Main pages

طسۤمۤ ﴿1﴾

ত্ব-ছীম-মীম।[1]

تِلۡكَ ءَایَـٰتُ ٱلۡكِتَـٰبِ ٱلۡمُبِینِ ﴿2﴾

এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।

لَعَلَّكَ بَـٰخِعࣱ نَّفۡسَكَ أَلَّا یَكُونُوا۟ مُؤۡمِنِینَ ﴿3﴾

সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি দুখতে আত্মঘাতী হৈ পৰিবা।

إِن نَّشَأۡ نُنَزِّلۡ عَلَیۡهِم مِّنَ ٱلسَّمَاۤءِ ءَایَةࣰ فَظَلَّتۡ أَعۡنَـٰقُهُمۡ لَهَا خَـٰضِعِینَ ﴿4﴾

আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোঁহেঁতেন, যাৰ ফলত সেই নিদৰ্শনৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।

وَمَا یَأۡتِیهِم مِّن ذِكۡرࣲ مِّنَ ٱلرَّحۡمَـٰنِ مُحۡدَثٍ إِلَّا كَانُوا۟ عَنۡهُ مُعۡرِضِینَ ﴿5﴾

আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

فَقَدۡ كَذَّبُوا۟ فَسَیَأۡتِیهِمۡ أَنۢبَـٰۤؤُا۟ مَا كَانُوا۟ بِهِۦ یَسۡتَهۡزِءُونَ ﴿6﴾

এতেকে নিশ্চিতভাৱে সিহঁতে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰলৈ শীঘ্ৰেই আহি পৰিব।

أَوَلَمۡ یَرَوۡا۟ إِلَى ٱلۡأَرۡضِ كَمۡ أَنۢبَتۡنَا فِیهَا مِن كُلِّ زَوۡجࣲ كَرِیمٍ ﴿7﴾

সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? তাত আমি সকলো প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ!

إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿8﴾

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿9﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

وَإِذۡ نَادَىٰ رَبُّكَ مُوسَىٰۤ أَنِ ٱئۡتِ ٱلۡقَوۡمَ ٱلظَّـٰلِمِینَ ﴿10﴾

আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,

قَوۡمَ فِرۡعَوۡنَۚ أَلَا یَتَّقُونَ ﴿11﴾

ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰলৈ; সিহঁতে তাক্বৱা অৱলম্বন নকৰিবনে’?

قَالَ رَبِّ إِنِّیۤ أَخَافُ أَن یُكَذِّبُونِ ﴿12﴾

মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।

وَیَضِیقُ صَدۡرِی وَلَا یَنطَلِقُ لِسَانِی فَأَرۡسِلۡ إِلَىٰ هَـٰرُونَ ﴿13﴾

‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।

وَلَهُمۡ عَلَیَّ ذَنۢبࣱ فَأَخَافُ أَن یَقۡتُلُونِ ﴿14﴾

‘লগতে মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।

قَالَ كَلَّاۖ فَٱذۡهَبَا بِـَٔایَـٰتِنَاۤۖ إِنَّا مَعَكُم مُّسۡتَمِعُونَ ﴿15﴾

আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে।

فَأۡتِیَا فِرۡعَوۡنَ فَقُولَاۤ إِنَّا رَسُولُ رَبِّ ٱلۡعَـٰلَمِینَ ﴿16﴾

‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,

أَنۡ أَرۡسِلۡ مَعَنَا بَنِیۤ إِسۡرَ ٰ⁠ۤءِیلَ ﴿17﴾

‘সেয়ে তুমি বনী ইছৰাঈলক আমাৰ লগত যাবলৈ দিয়া’।

قَالَ أَلَمۡ نُرَبِّكَ فِینَا وَلِیدࣰا وَلَبِثۡتَ فِینَا مِنۡ عُمُرِكَ سِنِینَ ﴿18﴾

ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোঁনে? আৰু নিশ্চয় তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতেই অতিবাহিত কৰিছা,

