফুৰা কৰা অৱস্থাত তেওঁ সিহঁতক কৰায়ত্ব নকৰিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি? অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব।
أَوۡ یَأۡخُذَهُمۡ عَلَىٰ تَخَوُّفࣲ فَإِنَّ رَبَّكُمۡ لَرَءُوفࣱ رَّحِیمٌ ﴿47﴾
অথবা তেওঁ সিহঁতক ভীত-সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি? নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।
أَوَلَمۡ یَرَوۡا۟ إِلَىٰ مَا خَلَقَ ٱللَّهُ مِن شَیۡءࣲ یَتَفَیَّؤُا۟ ظِلَـٰلُهُۥ عَنِ ٱلۡیَمِینِ وَٱلشَّمَاۤىِٕلِ سُجَّدࣰا لِّلَّهِ وَهُمۡ دَ ٰخِرُونَ ﴿48﴾
সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?
وَلِلَّهِ یَسۡجُدُ مَا فِی ٱلسَّمَـٰوَ ٰتِ وَمَا فِی ٱلۡأَرۡضِ مِن دَاۤبَّةࣲ وَٱلۡمَلَـٰۤىِٕكَةُ وَهُمۡ لَا یَسۡتَكۡبِرُونَ ﴿49﴾
আকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলোৱে কেৱল আল্লাহকেই ছাজদাহ কৰে, তেওঁলোকে অহংকাৰ নকৰে।
یَخَافُونَ رَبَّهُم مِّن فَوۡقِهِمۡ وَیَفۡعَلُونَ مَا یُؤۡمَرُونَ ۩ ﴿50﴾
তেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে।
۞ وَقَالَ ٱللَّهُ لَا تَتَّخِذُوۤا۟ إِلَـٰهَیۡنِ ٱثۡنَیۡنِۖ إِنَّمَا هُوَ إِلَـٰهࣱ وَ ٰحِدࣱ فَإِیَّـٰیَ فَٱرۡهَبُونِ ﴿51﴾
আৰু আল্লাহে কৈছে, ‘তোমালোকে দুজন ইলাহ গ্ৰহণ নকৰিবা; কেৱল তেৱেঁই একমাত্ৰ ইলাহ। গতিকে তোমালোকে কেৱল মোকেই ভয় কৰা’।
وَلَهُۥ مَا فِی ٱلسَّمَـٰوَ ٰتِ وَٱلۡأَرۡضِ وَلَهُ ٱلدِّینُ وَاصِبًاۚ أَفَغَیۡرَ ٱللَّهِ تَتَّقُونَ ﴿52﴾
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য। তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে?
وَمَا بِكُم مِّن نِّعۡمَةࣲ فَمِنَ ٱللَّهِۖ ثُمَّ إِذَا مَسَّكُمُ ٱلضُّرُّ فَإِلَیۡهِ تَجۡـَٔرُونَ ﴿53﴾
আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে। তাৰ পিছত যেতিয়া তোমালোকক দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা।
ثُمَّ إِذَا كَشَفَ ٱلضُّرَّ عَنكُمۡ إِذَا فَرِیقࣱ مِّنكُم بِرَبِّهِمۡ یُشۡرِكُونَ ﴿54﴾
তাৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ দুখ-দৈন্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে নিজ প্ৰতিপালকৰ সৈতে শ্বিৰ্ক কৰে--
لِیَكۡفُرُوا۟ بِمَاۤ ءَاتَیۡنَـٰهُمۡۚ فَتَمَتَّعُوا۟ فَسَوۡفَ تَعۡلَمُونَ ﴿55﴾
আমি সিহঁতক যি প্ৰদান কৰিছোঁ সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।
وَیَجۡعَلُونَ لِمَا لَا یَعۡلَمُونَ نَصِیبࣰا مِّمَّا رَزَقۡنَـٰهُمۡۗ تَٱللَّهِ لَتُسۡـَٔلُنَّ عَمَّا كُنتُمۡ تَفۡتَرُونَ ﴿56﴾
আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছোঁ সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।
وَیَجۡعَلُونَ لِلَّهِ ٱلۡبَنَـٰتِ سُبۡحَـٰنَهُۥ وَلَهُم مَّا یَشۡتَهُونَ ﴿57﴾
আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে--অথচ তেওঁ পৱিত্ৰ, মহিমাময়। আনহাতে সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটোক সিহঁতে পছন্দ কৰে।
وَإِذَا بُشِّرَ أَحَدُهُم بِٱلۡأُنثَىٰ ظَلَّ وَجۡهُهُۥ مُسۡوَدࣰّا وَهُوَ كَظِیمࣱ ﴿58﴾
সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।
یَتَوَ ٰرَىٰ مِنَ ٱلۡقَوۡمِ مِن سُوۤءِ مَا بُشِّرَ بِهِۦۤۚ أَیُمۡسِكُهُۥ عَلَىٰ هُونٍ أَمۡ یَدُسُّهُۥ فِی ٱلتُّرَابِۗ أَلَا سَاۤءَ مَا یَحۡكُمُونَ ﴿59﴾
তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান যে নিকৃষ্ট!
