Main pages

یَـٰۤأَیُّهَا ٱلنَّاسُ ٱتَّقُوا۟ رَبَّكُمۡۚ إِنَّ زَلۡزَلَةَ ٱلسَّاعَةِ شَیۡءٌ عَظِیمࣱ ﴿1﴾

হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!

یَوۡمَ تَرَوۡنَهَا تَذۡهَلُ كُلُّ مُرۡضِعَةٍ عَمَّاۤ أَرۡضَعَتۡ وَتَضَعُ كُلُّ ذَاتِ حَمۡلٍ حَمۡلَهَا وَتَرَى ٱلنَّاسَ سُكَـٰرَىٰ وَمَا هُم بِسُكَـٰرَىٰ وَلَـٰكِنَّ عَذَابَ ٱللَّهِ شَدِیدࣱ ﴿2﴾

যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।

وَمِنَ ٱلنَّاسِ مَن یُجَـٰدِلُ فِی ٱللَّهِ بِغَیۡرِ عِلۡمࣲ وَیَتَّبِعُ كُلَّ شَیۡطَـٰنࣲ مَّرِیدࣲ ﴿3﴾

মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে,

كُتِبَ عَلَیۡهِ أَنَّهُۥ مَن تَوَلَّاهُ فَأَنَّهُۥ یُضِلُّهُۥ وَیَهۡدِیهِ إِلَىٰ عَذَابِ ٱلسَّعِیرِ ﴿4﴾

তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি নিশ্চয় তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।

یَـٰۤأَیُّهَا ٱلنَّاسُ إِن كُنتُمۡ فِی رَیۡبࣲ مِّنَ ٱلۡبَعۡثِ فَإِنَّا خَلَقۡنَـٰكُم مِّن تُرَابࣲ ثُمَّ مِن نُّطۡفَةࣲ ثُمَّ مِنۡ عَلَقَةࣲ ثُمَّ مِن مُّضۡغَةࣲ مُّخَلَّقَةࣲ وَغَیۡرِ مُخَلَّقَةࣲ لِّنُبَیِّنَ لَكُمۡۚ وَنُقِرُّ فِی ٱلۡأَرۡحَامِ مَا نَشَاۤءُ إِلَىٰۤ أَجَلࣲ مُّسَمࣰّى ثُمَّ نُخۡرِجُكُمۡ طِفۡلࣰا ثُمَّ لِتَبۡلُغُوۤا۟ أَشُدَّكُمۡۖ وَمِنكُم مَّن یُتَوَفَّىٰ وَمِنكُم مَّن یُرَدُّ إِلَىٰۤ أَرۡذَلِ ٱلۡعُمُرِ لِكَیۡلَا یَعۡلَمَ مِنۢ بَعۡدِ عِلۡمࣲ شَیۡـࣰٔاۚ وَتَرَى ٱلۡأَرۡضَ هَامِدَةࣰ فَإِذَاۤ أَنزَلۡنَا عَلَیۡهَا ٱلۡمَاۤءَ ٱهۡتَزَّتۡ وَرَبَتۡ وَأَنۢبَتَتۡ مِن كُلِّ زَوۡجِۭ بَهِیجࣲ ﴿5﴾

হে মানৱজাতি! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিব পাৰোঁ। আমাৰ ইচ্ছানুসৰি তাক (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হ’ব পাৰা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয়, আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিডৰা শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;

ذَ ٰ⁠لِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ وَأَنَّهُۥ یُحۡیِ ٱلۡمَوۡتَىٰ وَأَنَّهُۥ عَلَىٰ كُلِّ شَیۡءࣲ قَدِیرࣱ ﴿6﴾

এইটো এইকাৰণে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান;

وَأَنَّ ٱلسَّاعَةَ ءَاتِیَةࣱ لَّا رَیۡبَ فِیهَا وَأَنَّ ٱللَّهَ یَبۡعَثُ مَن فِی ٱلۡقُبُورِ ﴿7﴾

লগতে এইকাৰণেও যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই; আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোককো পুনৰুত্থিত কৰিব।

وَمِنَ ٱلنَّاسِ مَن یُجَـٰدِلُ فِی ٱللَّهِ بِغَیۡرِ عِلۡمࣲ وَلَا هُدࣰى وَلَا كِتَـٰبࣲ مُّنِیرࣲ ﴿8﴾

আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই। তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।

ثَانِیَ عِطۡفِهِۦ لِیُضِلَّ عَن سَبِیلِ ٱللَّهِۖ لَهُۥ فِی ٱلدُّنۡیَا خِزۡیࣱۖ وَنُذِیقُهُۥ یَوۡمَ ٱلۡقِیَـٰمَةِ عَذَابَ ٱلۡحَرِیقِ ﴿9﴾

এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। এনেকুৱা লোকৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।