وَفَعَلۡتَ فَعۡلَتَكَ ٱلَّتِی فَعَلۡتَ وَأَنتَ مِنَ ٱلۡكَـٰفِرِینَ ﴿19﴾

‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা, আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।

قَالَ فَعَلۡتُهَاۤ إِذࣰا وَأَنَا۠ مِنَ ٱلضَّاۤلِّینَ ﴿20﴾

মুছাই ক’লে, ‘সেইটো মই তেতিয়াহে কৰিছিলোঁ, যেতিয়া মই পথ ভ্ৰান্ত আছিলোঁ’।

فَفَرَرۡتُ مِنكُمۡ لَمَّا خِفۡتُكُمۡ فَوَهَبَ لِی رَبِّی حُكۡمࣰا وَجَعَلَنِی مِنَ ٱلۡمُرۡسَلِینَ ﴿21﴾

‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।

وَتِلۡكَ نِعۡمَةࣱ تَمُنُّهَا عَلَیَّ أَنۡ عَبَّدتَّ بَنِیۤ إِسۡرَ ٰ⁠ۤءِیلَ ﴿22﴾

‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।

قَالَ فِرۡعَوۡنُ وَمَا رَبُّ ٱلۡعَـٰلَمِینَ ﴿23﴾

ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ প্ৰতিপালক আকৌ কি’?

قَالَ رَبُّ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضِ وَمَا بَیۡنَهُمَاۤۖ إِن كُنتُم مُّوقِنِینَ ﴿24﴾

মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।

قَالَ لِمَنۡ حَوۡلَهُۥۤ أَلَا تَسۡتَمِعُونَ ﴿25﴾

ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?

قَالَ رَبُّكُمۡ وَرَبُّ ءَابَاۤىِٕكُمُ ٱلۡأَوَّلِینَ ﴿26﴾

মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো প্ৰতিপালক’।

قَالَ إِنَّ رَسُولَكُمُ ٱلَّذِیۤ أُرۡسِلَ إِلَیۡكُمۡ لَمَجۡنُونࣱ ﴿27﴾

ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।

قَالَ رَبُّ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ وَمَا بَیۡنَهُمَاۤۖ إِن كُنتُمۡ تَعۡقِلُونَ ﴿28﴾

মুছাই ক’লে, ‘তেৱেঁই পূৱ আৰু পশ্চিমৰ, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে বুজি পোৱা’।

قَالَ لَىِٕنِ ٱتَّخَذۡتَ إِلَـٰهًا غَیۡرِی لَأَجۡعَلَنَّكَ مِنَ ٱلۡمَسۡجُونِینَ ﴿29﴾

ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম’।

قَالَ أَوَلَوۡ جِئۡتُكَ بِشَیۡءࣲ مُّبِینࣲ ﴿30﴾

মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো (নিদৰ্শন) লৈ আহোঁ, তথাপিও (তুমি মোক কাৰৰুদ্ধ কৰিবানে)’?

قَالَ فَأۡتِ بِهِۦۤ إِن كُنتَ مِنَ ٱلصَّـٰدِقِینَ ﴿31﴾

ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।

فَأَلۡقَىٰ عَصَاهُ فَإِذَا هِیَ ثُعۡبَانࣱ مُّبِینࣱ ﴿32﴾

তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।

وَنَزَعَ یَدَهُۥ فَإِذَا هِیَ بَیۡضَاۤءُ لِلنَّـٰظِرِینَ ﴿33﴾

আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।

قَالَ لِلۡمَلَإِ حَوۡلَهُۥۤ إِنَّ هَـٰذَا لَسَـٰحِرٌ عَلِیمࣱ ﴿34﴾

ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।

یُرِیدُ أَن یُخۡرِجَكُم مِّنۡ أَرۡضِكُم بِسِحۡرِهِۦ فَمَاذَا تَأۡمُرُونَ ﴿35﴾

‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কাৰ কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?