لِلَّذِینَ لَا یُؤۡمِنُونَ بِٱلۡـَٔاخِرَةِ مَثَلُ ٱلسَّوۡءِۖ وَلِلَّهِ ٱلۡمَثَلُ ٱلۡأَعۡلَىٰۚ وَهُوَ ٱلۡعَزِیزُ ٱلۡحَكِیمُ ﴿60﴾
যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, যাৱতীয় বেয়া উদাহৰণ সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
وَلَوۡ یُؤَاخِذُ ٱللَّهُ ٱلنَّاسَ بِظُلۡمِهِم مَّا تَرَكَ عَلَیۡهَا مِن دَاۤبَّةࣲ وَلَـٰكِن یُؤَخِّرُهُمۡ إِلَىٰۤ أَجَلࣲ مُّسَمࣰّىۖ فَإِذَا جَاۤءَ أَجَلُهُمۡ لَا یَسۡتَـٔۡخِرُونَ سَاعَةࣰ وَلَا یَسۡتَقۡدِمُونَ ﴿61﴾
আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূ-পৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও অগা-পিছা কৰিব নোৱাৰে।
وَیَجۡعَلُونَ لِلَّهِ مَا یَكۡرَهُونَۚ وَتَصِفُ أَلۡسِنَتُهُمُ ٱلۡكَذِبَ أَنَّ لَهُمُ ٱلۡحُسۡنَىٰۚ لَا جَرَمَ أَنَّ لَهُمُ ٱلنَّارَ وَأَنَّهُم مُّفۡرَطُونَ ﴿62﴾
আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। নিঃসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।
تَٱللَّهِ لَقَدۡ أَرۡسَلۡنَاۤ إِلَىٰۤ أُمَمࣲ مِّن قَبۡلِكَ فَزَیَّنَ لَهُمُ ٱلشَّیۡطَـٰنُ أَعۡمَـٰلَهُمۡ فَهُوَ وَلِیُّهُمُ ٱلۡیَوۡمَ وَلَهُمۡ عَذَابٌ أَلِیمࣱ ﴿63﴾
আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ; কিন্তু চয়তানে সিহঁতৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপক শোভনীয় কৰি দিছিল, সেয়ে আজি সি হৈছে সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
وَمَاۤ أَنزَلۡنَا عَلَیۡكَ ٱلۡكِتَـٰبَ إِلَّا لِتُبَیِّنَ لَهُمُ ٱلَّذِی ٱخۡتَلَفُوا۟ فِیهِ وَهُدࣰى وَرَحۡمَةࣰ لِّقَوۡمࣲ یُؤۡمِنُونَ ﴿64﴾
আৰু আমি তোমাৰ প্ৰতি কিতাব এইকাৰণে অৱতীৰ্ণ কৰিছোঁ যাতে তুমি সেইসকল লোকক সুস্পষ্টভাৱে বুজাই দিব পাৰা যিসকলে মতভেদ কৰিছে, লগতে এইখন হৈছে মুমিনসকলৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত।
وَٱللَّهُ أَنزَلَ مِنَ ٱلسَّمَاۤءِ مَاۤءࣰ فَأَحۡیَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَاۤۚ إِنَّ فِی ذَ ٰلِكَ لَـَٔایَةࣰ لِّقَوۡمࣲ یَسۡمَعُونَ ﴿65﴾
আৰু আল্লাহেই আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে (আল্লাহৰ) কথা শুনে।
وَإِنَّ لَكُمۡ فِی ٱلۡأَنۡعَـٰمِ لَعِبۡرَةࣰۖ نُّسۡقِیكُم مِّمَّا فِی بُطُونِهِۦ مِنۢ بَیۡنِ فَرۡثࣲ وَدَمࣲ لَّبَنًا خَالِصࣰا سَاۤىِٕغࣰا لِّلشَّـٰرِبِینَ ﴿66﴾
নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক সেৱন কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, যিটো সেৱনকাৰীসকলৰ বাবে অতি তৃপ্তিকৰ।
وَمِن ثَمَرَ ٰتِ ٱلنَّخِیلِ وَٱلۡأَعۡنَـٰبِ تَتَّخِذُونَ مِنۡهُ سَكَرࣰا وَرِزۡقًا حَسَنًاۚ إِنَّ فِی ذَ ٰلِكَ لَـَٔایَةࣰ لِّقَوۡمࣲ یَعۡقِلُونَ ﴿67﴾
আৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা; নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।
وَأَوۡحَىٰ رَبُّكَ إِلَى ٱلنَّحۡلِ أَنِ ٱتَّخِذِی مِنَ ٱلۡجِبَالِ بُیُوتࣰا وَمِنَ ٱلشَّجَرِ وَمِمَّا یَعۡرِشُونَ ﴿68﴾
আৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক প্ৰত্যাদেশ কৰিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজি লোৱা;
ثُمَّ كُلِی مِن كُلِّ ٱلثَّمَرَ ٰتِ فَٱسۡلُكِی سُبُلَ رَبِّكِ ذُلُلࣰاۚ یَخۡرُجُ مِنۢ بُطُونِهَا شَرَابࣱ مُّخۡتَلِفٌ أَلۡوَ ٰنُهُۥ فِیهِ شِفَاۤءࣱ لِّلنَّاسِۚ إِنَّ فِی ذَ ٰلِكَ لَـَٔایَةࣰ لِّقَوۡمࣲ یَتَفَكَّرُونَ ﴿69﴾
‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।
وَٱللَّهُ خَلَقَكُمۡ ثُمَّ یَتَوَفَّىٰكُمۡۚ وَمِنكُم مَّن یُرَدُّ إِلَىٰۤ أَرۡذَلِ ٱلۡعُمُرِ لِكَیۡ لَا یَعۡلَمَ بَعۡدَ عِلۡمࣲ شَیۡـًٔاۚ إِنَّ ٱللَّهَ عَلِیمࣱ قَدِیرࣱ ﴿70﴾
আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাৱান।
وَٱللَّهُ فَضَّلَ بَعۡضَكُمۡ عَلَىٰ بَعۡضࣲ فِی ٱلرِّزۡقِۚ فَمَا ٱلَّذِینَ فُضِّلُوا۟ بِرَاۤدِّی رِزۡقِهِمۡ عَلَىٰ مَا مَلَكَتۡ أَیۡمَـٰنُهُمۡ فَهُمۡ فِیهِ سَوَاۤءٌۚ أَفَبِنِعۡمَةِ ٱللَّهِ یَجۡحَدُونَ ﴿71﴾
আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে, (এইকাৰণে যে,) যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায়। এতেকে সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি?