ذَ ٰ⁠لِكَ بِمَا قَدَّمَتۡ یَدَاكَ وَأَنَّ ٱللَّهَ لَیۡسَ بِظَلَّـٰمࣲ لِّلۡعَبِیدِ ﴿10﴾

(সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, নিশ্চয় আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।

وَمِنَ ٱلنَّاسِ مَن یَعۡبُدُ ٱللَّهَ عَلَىٰ حَرۡفࣲۖ فَإِنۡ أَصَابَهُۥ خَیۡرٌ ٱطۡمَأَنَّ بِهِۦۖ وَإِنۡ أَصَابَتۡهُ فِتۡنَةٌ ٱنقَلَبَ عَلَىٰ وَجۡهِهِۦ خَسِرَ ٱلدُّنۡیَا وَٱلۡـَٔاخِرَةَۚ ذَ ٰ⁠لِكَ هُوَ ٱلۡخُسۡرَانُ ٱلۡمُبِینُ ﴿11﴾

মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া সি প্ৰশান্তি লাভ কৰে আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্বৰ চেহেৰালৈ উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি।

یَدۡعُوا۟ مِن دُونِ ٱللَّهِ مَا لَا یَضُرُّهُۥ وَمَا لَا یَنفَعُهُۥۚ ذَ ٰ⁠لِكَ هُوَ ٱلضَّلَـٰلُ ٱلۡبَعِیدُ ﴿12﴾

সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে হৈছে চৰম পথভ্ৰষ্টতা!

یَدۡعُوا۟ لَمَن ضَرُّهُۥۤ أَقۡرَبُ مِن نَّفۡعِهِۦۚ لَبِئۡسَ ٱلۡمَوۡلَىٰ وَلَبِئۡسَ ٱلۡعَشِیرُ ﴿13﴾

সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈও বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ!

إِنَّ ٱللَّهَ یُدۡخِلُ ٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتࣲ تَجۡرِی مِن تَحۡتِهَا ٱلۡأَنۡهَـٰرُۚ إِنَّ ٱللَّهَ یَفۡعَلُ مَا یُرِیدُ ﴿14﴾

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱেই কৰে।

مَن كَانَ یَظُنُّ أَن لَّن یَنصُرَهُ ٱللَّهُ فِی ٱلدُّنۡیَا وَٱلۡـَٔاخِرَةِ فَلۡیَمۡدُدۡ بِسَبَبٍ إِلَى ٱلسَّمَاۤءِ ثُمَّ لۡیَقۡطَعۡ فَلۡیَنظُرۡ هَلۡ یُذۡهِبَنَّ كَیۡدُهُۥ مَا یَغِیظُ ﴿15﴾

যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) কেতিয়াও ইহকাল আৰু পৰকালত সহায় নকৰিব, সি আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত তাক কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।

وَكَذَ ٰ⁠لِكَ أَنزَلۡنَـٰهُ ءَایَـٰتِۭ بَیِّنَـٰتࣲ وَأَنَّ ٱللَّهَ یَهۡدِی مَن یُرِیدُ ﴿16﴾

এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছোঁ। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে।

إِنَّ ٱلَّذِینَ ءَامَنُوا۟ وَٱلَّذِینَ هَادُوا۟ وَٱلصَّـٰبِـِٔینَ وَٱلنَّصَـٰرَىٰ وَٱلۡمَجُوسَ وَٱلَّذِینَ أَشۡرَكُوۤا۟ إِنَّ ٱللَّهَ یَفۡصِلُ بَیۡنَهُمۡ یَوۡمَ ٱلۡقِیَـٰمَةِۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَیۡءࣲ شَهِیدٌ ﴿17﴾

নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক হৈছে লগতে যিবিলাকে মুশ্বৰিক হৈছে, কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত সম্যক প্ৰত্যক্ষকাৰী।

أَلَمۡ تَرَ أَنَّ ٱللَّهَ یَسۡجُدُ لَهُۥ مَن فِی ٱلسَّمَـٰوَ ٰ⁠تِ وَمَن فِی ٱلۡأَرۡضِ وَٱلشَّمۡسُ وَٱلۡقَمَرُ وَٱلنُّجُومُ وَٱلۡجِبَالُ وَٱلشَّجَرُ وَٱلدَّوَاۤبُّ وَكَثِیرࣱ مِّنَ ٱلنَّاسِۖ وَكَثِیرٌ حَقَّ عَلَیۡهِ ٱلۡعَذَابُۗ وَمَن یُهِنِ ٱللَّهُ فَمَا لَهُۥ مِن مُّكۡرِمٍۚ إِنَّ ٱللَّهَ یَفۡعَلُ مَا یَشَاۤءُ ۩ ﴿18﴾

তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আনহাতে বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে। (ছাজদাহ)