قَالُوۤا۟ أَرۡجِهۡ وَأَخَاهُ وَٱبۡعَثۡ فِی ٱلۡمَدَاۤىِٕنِ حَـٰشِرِینَ ﴿36﴾

সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,

یَأۡتُوكَ بِكُلِّ سَحَّارٍ عَلِیمࣲ ﴿37﴾

‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।

فَجُمِعَ ٱلسَّحَرَةُ لِمِیقَـٰتِ یَوۡمࣲ مَّعۡلُومࣲ ﴿38﴾

তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,

وَقِیلَ لِلنَّاسِ هَلۡ أَنتُم مُّجۡتَمِعُونَ ﴿39﴾

আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?

لَعَلَّنَا نَتَّبِعُ ٱلسَّحَرَةَ إِن كَانُوا۟ هُمُ ٱلۡغَـٰلِبِینَ ﴿40﴾

‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’।

فَلَمَّا جَاۤءَ ٱلسَّحَرَةُ قَالُوا۟ لِفِرۡعَوۡنَ أَىِٕنَّ لَنَا لَأَجۡرًا إِن كُنَّا نَحۡنُ ٱلۡغَـٰلِبِینَ ﴿41﴾

এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?

قَالَ نَعَمۡ وَإِنَّكُمۡ إِذࣰا لَّمِنَ ٱلۡمُقَرَّبِینَ ﴿42﴾

ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।

قَالَ لَهُم مُّوسَىٰۤ أَلۡقُوا۟ مَاۤ أَنتُم مُّلۡقُونَ ﴿43﴾

মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।

فَأَلۡقَوۡا۟ حِبَالَهُمۡ وَعِصِیَّهُمۡ وَقَالُوا۟ بِعِزَّةِ فِرۡعَوۡنَ إِنَّا لَنَحۡنُ ٱلۡغَـٰلِبُونَ ﴿44﴾

তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।

فَأَلۡقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِیَ تَلۡقَفُ مَا یَأۡفِكُونَ ﴿45﴾

তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।

فَأُلۡقِیَ ٱلسَّحَرَةُ سَـٰجِدِینَ ﴿46﴾

তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।

قَالُوۤا۟ ءَامَنَّا بِرَبِّ ٱلۡعَـٰلَمِینَ ﴿47﴾

তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি,

رَبِّ مُوسَىٰ وَهَـٰرُونَ ﴿48﴾

‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।

قَالَ ءَامَنتُمۡ لَهُۥ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّهُۥ لَكَبِیرُكُمُ ٱلَّذِی عَلَّمَكُمُ ٱلسِّحۡرَ فَلَسَوۡفَ تَعۡلَمُونَۚ لَأُقَطِّعَنَّ أَیۡدِیَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَـٰفࣲ وَلَأُصَلِّبَنَّكُمۡ أَجۡمَعِینَ ﴿49﴾

ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়েই হৈছে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে তোমালোকে শীঘ্ৰেই ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।

قَالُوا۟ لَا ضَیۡرَۖ إِنَّاۤ إِلَىٰ رَبِّنَا مُنقَلِبُونَ ﴿50﴾

তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।

إِنَّا نَطۡمَعُ أَن یَغۡفِرَ لَنَا رَبُّنَا خَطَـٰیَـٰنَاۤ أَن كُنَّاۤ أَوَّلَ ٱلۡمُؤۡمِنِینَ ﴿51﴾

নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।

۞ وَأَوۡحَیۡنَاۤ إِلَىٰ مُوسَىٰۤ أَنۡ أَسۡرِ بِعِبَادِیۤ إِنَّكُم مُّتَّبَعُونَ ﴿52﴾

আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।

فَأَرۡسَلَ فِرۡعَوۡنُ فِی ٱلۡمَدَاۤىِٕنِ حَـٰشِرِینَ ﴿53﴾

তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,

إِنَّ هَـٰۤؤُلَاۤءِ لَشِرۡذِمَةࣱ قَلِیلُونَ ﴿54﴾

‘(এই বুলি যে,) নিশ্চয় ইহঁত হৈছে ক্ষুদ্ৰ এটা দল,

وَإِنَّهُمۡ لَنَا لَغَاۤىِٕظُونَ ﴿55﴾

‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,

وَإِنَّا لَجَمِیعٌ حَـٰذِرُونَ ﴿56﴾

‘আৰু নিশ্চিতভাৱে আমি সকলোৱে সদায় সতৰ্ক’।

فَأَخۡرَجۡنَـٰهُم مِّن جَنَّـٰتࣲ وَعُیُونࣲ ﴿57﴾

পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ,

وَكُنُوزࣲ وَمَقَامࣲ كَرِیمࣲ ﴿58﴾

লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।

كَذَ ٰ⁠لِكَۖ وَأَوۡرَثۡنَـٰهَا بَنِیۤ إِسۡرَ ٰ⁠ۤءِیلَ ﴿59﴾

এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী।

فَأَتۡبَعُوهُم مُّشۡرِقِینَ ﴿60﴾

সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্ততে তেওঁলোকক চোঁচা ল’লে।

فَلَمَّا تَرَ ٰ⁠ۤءَا ٱلۡجَمۡعَانِ قَالَ أَصۡحَـٰبُ مُوسَىٰۤ إِنَّا لَمُدۡرَكُونَ ﴿61﴾

এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’

قَالَ كَلَّاۤۖ إِنَّ مَعِیَ رَبِّی سَیَهۡدِینِ ﴿62﴾

মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।

فَأَوۡحَیۡنَاۤ إِلَىٰ مُوسَىٰۤ أَنِ ٱضۡرِب بِّعَصَاكَ ٱلۡبَحۡرَۖ فَٱنفَلَقَ فَكَانَ كُلُّ فِرۡقࣲ كَٱلطَّوۡدِ ٱلۡعَظِیمِ ﴿63﴾

তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;

وَأَزۡلَفۡنَا ثَمَّ ٱلۡـَٔاخَرِینَ ﴿64﴾

আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ,

وَأَنجَیۡنَا مُوسَىٰ وَمَن مَّعَهُۥۤ أَجۡمَعِینَ ﴿65﴾

আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকলক,

ثُمَّ أَغۡرَقۡنَا ٱلۡـَٔاخَرِینَ ﴿66﴾

তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।

إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿67﴾

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿68﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

وَٱتۡلُ عَلَیۡهِمۡ نَبَأَ إِبۡرَ ٰ⁠هِیمَ ﴿69﴾

আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।

إِذۡ قَالَ لِأَبِیهِ وَقَوۡمِهِۦ مَا تَعۡبُدُونَ ﴿70﴾

যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?

قَالُوا۟ نَعۡبُدُ أَصۡنَامࣰا فَنَظَلُّ لَهَا عَـٰكِفِینَ ﴿71﴾

সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।

قَالَ هَلۡ یَسۡمَعُونَكُمۡ إِذۡ تَدۡعُونَ ﴿72﴾

তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে শুনা পায়নে?

أَوۡ یَنفَعُونَكُمۡ أَوۡ یَضُرُّونَ ﴿73﴾

‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা অপকাৰ কৰিব পাৰেনে’?

قَالُوا۟ بَلۡ وَجَدۡنَاۤ ءَابَاۤءَنَا كَذَ ٰ⁠لِكَ یَفۡعَلُونَ ﴿74﴾

সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’।

قَالَ أَفَرَءَیۡتُم مَّا كُنتُمۡ تَعۡبُدُونَ ﴿75﴾

ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰি আছা,

أَنتُمۡ وَءَابَاۤؤُكُمُ ٱلۡأَقۡدَمُونَ ﴿76﴾

‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল!