وَٱللَّهُ جَعَلَ لَكُم مِّنۡ أَنفُسِكُمۡ أَزۡوَ ٰجࣰا وَجَعَلَ لَكُم مِّنۡ أَزۡوَ ٰجِكُم بَنِینَ وَحَفَدَةࣰ وَرَزَقَكُم مِّنَ ٱلطَّیِّبَـٰتِۚ أَفَبِٱلۡبَـٰطِلِ یُؤۡمِنُونَ وَبِنِعۡمَتِ ٱللَّهِ هُمۡ یَكۡفُرُونَ ﴿72﴾
আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সঙ্গিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে?
وَیَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا یَمۡلِكُ لَهُمۡ رِزۡقࣰا مِّنَ ٱلسَّمَـٰوَ ٰتِ وَٱلۡأَرۡضِ شَیۡـࣰٔا وَلَا یَسۡتَطِیعُونَ ﴿73﴾
আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱনোপকৰণ সৰবৰাহ কৰিবলৈ সেই উপাস্যবোৰৰ কোনো ক্ষমতা নাই আৰু কৰিবও নোৱাৰিব।
فَلَا تَضۡرِبُوا۟ لِلَّهِ ٱلۡأَمۡثَالَۚ إِنَّ ٱللَّهَ یَعۡلَمُ وَأَنتُمۡ لَا تَعۡلَمُونَ ﴿74﴾
সেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা। নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।
۞ ضَرَبَ ٱللَّهُ مَثَلًا عَبۡدࣰا مَّمۡلُوكࣰا لَّا یَقۡدِرُ عَلَىٰ شَیۡءࣲ وَمَن رَّزَقۡنَـٰهُ مِنَّا رِزۡقًا حَسَنࣰا فَهُوَ یُنفِقُ مِنۡهُ سِرࣰّا وَجَهۡرًاۖ هَلۡ یَسۡتَوُۥنَۚ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا یَعۡلَمُونَ ﴿75﴾
আল্লাহে উপমা দাঙি ধৰিছে, আনৰ অধিকাৰভূক্ত এজন দাসৰ, যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছোঁ আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে; (এতেকে কোৱাচোন!) উভয় ব্যক্তি সমান হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য; বৰং সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
وَضَرَبَ ٱللَّهُ مَثَلࣰا رَّجُلَیۡنِ أَحَدُهُمَاۤ أَبۡكَمُ لَا یَقۡدِرُ عَلَىٰ شَیۡءࣲ وَهُوَ كَلٌّ عَلَىٰ مَوۡلَىٰهُ أَیۡنَمَا یُوَجِّههُّ لَا یَأۡتِ بِخَیۡرٍ هَلۡ یَسۡتَوِی هُوَ وَمَن یَأۡمُرُ بِٱلۡعَدۡلِ وَهُوَ عَلَىٰ صِرَ ٰطࣲ مُّسۡتَقِیمࣲ ﴿76﴾
আল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰঃ সিহঁতৰ এজন হৈছে বোবা, কোনো বস্তুৰ ওপৰত তাৰ অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বোজা হৈ আছে; য’তেই তাক পঠোৱা নহওক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে; তেনেহ’লে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ’ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে আৰু যিজন আছে সৰল পথত?