۞ هَـٰذَانِ خَصۡمَانِ ٱخۡتَصَمُوا۟ فِی رَبِّهِمۡۖ فَٱلَّذِینَ كَفَرُوا۟ قُطِّعَتۡ لَهُمۡ ثِیَابࣱ مِّن نَّارࣲ یُصَبُّ مِن فَوۡقِ رُءُوسِهِمُ ٱلۡحَمِیمُ ﴿19﴾

এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।

یُصۡهَرُ بِهِۦ مَا فِی بُطُونِهِمۡ وَٱلۡجُلُودُ ﴿20﴾

ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে তাক, লগতে সিহঁতৰ ছালবোৰক বিগলিত কৰা হ’ব।

وَلَهُم مَّقَـٰمِعُ مِنۡ حَدِیدࣲ ﴿21﴾

আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতুৰী।

كُلَّمَاۤ أَرَادُوۤا۟ أَن یَخۡرُجُوا۟ مِنۡهَا مِنۡ غَمٍّ أُعِیدُوا۟ فِیهَا وَذُوقُوا۟ عَذَابَ ٱلۡحَرِیقِ ﴿22﴾

যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব, তেতিয়াই সিহঁতক তালৈকে ওভতাই দিয়া হ’ব; আৰু (সিহঁতক কোৱা হ’ব,) ‘ভোগ কৰা দহন যন্ত্ৰণা’।

إِنَّ ٱللَّهَ یُدۡخِلُ ٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتࣲ تَجۡرِی مِن تَحۡتِهَا ٱلۡأَنۡهَـٰرُ یُحَلَّوۡنَ فِیهَا مِنۡ أَسَاوِرَ مِن ذَهَبࣲ وَلُؤۡلُؤࣰاۖ وَلِبَاسُهُمۡ فِیهَا حَرِیرࣱ ﴿23﴾

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদ দেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা, আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।

وَهُدُوۤا۟ إِلَى ٱلطَّیِّبِ مِنَ ٱلۡقَوۡلِ وَهُدُوۤا۟ إِلَىٰ صِرَ ٰ⁠طِ ٱلۡحَمِیدِ ﴿24﴾

তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।

إِنَّ ٱلَّذِینَ كَفَرُوا۟ وَیَصُدُّونَ عَن سَبِیلِ ٱللَّهِ وَٱلۡمَسۡجِدِ ٱلۡحَرَامِ ٱلَّذِی جَعَلۡنَـٰهُ لِلنَّاسِ سَوَاۤءً ٱلۡعَـٰكِفُ فِیهِ وَٱلۡبَادِۚ وَمَن یُرِدۡ فِیهِ بِإِلۡحَادِۭ بِظُلۡمࣲ نُّذِقۡهُ مِنۡ عَذَابٍ أَلِیمࣲ ﴿25﴾

নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছোঁ, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।

وَإِذۡ بَوَّأۡنَا لِإِبۡرَ ٰ⁠هِیمَ مَكَانَ ٱلۡبَیۡتِ أَن لَّا تُشۡرِكۡ بِی شَیۡـࣰٔا وَطَهِّرۡ بَیۡتِیَ لِلطَّاۤىِٕفِینَ وَٱلۡقَاۤىِٕمِینَ وَٱلرُّكَّعِ ٱلسُّجُودِ ﴿26﴾

আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমৰ বাবে ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ, তেতিয়া কৈছিলোঁ, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।

وَأَذِّن فِی ٱلنَّاسِ بِٱلۡحَجِّ یَأۡتُوكَ رِجَالࣰا وَعَلَىٰ كُلِّ ضَامِرࣲ یَأۡتِینَ مِن كُلِّ فَجٍّ عَمِیقࣲ ﴿27﴾

‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;

لِّیَشۡهَدُوا۟ مَنَـٰفِعَ لَهُمۡ وَیَذۡكُرُوا۟ ٱسۡمَ ٱللَّهِ فِیۤ أَیَّامࣲ مَّعۡلُومَـٰتٍ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِیمَةِ ٱلۡأَنۡعَـٰمِۖ فَكُلُوا۟ مِنۡهَا وَأَطۡعِمُوا۟ ٱلۡبَاۤىِٕسَ ٱلۡفَقِیرَ ﴿28﴾

‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি জবেহ) কৰিব পাৰে। এতেকে (সেই কুৰাবনীৰ পৰা) তোমালোকে নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।

ثُمَّ لۡیَقۡضُوا۟ تَفَثَهُمۡ وَلۡیُوفُوا۟ نُذُورَهُمۡ وَلۡیَطَّوَّفُوا۟ بِٱلۡبَیۡتِ ٱلۡعَتِیقِ ﴿29﴾

‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে, লগতে প্ৰাচীন (কা’বা) ঘৰৰ তাৱাফ কৰে’।