وَلِلَّهِ غَیۡبُ ٱلسَّمَـٰوَ ٰتِ وَٱلۡأَرۡضِۚ وَمَاۤ أَمۡرُ ٱلسَّاعَةِ إِلَّا كَلَمۡحِ ٱلۡبَصَرِ أَوۡ هُوَ أَقۡرَبُۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَیۡءࣲ قَدِیرࣱ ﴿77﴾
আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়ৰ। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
وَٱللَّهُ أَخۡرَجَكُم مِّنۢ بُطُونِ أُمَّهَـٰتِكُمۡ لَا تَعۡلَمُونَ شَیۡـࣰٔا وَجَعَلَ لَكُمُ ٱلسَّمۡعَ وَٱلۡأَبۡصَـٰرَ وَٱلۡأَفۡـِٔدَةَ لَعَلَّكُمۡ تَشۡكُرُونَ ﴿78﴾
আৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
أَلَمۡ یَرَوۡا۟ إِلَى ٱلطَّیۡرِ مُسَخَّرَ ٰتࣲ فِی جَوِّ ٱلسَّمَاۤءِ مَا یُمۡسِكُهُنَّ إِلَّا ٱللَّهُۚ إِنَّ فِی ذَ ٰلِكَ لَـَٔایَـٰتࣲ لِّقَوۡمࣲ یُؤۡمِنُونَ ﴿79﴾
সিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন চৰাই-চিৰিকটিৰ প্ৰতি? আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে। নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।
وَٱللَّهُ جَعَلَ لَكُم مِّنۢ بُیُوتِكُمۡ سَكَنࣰا وَجَعَلَ لَكُم مِّن جُلُودِ ٱلۡأَنۡعَـٰمِ بُیُوتࣰا تَسۡتَخِفُّونَهَا یَوۡمَ ظَعۡنِكُمۡ وَیَوۡمَ إِقَامَتِكُمۡ وَمِنۡ أَصۡوَافِهَا وَأَوۡبَارِهَا وَأَشۡعَارِهَاۤ أَثَـٰثࣰا وَمَتَـٰعًا إِلَىٰ حِینࣲ ﴿80﴾
আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল বনাইছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ, তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা। (তেৱেঁই ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰিক-উপকৰণ।
وَٱللَّهُ جَعَلَ لَكُم مِّمَّا خَلَقَ ظِلَـٰلࣰا وَجَعَلَ لَكُم مِّنَ ٱلۡجِبَالِ أَكۡنَـٰنࣰا وَجَعَلَ لَكُمۡ سَرَ ٰبِیلَ تَقِیكُمُ ٱلۡحَرَّ وَسَرَ ٰبِیلَ تَقِیكُم بَأۡسَكُمۡۚ كَذَ ٰلِكَ یُتِمُّ نِعۡمَتَهُۥ عَلَیۡكُمۡ لَعَلَّكُمۡ تُسۡلِمُونَ ﴿81﴾
আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ; যিবোৰে তোমালোকক গৰমৰ তাপৰ পৰা ৰক্ষা কৰে আৰু তেৱেঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে, যিয়ে তোমালোকক যুদ্ধ ক্ষেত্ৰত ৰক্ষা কৰে। এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা।
فَإِن تَوَلَّوۡا۟ فَإِنَّمَا عَلَیۡكَ ٱلۡبَلَـٰغُ ٱلۡمُبِینُ ﴿82﴾
এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।
یَعۡرِفُونَ نِعۡمَتَ ٱللَّهِ ثُمَّ یُنكِرُونَهَا وَأَكۡثَرُهُمُ ٱلۡكَـٰفِرُونَ ﴿83﴾
সিহঁতে আল্লাহৰ নিয়ামতক চিনি পায়; তথাপিও সিহঁতে সেইবোৰক অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে কাফিৰ।
وَیَوۡمَ نَبۡعَثُ مِن كُلِّ أُمَّةࣲ شَهِیدࣰا ثُمَّ لَا یُؤۡذَنُ لِلَّذِینَ كَفَرُوا۟ وَلَا هُمۡ یُسۡتَعۡتَبُونَ ﴿84﴾
আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক (ওজৰ-আপত্তি দাঙি ধৰিবলৈ) অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।
وَإِذَا رَءَا ٱلَّذِینَ ظَلَمُوا۟ ٱلۡعَذَابَ فَلَا یُخَفَّفُ عَنۡهُمۡ وَلَا هُمۡ یُنظَرُونَ ﴿85﴾
আৰু যেতিয়া যালিমসকলে শাস্তি দেখা পাব, তেতিয়া আৰু সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।
وَإِذَا رَءَا ٱلَّذِینَ أَشۡرَكُوا۟ شُرَكَاۤءَهُمۡ قَالُوا۟ رَبَّنَا هَـٰۤؤُلَاۤءِ شُرَكَاۤؤُنَا ٱلَّذِینَ كُنَّا نَدۡعُوا۟ مِن دُونِكَۖ فَأَلۡقَوۡا۟ إِلَیۡهِمُ ٱلۡقَوۡلَ إِنَّكُمۡ لَكَـٰذِبُونَ ﴿86﴾
আৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই হৈছে সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলোঁ, যিসকলক তোমাৰ পৰিবৰ্তে আমি আহ্বান কৰিছিলোঁ’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে ওভতাই দি ক’ব, ‘নিশ্চয় তোমালোক হৈছা মিছলীয়া’।
وَأَلۡقَوۡا۟ إِلَى ٱللَّهِ یَوۡمَىِٕذٍ ٱلسَّلَمَۖ وَضَلَّ عَنۡهُم مَّا كَانُوا۟ یَفۡتَرُونَ ﴿87﴾
সেইদিনা সিহঁতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যিবোৰ মিছা উদ্ভাৱন কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।
ٱلَّذِینَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِیلِ ٱللَّهِ زِدۡنَـٰهُمۡ عَذَابࣰا فَوۡقَ ٱلۡعَذَابِ بِمَا كَانُوا۟ یُفۡسِدُونَ ﴿88﴾
যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।
وَیَوۡمَ نَبۡعَثُ فِی كُلِّ أُمَّةࣲ شَهِیدًا عَلَیۡهِم مِّنۡ أَنفُسِهِمۡۖ وَجِئۡنَا بِكَ شَهِیدًا عَلَىٰ هَـٰۤؤُلَاۤءِۚ وَنَزَّلۡنَا عَلَیۡكَ ٱلۡكِتَـٰبَ تِبۡیَـٰنࣰا لِّكُلِّ شَیۡءࣲ وَهُدࣰى وَرَحۡمَةࣰ وَبُشۡرَىٰ لِلۡمُسۡلِمِینَ ﴿89﴾
(আৰু স্মৰণ কৰা,) যিদিনা আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একো একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা হিচাপে, লগতে মুছলিমসকলৰ বাবে পথ নিৰ্দেশ, ৰহমত আৰু সুসংবাদস্বৰূপে।
۞ إِنَّ ٱللَّهَ یَأۡمُرُ بِٱلۡعَدۡلِ وَٱلۡإِحۡسَـٰنِ وَإِیتَاۤىِٕ ذِی ٱلۡقُرۡبَىٰ وَیَنۡهَىٰ عَنِ ٱلۡفَحۡشَاۤءِ وَٱلۡمُنكَرِ وَٱلۡبَغۡیِۚ یَعِظُكُمۡ لَعَلَّكُمۡ تَذَكَّرُونَ ﴿90﴾
নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে, লগতে তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।
وَأَوۡفُوا۟ بِعَهۡدِ ٱللَّهِ إِذَا عَـٰهَدتُّمۡ وَلَا تَنقُضُوا۟ ٱلۡأَیۡمَـٰنَ بَعۡدَ تَوۡكِیدِهَا وَقَدۡ جَعَلۡتُمُ ٱللَّهَ عَلَیۡكُمۡ كَفِیلًاۚ إِنَّ ٱللَّهَ یَعۡلَمُ مَا تَفۡعَلُونَ ﴿91﴾
আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ পূৰণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ কৰা, আৰু তোমালোকে আল্লাহক সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে।
وَلَا تَكُونُوا۟ كَٱلَّتِی نَقَضَتۡ غَزۡلَهَا مِنۢ بَعۡدِ قُوَّةٍ أَنكَـٰثࣰا تَتَّخِذُونَ أَیۡمَـٰنَكُمۡ دَخَلَۢا بَیۡنَكُمۡ أَن تَكُونَ أُمَّةٌ هِیَ أَرۡبَىٰ مِنۡ أُمَّةٍۚ إِنَّمَا یَبۡلُوكُمُ ٱللَّهُ بِهِۦۚ وَلَیُبَیِّنَنَّ لَكُمۡ یَوۡمَ ٱلۡقِیَـٰمَةِ مَا كُنتُمۡ فِیهِ تَخۡتَلِفُونَ ﴿92﴾
তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যি নাৰীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেই সূতা তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকে তোমালোকৰ শপতক পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।
وَلَوۡ شَاۤءَ ٱللَّهُ لَجَعَلَكُمۡ أُمَّةࣰ وَ ٰحِدَةࣰ وَلَـٰكِن یُضِلُّ مَن یَشَاۤءُ وَیَهۡدِی مَن یَشَاۤءُۚ وَلَتُسۡـَٔلُنَّ عَمَّا كُنتُمۡ تَعۡمَلُونَ ﴿93﴾
আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতিত পৰিণত কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে। তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় তোমালোকক প্ৰশ্ন কৰা হ’ব।
وَلَا تَتَّخِذُوۤا۟ أَیۡمَـٰنَكُمۡ دَخَلَۢا بَیۡنَكُمۡ فَتَزِلَّ قَدَمُۢ بَعۡدَ ثُبُوتِهَا وَتَذُوقُوا۟ ٱلسُّوۤءَ بِمَا صَدَدتُّمۡ عَن سَبِیلِ ٱللَّهِ وَلَكُمۡ عَذَابٌ عَظِیمࣱ ﴿94﴾
আৰু পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে তোমালোকে নিজৰ শপতক ব্যৱহাৰ নকৰিবা; এনে কৰিলে, ভৰি স্থিৰ হোৱাৰ পিছত আকৌ পিচলি যাব আৰু আল্লাহৰ পথত বাধা দিয়াৰ কাৰণে তোমালোকে শাস্তিৰ সোৱাদ গ্ৰহণ কৰিব লাগিব; আৰু তোমালোকৰ বাবে আছে মহাশাস্তি।
وَلَا تَشۡتَرُوا۟ بِعَهۡدِ ٱللَّهِ ثَمَنࣰا قَلِیلًاۚ إِنَّمَا عِندَ ٱللَّهِ هُوَ خَیۡرࣱ لَّكُمۡ إِن كُنتُمۡ تَعۡلَمُونَ ﴿95﴾
আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰক তুচ্ছ মূল্যত বিক্ৰী নকৰিবা। আল্লাহৰ ওচৰত যি আছে সেইটোৱে তোমালোকৰ বাবে উত্তম—(হায়!) যদি তোমালোক জানিলাহেঁতেন!