ذَ ٰ⁠لِكَۖ وَمَن یُعَظِّمۡ حُرُمَـٰتِ ٱللَّهِ فَهُوَ خَیۡرࣱ لَّهُۥ عِندَ رَبِّهِۦۗ وَأُحِلَّتۡ لَكُمُ ٱلۡأَنۡعَـٰمُ إِلَّا مَا یُتۡلَىٰ عَلَیۡكُمۡۖ فَٱجۡتَنِبُوا۟ ٱلرِّجۡسَ مِنَ ٱلۡأَوۡثَـٰنِ وَٱجۡتَنِبُوا۟ قَوۡلَ ٱلزُّورِ ﴿30﴾

এইটোৱে বিধান, যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰ হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা আঁতৰি থাকা আৰু মিছা কথা বৰ্জন কৰা।

حُنَفَاۤءَ لِلَّهِ غَیۡرَ مُشۡرِكِینَ بِهِۦۚ وَمَن یُشۡرِكۡ بِٱللَّهِ فَكَأَنَّمَا خَرَّ مِنَ ٱلسَّمَاۤءِ فَتَخۡطَفُهُ ٱلطَّیۡرُ أَوۡ تَهۡوِی بِهِ ٱلرِّیحُ فِی مَكَانࣲ سَحِیقࣲ ﴿31﴾

আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি (উক্ত কামবোৰ কৰা)। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে, (তাৰ অৱস্থা হৈছে এনেকুৱা) সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল, নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।

ذَ ٰ⁠لِكَۖ وَمَن یُعَظِّمۡ شَعَـٰۤىِٕرَ ٱللَّهِ فَإِنَّهَا مِن تَقۡوَى ٱلۡقُلُوبِ ﴿32﴾

এইটোৱে হৈছে আল্লাহৰ বিধান, আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে, নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাক্বৱাৰ বহিঃপ্ৰকাশ।

لَكُمۡ فِیهَا مَنَـٰفِعُ إِلَىٰۤ أَجَلࣲ مُّسَمࣰّى ثُمَّ مَحِلُّهَاۤ إِلَى ٱلۡبَیۡتِ ٱلۡعَتِیقِ ﴿33﴾

এই (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰখনৰ নিকটৱৰ্তী ঠাইত।

وَلِكُلِّ أُمَّةࣲ جَعَلۡنَا مَنسَكࣰا لِّیَذۡكُرُوا۟ ٱسۡمَ ٱللَّهِ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِیمَةِ ٱلۡأَنۡعَـٰمِۗ فَإِلَـٰهُكُمۡ إِلَـٰهࣱ وَ ٰ⁠حِدࣱ فَلَهُۥۤ أَسۡلِمُوا۟ۗ وَبَشِّرِ ٱلۡمُخۡبِتِینَ ﴿34﴾

আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে কুৰবানীৰ নিয়ম বনাই দিছোঁ; আমি সিহঁতক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছোঁ, (জবেহ কৰাৰ সময়ত) সেইবোৰৰ ওপৰত যাতে তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ হৈছে কেৱল একক ইলাহ, সেয়ে তোমালোকে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীত লোকসকলক,

ٱلَّذِینَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتۡ قُلُوبُهُمۡ وَٱلصَّـٰبِرِینَ عَلَىٰ مَاۤ أَصَابَهُمۡ وَٱلۡمُقِیمِی ٱلصَّلَوٰةِ وَمِمَّا رَزَقۡنَـٰهُمۡ یُنفِقُونَ ﴿35﴾

যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা দান কৰে।

وَٱلۡبُدۡنَ جَعَلۡنَـٰهَا لَكُم مِّن شَعَـٰۤىِٕرِ ٱللَّهِ لَكُمۡ فِیهَا خَیۡرࣱۖ فَٱذۡكُرُوا۟ ٱسۡمَ ٱللَّهِ عَلَیۡهَا صَوَاۤفَّۖ فَإِذَا وَجَبَتۡ جُنُوبُهَا فَكُلُوا۟ مِنۡهَا وَأَطۡعِمُوا۟ ٱلۡقَانِعَ وَٱلۡمُعۡتَرَّۚ كَذَ ٰ⁠لِكَ سَخَّرۡنَـٰهَا لَكُمۡ لَعَلَّكُمۡ تَشۡكُرُونَ ﴿36﴾

আৰু (কুৰবানীৰ) উটক আমি আল্লাহৰ (দ্বীনৰ) প্ৰতীকসমূহৰ মাজত অন্যতম প্ৰতীক বনাইছোঁ, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি নহৰ) কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যাব, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্য্যশীল অভাৱগ্ৰস্তক লগতে সহায়প্ৰাৰ্থী নিচলাসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