مَا عِندَكُمۡ یَنفَدُ وَمَا عِندَ ٱللَّهِ بَاقࣲۗ وَلَنَجۡزِیَنَّ ٱلَّذِینَ صَبَرُوۤا۟ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُوا۟ یَعۡمَلُونَ ﴿96﴾
তোমালোকৰ ওচৰত যি আছে সেয়া নিঃশেষ হ’ব আৰু আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে স্থায়ী। সেয়ে যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে, নিশ্চয় আমি তেওঁলোকক তেওঁলোকে যি কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান দান কৰিম।
مَنۡ عَمِلَ صَـٰلِحࣰا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنࣱ فَلَنُحۡیِیَنَّهُۥ حَیَوٰةࣰ طَیِّبَةࣰۖ وَلَنَجۡزِیَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُوا۟ یَعۡمَلُونَ ﴿97﴾
পুৰুষ হওক বা নাৰী ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।
فَإِذَا قَرَأۡتَ ٱلۡقُرۡءَانَ فَٱسۡتَعِذۡ بِٱللَّهِ مِنَ ٱلشَّیۡطَـٰنِ ٱلرَّجِیمِ ﴿98﴾
এতেকে যেতিয়া তুমি কোৰআন পাঠ কৰিবা, তেতিয়া অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা;
إِنَّهُۥ لَیۡسَ لَهُۥ سُلۡطَـٰنٌ عَلَى ٱلَّذِینَ ءَامَنُوا۟ وَعَلَىٰ رَبِّهِمۡ یَتَوَكَّلُونَ ﴿99﴾
নিশ্চয় যিসকলে ঈমান আনিছে আৰু নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে, তেওঁলোকৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।
إِنَّمَا سُلۡطَـٰنُهُۥ عَلَى ٱلَّذِینَ یَتَوَلَّوۡنَهُۥ وَٱلَّذِینَ هُم بِهِۦ مُشۡرِكُونَ ﴿100﴾
তাৰ আধিপত্য কেৱল সেইসকল লোকৰ ওপৰত, যিসকলে তাক অভিভাৱকৰূপে গ্ৰহণ কৰে আৰু যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে।
وَإِذَا بَدَّلۡنَاۤ ءَایَةࣰ مَّكَانَ ءَایَةࣲ وَٱللَّهُ أَعۡلَمُ بِمَا یُنَزِّلُ قَالُوۤا۟ إِنَّمَاۤ أَنتَ مُفۡتَرِۭۚ بَلۡ أَكۡثَرُهُمۡ لَا یَعۡلَمُونَ ﴿101﴾
আৰু আমি যেতিয়া এটা আয়াতৰ স্থান পৰিবৰ্তন কৰি আন এটা আয়াত অৱতীৰ্ণ কৰোঁ—আৰু আল্লাহেই ভালদৰে জানে তেওঁ কি অৱতীৰ্ণ কৰিব--, তেতিয়া সিহঁতে কয়, ‘নিশ্চয় তুমি হৈছা এজন মিছা ৰচনাকাৰী’, বৰং সিহঁতৰ অধিকাংশই নাজানে।
قُلۡ نَزَّلَهُۥ رُوحُ ٱلۡقُدُسِ مِن رَّبِّكَ بِٱلۡحَقِّ لِیُثَبِّتَ ٱلَّذِینَ ءَامَنُوا۟ وَهُدࣰى وَبُشۡرَىٰ لِلۡمُسۡلِمِینَ ﴿102﴾
কোৱা, ‘তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰূহুল-কুদুছে (জীব্ৰীলে) যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে, যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে, আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’।
وَلَقَدۡ نَعۡلَمُ أَنَّهُمۡ یَقُولُونَ إِنَّمَا یُعَلِّمُهُۥ بَشَرࣱۗ لِّسَانُ ٱلَّذِی یُلۡحِدُونَ إِلَیۡهِ أَعۡجَمِیࣱّ وَهَـٰذَا لِسَانٌ عَرَبِیࣱّ مُّبِینٌ ﴿103﴾
আৰু নিশ্চয় আমি জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইংগিত কৰে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।
إِنَّ ٱلَّذِینَ لَا یُؤۡمِنُونَ بِـَٔایَـٰتِ ٱللَّهِ لَا یَهۡدِیهِمُ ٱللَّهُ وَلَهُمۡ عَذَابٌ أَلِیمٌ ﴿104﴾
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, আল্লাহে সিহঁতক হিদায়ত নকৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
إِنَّمَا یَفۡتَرِی ٱلۡكَذِبَ ٱلَّذِینَ لَا یُؤۡمِنُونَ بِـَٔایَـٰتِ ٱللَّهِۖ وَأُو۟لَـٰۤىِٕكَ هُمُ ٱلۡكَـٰذِبُونَ ﴿105﴾
কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, আৰু সিহঁতেই হৈছে মিছলীয়া।
مَن كَفَرَ بِٱللَّهِ مِنۢ بَعۡدِ إِیمَـٰنِهِۦۤ إِلَّا مَنۡ أُكۡرِهَ وَقَلۡبُهُۥ مُطۡمَىِٕنُّۢ بِٱلۡإِیمَـٰنِ وَلَـٰكِن مَّن شَرَحَ بِٱلۡكُفۡرِ صَدۡرࣰا فَعَلَیۡهِمۡ غَضَبࣱ مِّنَ ٱللَّهِ وَلَهُمۡ عَذَابٌ عَظِیمࣱ ﴿106﴾