لَن یَنَالَ ٱللَّهَ لُحُومُهَا وَلَا دِمَاۤؤُهَا وَلَـٰكِن یَنَالُهُ ٱلتَّقۡوَىٰ مِنكُمۡۚ كَذَ ٰ⁠لِكَ سَخَّرَهَا لَكُمۡ لِتُكَبِّرُوا۟ ٱللَّهَ عَلَىٰ مَا هَدَىٰكُمۡۗ وَبَشِّرِ ٱلۡمُحۡسِنِینَ ﴿37﴾

সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, কাৰণ তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।

۞ إِنَّ ٱللَّهَ یُدَ ٰ⁠فِعُ عَنِ ٱلَّذِینَ ءَامَنُوۤا۟ۗ إِنَّ ٱللَّهَ لَا یُحِبُّ كُلَّ خَوَّانࣲ كَفُورٍ ﴿38﴾

নিশ্চয় আল্লাহে মুমিনসকলক (তেওঁলোকৰ শত্ৰুৰ পৰা) প্ৰতিৰক্ষা দি থাকে, নিশ্চয় তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।

أُذِنَ لِلَّذِینَ یُقَـٰتَلُونَ بِأَنَّهُمۡ ظُلِمُوا۟ۚ وَإِنَّ ٱللَّهَ عَلَىٰ نَصۡرِهِمۡ لَقَدِیرٌ ﴿39﴾

যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক, যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;

ٱلَّذِینَ أُخۡرِجُوا۟ مِن دِیَـٰرِهِم بِغَیۡرِ حَقٍّ إِلَّاۤ أَن یَقُولُوا۟ رَبُّنَا ٱللَّهُۗ وَلَوۡلَا دَفۡعُ ٱللَّهِ ٱلنَّاسَ بَعۡضَهُم بِبَعۡضࣲ لَّهُدِّمَتۡ صَوَ ٰ⁠مِعُ وَبِیَعࣱ وَصَلَوَ ٰ⁠تࣱ وَمَسَـٰجِدُ یُذۡكَرُ فِیهَا ٱسۡمُ ٱللَّهِ كَثِیرࣰاۗ وَلَیَنصُرَنَّ ٱللَّهُ مَن یَنصُرُهُۥۤۚ إِنَّ ٱللَّهَ لَقَوِیٌّ عَزِیزٌ ﴿40﴾

তেওঁলোকক নিজৰ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে আছিল যে, তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

ٱلَّذِینَ إِن مَّكَّنَّـٰهُمۡ فِی ٱلۡأَرۡضِ أَقَامُوا۟ ٱلصَّلَوٰةَ وَءَاتَوُا۟ ٱلزَّكَوٰةَ وَأَمَرُوا۟ بِٱلۡمَعۡرُوفِ وَنَهَوۡا۟ عَنِ ٱلۡمُنكَرِۗ وَلِلَّهِ عَـٰقِبَةُ ٱلۡأُمُورِ ﴿41﴾

এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।

وَإِن یُكَذِّبُوكَ فَقَدۡ كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحࣲ وَعَادࣱ وَثَمُودُ ﴿42﴾

আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,

وَقَوۡمُ إِبۡرَ ٰ⁠هِیمَ وَقَوۡمُ لُوطࣲ ﴿43﴾

লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল),

وَأَصۡحَـٰبُ مَدۡیَنَۖ وَكُذِّبَ مُوسَىٰۖ فَأَمۡلَیۡتُ لِلۡكَـٰفِرِینَ ثُمَّ أَخَذۡتُهُمۡۖ فَكَیۡفَ كَانَ نَكِیرِ ﴿44﴾

আৰু মাদাইনৰ অধিবাসীবিলাকেও (অস্বীকাৰ কৰিছিল)। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলোঁ, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলোঁ। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা (ভয়ংকৰ) আছিল!

فَكَأَیِّن مِّن قَرۡیَةٍ أَهۡلَكۡنَـٰهَا وَهِیَ ظَالِمَةࣱ فَهِیَ خَاوِیَةٌ عَلَىٰ عُرُوشِهَا وَبِئۡرࣲ مُّعَطَّلَةࣲ وَقَصۡرࣲ مَّشِیدٍ ﴿45﴾

আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰাসাদ ধ্বংস হৈছে!

أَفَلَمۡ یَسِیرُوا۟ فِی ٱلۡأَرۡضِ فَتَكُونَ لَهُمۡ قُلُوبࣱ یَعۡقِلُونَ بِهَاۤ أَوۡ ءَاذَانࣱ یَسۡمَعُونَ بِهَاۖ فَإِنَّهَا لَا تَعۡمَى ٱلۡأَبۡصَـٰرُ وَلَـٰكِن تَعۡمَى ٱلۡقُلُوبُ ٱلَّتِی فِی ٱلصُّدُورِ ﴿46﴾

সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।

وَیَسۡتَعۡجِلُونَكَ بِٱلۡعَذَابِ وَلَن یُخۡلِفَ ٱللَّهُ وَعۡدَهُۥۚ وَإِنَّ یَوۡمًا عِندَ رَبِّكَ كَأَلۡفِ سَنَةࣲ مِّمَّا تَعُدُّونَ ﴿47﴾

আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন, তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;

وَكَأَیِّن مِّن قَرۡیَةٍ أَمۡلَیۡتُ لَهَا وَهِیَ ظَالِمَةࣱ ثُمَّ أَخَذۡتُهَا وَإِلَیَّ ٱلۡمَصِیرُ ﴿48﴾

আৰু আমি বহুতো জনপদক অৱকাশ দিছিলোঁ অথচ সিহঁত আছিল অত্যাচাৰী, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।

قُلۡ یَـٰۤأَیُّهَا ٱلنَّاسُ إِنَّمَاۤ أَنَا۠ لَكُمۡ نَذِیرࣱ مُّبِینࣱ ﴿49﴾

কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰীহে’;

فَٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُم مَّغۡفِرَةࣱ وَرِزۡقࣱ كَرِیمࣱ ﴿50﴾

এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা;

وَٱلَّذِینَ سَعَوۡا۟ فِیۤ ءَایَـٰتِنَا مُعَـٰجِزِینَ أُو۟لَـٰۤىِٕكَ أَصۡحَـٰبُ ٱلۡجَحِیمِ ﴿51﴾

আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।

وَمَاۤ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رَّسُولࣲ وَلَا نَبِیٍّ إِلَّاۤ إِذَا تَمَنَّىٰۤ أَلۡقَى ٱلشَّیۡطَـٰنُ فِیۤ أُمۡنِیَّتِهِۦ فَیَنسَخُ ٱللَّهُ مَا یُلۡقِی ٱلشَّیۡطَـٰنُ ثُمَّ یُحۡكِمُ ٱللَّهُ ءَایَـٰتِهِۦۗ وَٱللَّهُ عَلِیمٌ حَكِیمࣱ ﴿52﴾

আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ কোনোবাই যেতিয়া (অহীৰ বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

لِّیَجۡعَلَ مَا یُلۡقِی ٱلشَّیۡطَـٰنُ فِتۡنَةࣰ لِّلَّذِینَ فِی قُلُوبِهِم مَّرَضࣱ وَٱلۡقَاسِیَةِ قُلُوبُهُمۡۗ وَإِنَّ ٱلظَّـٰلِمِینَ لَفِی شِقَاقِۭ بَعِیدࣲ ﴿53﴾

এইটো এইকাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেইটোক তেওঁ সেইসকল লোকৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যাধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে।

وَلِیَعۡلَمَ ٱلَّذِینَ أُوتُوا۟ ٱلۡعِلۡمَ أَنَّهُ ٱلۡحَقُّ مِن رَّبِّكَ فَیُؤۡمِنُوا۟ بِهِۦ فَتُخۡبِتَ لَهُۥ قُلُوبُهُمۡۗ وَإِنَّ ٱللَّهَ لَهَادِ ٱلَّذِینَ ءَامَنُوۤا۟ إِلَىٰ صِرَ ٰ⁠طࣲ مُّسۡتَقِیمࣲ ﴿54﴾

আৰু এইটো এইবাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে তেওঁলোকে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত তেওঁলোকে যেন ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু তেওঁলোকৰ অন্তৰ যেন ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।

وَلَا یَزَالُ ٱلَّذِینَ كَفَرُوا۟ فِی مِرۡیَةࣲ مِّنۡهُ حَتَّىٰ تَأۡتِیَهُمُ ٱلسَّاعَةُ بَغۡتَةً أَوۡ یَأۡتِیَهُمۡ عَذَابُ یَوۡمٍ عَقِیمٍ ﴿55﴾

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে কিয়ামত নহালৈকে অথবা সিহঁতৰ ওচৰলৈ এটা বন্ধ্যা দিনৰ শাস্তি নহালৈকে।

ٱلۡمُلۡكُ یَوۡمَىِٕذࣲ لِّلَّهِ یَحۡكُمُ بَیۡنَهُمۡۚ فَٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فِی جَنَّـٰتِ ٱلنَّعِیمِ ﴿56﴾

সেইদিনা কেৱল আল্লাহৰেই আধিপত্য থাকিব; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।

وَٱلَّذِینَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔایَـٰتِنَا فَأُو۟لَـٰۤىِٕكَ لَهُمۡ عَذَابࣱ مُّهِینࣱ ﴿57﴾

আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।

وَٱلَّذِینَ هَاجَرُوا۟ فِی سَبِیلِ ٱللَّهِ ثُمَّ قُتِلُوۤا۟ أَوۡ مَاتُوا۟ لَیَرۡزُقَنَّهُمُ ٱللَّهُ رِزۡقًا حَسَنࣰاۚ وَإِنَّ ٱللَّهَ لَهُوَ خَیۡرُ ٱلرَّ ٰ⁠زِقِینَ ﴿58﴾

আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত (শত্ৰুৰ হাতত) নিহত হৈছে নাইবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক নিশ্চিতভাৱে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।

لَیُدۡخِلَنَّهُم مُّدۡخَلࣰا یَرۡضَوۡنَهُۥۚ وَإِنَّ ٱللَّهَ لَعَلِیمٌ حَلِیمࣱ ﴿59﴾

তেওঁ নিশ্চয় তেওঁলোকক এনেকুৱা এটা স্থানত প্ৰৱেশ কৰাব, যিটোক তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।

۞ ذَ ٰ⁠لِكَۖ وَمَنۡ عَاقَبَ بِمِثۡلِ مَا عُوقِبَ بِهِۦ ثُمَّ بُغِیَ عَلَیۡهِ لَیَنصُرَنَّهُ ٱللَّهُۚ إِنَّ ٱللَّهَ لَعَفُوٌّ غَفُورࣱ ﴿60﴾

এইটোৱেই হৈছে প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ (যদি) সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

ذَ ٰ⁠لِكَ بِأَنَّ ٱللَّهَ یُولِجُ ٱلَّیۡلَ فِی ٱلنَّهَارِ وَیُولِجُ ٱلنَّهَارَ فِی ٱلَّیۡلِ وَأَنَّ ٱللَّهَ سَمِیعُۢ بَصِیرࣱ ﴿61﴾

এইটো এইকাৰণে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্ব শ্ৰোতা, সৰ্ব দ্ৰষ্টা,

ذَ ٰ⁠لِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ وَأَنَّ مَا یَدۡعُونَ مِن دُونِهِۦ هُوَ ٱلۡبَـٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلۡعَلِیُّ ٱلۡكَبِیرُ ﴿62﴾

আৰু এইকাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলোবোৰ হৈছে অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।

أَلَمۡ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَاۤءِ مَاۤءࣰ فَتُصۡبِحُ ٱلۡأَرۡضُ مُخۡضَرَّةًۚ إِنَّ ٱللَّهَ لَطِیفٌ خَبِیرࣱ ﴿63﴾

তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।

لَّهُۥ مَا فِی ٱلسَّمَـٰوَ ٰ⁠تِ وَمَا فِی ٱلۡأَرۡضِۚ وَإِنَّ ٱللَّهَ لَهُوَ ٱلۡغَنِیُّ ٱلۡحَمِیدُ ﴿64﴾

আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।

أَلَمۡ تَرَ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِی ٱلۡأَرۡضِ وَٱلۡفُلۡكَ تَجۡرِی فِی ٱلۡبَحۡرِ بِأَمۡرِهِۦ وَیُمۡسِكُ ٱلسَّمَاۤءَ أَن تَقَعَ عَلَى ٱلۡأَرۡضِ إِلَّا بِإِذۡنِهِۦۤۚ إِنَّ ٱللَّهَ بِٱلنَّاسِ لَرَءُوفࣱ رَّحِیمࣱ ﴿65﴾

তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতি নোহোৱাকৈ পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহশীল, পৰম দয়ালু।

وَهُوَ ٱلَّذِیۤ أَحۡیَاكُمۡ ثُمَّ یُمِیتُكُمۡ ثُمَّ یُحۡیِیكُمۡۗ إِنَّ ٱلۡإِنسَـٰنَ لَكَفُورࣱ ﴿66﴾

তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।

لِّكُلِّ أُمَّةࣲ جَعَلۡنَا مَنسَكًا هُمۡ نَاسِكُوهُۖ فَلَا یُنَـٰزِعُنَّكَ فِی ٱلۡأَمۡرِۚ وَٱدۡعُ إِلَىٰ رَبِّكَۖ إِنَّكَ لَعَلَىٰ هُدࣰى مُّسۡتَقِیمࣲ ﴿67﴾

আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।

وَإِن جَـٰدَلُوكَ فَقُلِ ٱللَّهُ أَعۡلَمُ بِمَا تَعۡمَلُونَ ﴿68﴾

আৰু সিহঁতে যদি তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।

ٱللَّهُ یَحۡكُمُ بَیۡنَكُمۡ یَوۡمَ ٱلۡقِیَـٰمَةِ فِیمَا كُنتُمۡ فِیهِ تَخۡتَلِفُونَ ﴿69﴾

‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।

أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ یَعۡلَمُ مَا فِی ٱلسَّمَاۤءِ وَٱلۡأَرۡضِۚ إِنَّ ذَ ٰ⁠لِكَ فِی كِتَـٰبٍۚ إِنَّ ذَ ٰ⁠لِكَ عَلَى ٱللَّهِ یَسِیرࣱ ﴿70﴾

তুমি নাজানানে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো বিষয়ে আল্লাহ অৱগত। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।

وَیَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَمۡ یُنَزِّلۡ بِهِۦ سُلۡطَـٰنࣰا وَمَا لَیۡسَ لَهُم بِهِۦ عِلۡمࣱۗ وَمَا لِلظَّـٰلِمِینَ مِن نَّصِیرࣲ ﴿71﴾

আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলিল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞানো নাই। (জানি থোৱা) যালিমসকলৰ কোনো সহায়কাৰী নাই।

وَإِذَا تُتۡلَىٰ عَلَیۡهِمۡ ءَایَـٰتُنَا بَیِّنَـٰتࣲ تَعۡرِفُ فِی وُجُوهِ ٱلَّذِینَ كَفَرُوا۟ ٱلۡمُنكَرَۖ یَكَادُونَ یَسۡطُونَ بِٱلَّذِینَ یَتۡلُونَ عَلَیۡهِمۡ ءَایَـٰتِنَاۗ قُلۡ أَفَأُنَبِّئُكُم بِشَرࣲّ مِّن ذَ ٰ⁠لِكُمُۚ ٱلنَّارُ وَعَدَهَا ٱللَّهُ ٱلَّذِینَ كَفَرُوا۟ۖ وَبِئۡسَ ٱلۡمَصِیرُ ﴿72﴾

আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহক সিহঁতৰ ওচৰত তিলাৱত কৰে, তেওঁলোকক সিহঁতে আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই (জাহান্নাম)। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’

یَـٰۤأَیُّهَا ٱلنَّاسُ ضُرِبَ مَثَلࣱ فَٱسۡتَمِعُوا۟ لَهُۥۤۚ إِنَّ ٱلَّذِینَ تَدۡعُونَ مِن دُونِ ٱللَّهِ لَن یَخۡلُقُوا۟ ذُبَابࣰا وَلَوِ ٱجۡتَمَعُوا۟ لَهُۥۖ وَإِن یَسۡلُبۡهُمُ ٱلذُّبَابُ شَیۡـࣰٔا لَّا یَسۡتَنقِذُوهُ مِنۡهُۚ ضَعُفَ ٱلطَّالِبُ وَٱلۡمَطۡلُوبُ ﴿73﴾

হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, তোমালোকে মনোযোগ সহকাৰে শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু এটা কাঢ়ি নিয়ে, তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটোক উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।

مَا قَدَرُوا۟ ٱللَّهَ حَقَّ قَدۡرِهِۦۤۚ إِنَّ ٱللَّهَ لَقَوِیٌّ عَزِیزٌ ﴿74﴾

সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, মহাপৰাক্ৰমশালী।

ٱللَّهُ یَصۡطَفِی مِنَ ٱلۡمَلَـٰۤىِٕكَةِ رُسُلࣰا وَمِنَ ٱلنَّاسِۚ إِنَّ ٱللَّهَ سَمِیعُۢ بَصِیرࣱ ﴿75﴾

আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

یَعۡلَمُ مَا بَیۡنَ أَیۡدِیهِمۡ وَمَا خَلۡفَهُمۡۚ وَإِلَى ٱللَّهِ تُرۡجَعُ ٱلۡأُمُورُ ﴿76﴾

তেওঁলোকৰ সন্মুখত আৰু পিছত যি যি আছে সেই সকলো তেওঁ জানে, আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।

یَـٰۤأَیُّهَا ٱلَّذِینَ ءَامَنُوا۟ ٱرۡكَعُوا۟ وَٱسۡجُدُوا۟ وَٱعۡبُدُوا۟ رَبَّكُمۡ وَٱفۡعَلُوا۟ ٱلۡخَیۡرَ لَعَلَّكُمۡ تُفۡلِحُونَ ۩ ﴿77﴾

হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।(ছাজদাহ)

وَجَـٰهِدُوا۟ فِی ٱللَّهِ حَقَّ جِهَادِهِۦۚ هُوَ ٱجۡتَبَىٰكُمۡ وَمَا جَعَلَ عَلَیۡكُمۡ فِی ٱلدِّینِ مِنۡ حَرَجࣲۚ مِّلَّةَ أَبِیكُمۡ إِبۡرَ ٰ⁠هِیمَۚ هُوَ سَمَّىٰكُمُ ٱلۡمُسۡلِمِینَ مِن قَبۡلُ وَفِی هَـٰذَا لِیَكُونَ ٱلرَّسُولُ شَهِیدًا عَلَیۡكُمۡ وَتَكُونُوا۟ شُهَدَاۤءَ عَلَى ٱلنَّاسِۚ فَأَقِیمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَٱعۡتَصِمُوا۟ بِٱللَّهِ هُوَ مَوۡلَىٰكُمۡۖ فَنِعۡمَ ٱلۡمَوۡلَىٰ وَنِعۡمَ ٱلنَّصِیرُ ﴿78﴾

আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ হিচাপে, আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানৱজাতিৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!