কোনোবাই ঈমান পোষণ কৰাৰ পিছত যদি তাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ঈমানত অবিচল (তেন্তে তাৰ কোনো দোষ নাই)। কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰী কৰিব, সিহঁতৰ প্ৰতি আপতিত হ’ব আল্লাহৰ গযব আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।
ذَ ٰلِكَ بِأَنَّهُمُ ٱسۡتَحَبُّوا۟ ٱلۡحَیَوٰةَ ٱلدُّنۡیَا عَلَى ٱلۡـَٔاخِرَةِ وَأَنَّ ٱللَّهَ لَا یَهۡدِی ٱلۡقَوۡمَ ٱلۡكَـٰفِرِینَ ﴿107﴾
এইটো এইকাৰণে যে, সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে; আৰু নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।
أُو۟لَـٰۤىِٕكَ ٱلَّذِینَ طَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمۡ وَسَمۡعِهِمۡ وَأَبۡصَـٰرِهِمۡۖ وَأُو۟لَـٰۤىِٕكَ هُمُ ٱلۡغَـٰفِلُونَ ﴿108﴾
ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ অন্তৰত, কাণত আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই হৈছে উদাসীন।
لَا جَرَمَ أَنَّهُمۡ فِی ٱلۡـَٔاخِرَةِ هُمُ ٱلۡخَـٰسِرُونَ ﴿109﴾
নিঃসন্দেহে, এই কথা নিশ্চিত যে, সিহঁতেই আখিৰাতত হ’ব ক্ষতিগ্ৰস্ত।
ثُمَّ إِنَّ رَبَّكَ لِلَّذِینَ هَاجَرُوا۟ مِنۢ بَعۡدِ مَا فُتِنُوا۟ ثُمَّ جَـٰهَدُوا۟ وَصَبَرُوۤا۟ إِنَّ رَبَّكَ مِنۢ بَعۡدِهَا لَغَفُورࣱ رَّحِیمࣱ ﴿110﴾
এতেকে যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে, তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছত তেওঁলোকৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু।
۞ یَوۡمَ تَأۡتِی كُلُّ نَفۡسࣲ تُجَـٰدِلُ عَن نَّفۡسِهَا وَتُوَفَّىٰ كُلُّ نَفۡسࣲ مَّا عَمِلَتۡ وَهُمۡ لَا یُظۡلَمُونَ ﴿111﴾
(স্মৰণ কৰা) সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিফল পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো ধৰণৰ) অন্যায় কৰা নহ’ব।
وَضَرَبَ ٱللَّهُ مَثَلࣰا قَرۡیَةࣰ كَانَتۡ ءَامِنَةࣰ مُّطۡمَىِٕنَّةࣰ یَأۡتِیهَا رِزۡقُهَا رَغَدࣰا مِّن كُلِّ مَكَانࣲ فَكَفَرَتۡ بِأَنۡعُمِ ٱللَّهِ فَأَذَ ٰقَهَا ٱللَّهُ لِبَاسَ ٱلۡجُوعِ وَٱلۡخَوۡفِ بِمَا كَانُوا۟ یَصۡنَعُونَ ﴿112﴾
আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিন্ত, য’ত কেউফালৰ পৰা তাৰ বাবে প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰাইছিল।
وَلَقَدۡ جَاۤءَهُمۡ رَسُولࣱ مِّنۡهُمۡ فَكَذَّبُوهُ فَأَخَذَهُمُ ٱلۡعَذَابُ وَهُمۡ ظَـٰلِمُونَ ﴿113﴾
আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল।
فَكُلُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ حَلَـٰلࣰا طَیِّبࣰا وَٱشۡكُرُوا۟ نِعۡمَتَ ٱللَّهِ إِن كُنتُمۡ إِیَّاهُ تَعۡبُدُونَ ﴿114﴾
এতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ভক্ষণ কৰা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।
إِنَّمَا حَرَّمَ عَلَیۡكُمُ ٱلۡمَیۡتَةَ وَٱلدَّمَ وَلَحۡمَ ٱلۡخِنزِیرِ وَمَاۤ أُهِلَّ لِغَیۡرِ ٱللَّهِ بِهِۦۖ فَمَنِ ٱضۡطُرَّ غَیۡرَ بَاغࣲ وَلَا عَادࣲ فَإِنَّ ٱللَّهَ غَفُورࣱ رَّحِیمࣱ ﴿115﴾
আল্লাহে কেৱল মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে সেইবোৰকহে তোমালোকৰ বাবে হাৰাম কৰিছে, কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ উপায়হীন হ’লে (তাৰ কোনো দোষ নাই) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
وَلَا تَقُولُوا۟ لِمَا تَصِفُ أَلۡسِنَتُكُمُ ٱلۡكَذِبَ هَـٰذَا حَلَـٰلࣱ وَهَـٰذَا حَرَامࣱ لِّتَفۡتَرُوا۟ عَلَى ٱللَّهِ ٱلۡكَذِبَۚ إِنَّ ٱلَّذِینَ یَفۡتَرُونَ عَلَى ٱللَّهِ ٱلۡكَذِبَ لَا یُفۡلِحُونَ ﴿116﴾
আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে।
مَتَـٰعࣱ قَلِیلࣱ وَلَهُمۡ عَذَابٌ أَلِیمࣱ ﴿117﴾
(পাৰ্থিৱ জীৱনত) সিহঁতৰ সুখ-সম্ভোগ অতি সামান্য, (কিন্তু আখিৰাতত) সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
وَعَلَى ٱلَّذِینَ هَادُوا۟ حَرَّمۡنَا مَا قَصَصۡنَا عَلَیۡكَ مِن قَبۡلُۖ وَمَا ظَلَمۡنَـٰهُمۡ وَلَـٰكِن كَانُوۤا۟ أَنفُسَهُمۡ یَظۡلِمُونَ ﴿118﴾
আৰু ইয়াহুদীসকলৰ বাবে আমি কেৱল সেইটোৱে হাৰাম কৰিছোঁ যিটো তোমাৰ ওচৰত আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাছিলোঁ, বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
ثُمَّ إِنَّ رَبَّكَ لِلَّذِینَ عَمِلُوا۟ ٱلسُّوۤءَ بِجَهَـٰلَةࣲ ثُمَّ تَابُوا۟ مِنۢ بَعۡدِ ذَ ٰلِكَ وَأَصۡلَحُوۤا۟ إِنَّ رَبَّكَ مِنۢ بَعۡدِهَا لَغَفُورࣱ رَّحِیمٌ ﴿119﴾
যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে তেওঁলোকৰ বাবে তোমাৰ প্ৰতিপালক নিশ্চয় অতি ক্ষমাশীল, পৰম দয়ালু।
إِنَّ إِبۡرَ ٰهِیمَ كَانَ أُمَّةࣰ قَانِتࣰا لِّلَّهِ حَنِیفࣰا وَلَمۡ یَكُ مِنَ ٱلۡمُشۡرِكِینَ ﴿120﴾
নিশ্চয় ইব্ৰাহীম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত, একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল;
شَاكِرࣰا لِّأَنۡعُمِهِۚ ٱجۡتَبَىٰهُ وَهَدَىٰهُ إِلَىٰ صِرَ ٰطࣲ مُّسۡتَقِیمࣲ ﴿121﴾
তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎপথত পৰিচালিত কৰিছিল।
وَءَاتَیۡنَـٰهُ فِی ٱلدُّنۡیَا حَسَنَةࣰۖ وَإِنَّهُۥ فِی ٱلۡـَٔاخِرَةِ لَمِنَ ٱلصَّـٰلِحِینَ ﴿122﴾
আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলোঁ, আৰু নিশ্চয় তেওঁ আখিৰাততো হ’ব সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত।
ثُمَّ أَوۡحَیۡنَاۤ إِلَیۡكَ أَنِ ٱتَّبِعۡ مِلَّةَ إِبۡرَ ٰهِیمَ حَنِیفࣰاۖ وَمَا كَانَ مِنَ ٱلۡمُشۡرِكِینَ ﴿123﴾
তাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ)ৰ অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।
إِنَّمَا جُعِلَ ٱلسَّبۡتُ عَلَى ٱلَّذِینَ ٱخۡتَلَفُوا۟ فِیهِۚ وَإِنَّ رَبَّكَ لَیَحۡكُمُ بَیۡنَهُمۡ یَوۡمَ ٱلۡقِیَـٰمَةِ فِیمَا كَانُوا۟ فِیهِ یَخۡتَلِفُونَ ﴿124﴾
শনিবাৰ পালন কৰাটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়মাতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিব।
ٱدۡعُ إِلَىٰ سَبِیلِ رَبِّكَ بِٱلۡحِكۡمَةِ وَٱلۡمَوۡعِظَةِ ٱلۡحَسَنَةِۖ وَجَـٰدِلۡهُم بِٱلَّتِی هِیَ أَحۡسَنُۚ إِنَّ رَبَّكَ هُوَ أَعۡلَمُ بِمَن ضَلَّ عَن سَبِیلِهِۦ وَهُوَ أَعۡلَمُ بِٱلۡمُهۡتَدِینَ ﴿125﴾
তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ সৈতে উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেই বিষয়েও তেওঁ অৱগত।
وَإِنۡ عَاقَبۡتُمۡ فَعَاقِبُوا۟ بِمِثۡلِ مَا عُوقِبۡتُم بِهِۦۖ وَلَىِٕن صَبَرۡتُمۡ لَهُوَ خَیۡرࣱ لِّلصَّـٰبِرِینَ ﴿126﴾
যদি তোমালোকে প্ৰতিশোধ গ্ৰহণ কৰা, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে ধৈৰ্য্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।
وَٱصۡبِرۡ وَمَا صَبۡرُكَ إِلَّا بِٱللَّهِۚ وَلَا تَحۡزَنۡ عَلَیۡهِمۡ وَلَا تَكُ فِی ضَیۡقࣲ مِّمَّا یَمۡكُرُونَ ﴿127﴾
আৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য্য কেৱল আল্লাহৰেই সহায়ৰ ফল। তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহ’বা।
إِنَّ ٱللَّهَ مَعَ ٱلَّذِینَ ٱتَّقَوا۟ وَّٱلَّذِینَ هُم مُّحۡسِنُونَ ﴿128﴾
নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।