فَإِنَّهُمۡ عَدُوࣱّ لِّیۤ إِلَّا رَبَّ ٱلۡعَـٰلَمِینَ ﴿77﴾

‘সিহঁত আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে।

ٱلَّذِی خَلَقَنِی فَهُوَ یَهۡدِینِ ﴿78﴾

‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।

وَٱلَّذِی هُوَ یُطۡعِمُنِی وَیَسۡقِینِ ﴿79﴾

‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।

وَإِذَا مَرِضۡتُ فَهُوَ یَشۡفِینِ ﴿80﴾

‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।

وَٱلَّذِی یُمِیتُنِی ثُمَّ یُحۡیِینِ ﴿81﴾

‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।

وَٱلَّذِیۤ أَطۡمَعُ أَن یَغۡفِرَ لِی خَطِیۤـَٔتِی یَوۡمَ ٱلدِّینِ ﴿82﴾

‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।

رَبِّ هَبۡ لِی حُكۡمࣰا وَأَلۡحِقۡنِی بِٱلصَّـٰلِحِینَ ﴿83﴾

‘হে মোৰ প্ৰতিপালক! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।

وَٱجۡعَل لِّی لِسَانَ صِدۡقࣲ فِی ٱلۡـَٔاخِرِینَ ﴿84﴾

‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,

وَٱجۡعَلۡنِی مِن وَرَثَةِ جَنَّةِ ٱلنَّعِیمِ ﴿85﴾

‘আৰু মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,

وَٱغۡفِرۡ لِأَبِیۤ إِنَّهُۥ كَانَ مِنَ ٱلضَّاۤلِّینَ ﴿86﴾

‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।

وَلَا تُخۡزِنِی یَوۡمَ یُبۡعَثُونَ ﴿87﴾

‘আৰু (হে মোৰ প্ৰতিপালক!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।

یَوۡمَ لَا یَنفَعُ مَالࣱ وَلَا بَنُونَ ﴿88﴾

‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব;

إِلَّا مَنۡ أَتَى ٱللَّهَ بِقَلۡبࣲ سَلِیمࣲ ﴿89﴾

‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।

وَأُزۡلِفَتِ ٱلۡجَنَّةُ لِلۡمُتَّقِینَ ﴿90﴾

আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,

وَبُرِّزَتِ ٱلۡجَحِیمُ لِلۡغَاوِینَ ﴿91﴾

আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;

وَقِیلَ لَهُمۡ أَیۡنَ مَا كُنتُمۡ تَعۡبُدُونَ ﴿92﴾

সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য (আজি) ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--

مِن دُونِ ٱللَّهِ هَلۡ یَنصُرُونَكُمۡ أَوۡ یَنتَصِرُونَ ﴿93﴾

আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিবনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষমনে?

فَكُبۡكِبُوا۟ فِیهَا هُمۡ وَٱلۡغَاوُۥنَ ﴿94﴾

তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,

وَجُنُودُ إِبۡلِیسَ أَجۡمَعُونَ ﴿95﴾

লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।

قَالُوا۟ وَهُمۡ فِیهَا یَخۡتَصِمُونَ ﴿96﴾

সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,

تَٱللَّهِ إِن كُنَّا لَفِی ضَلَـٰلࣲ مُّبِینٍ ﴿97﴾

‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ,

إِذۡ نُسَوِّیكُم بِرَبِّ ٱلۡعَـٰلَمِینَ ﴿98﴾

‘যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ;

وَمَاۤ أَضَلَّنَاۤ إِلَّا ٱلۡمُجۡرِمُونَ ﴿99﴾

‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,

فَمَا لَنَا مِن شَـٰفِعِینَ ﴿100﴾

‘এতেকে আমাৰ কোনো চুপাৰিছকাৰী নাই’।

وَلَا صَدِیقٍ حَمِیمࣲ ﴿101﴾

‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।

فَلَوۡ أَنَّ لَنَا كَرَّةࣰ فَنَكُونَ مِنَ ٱلۡمُؤۡمِنِینَ ﴿102﴾

‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোঁহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোঁহেঁতেন!’

إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿103﴾

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿104﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِینَ ﴿105﴾

নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ نُوحٌ أَلَا تَتَّقُونَ ﴿106﴾

যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

إِنِّی لَكُمۡ رَسُولٌ أَمِینࣱ ﴿107﴾

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿108﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

وَمَاۤ أَسۡـَٔلُكُمۡ عَلَیۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِیَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَـٰلَمِینَ ﴿109﴾

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿110﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

۞ قَالُوۤا۟ أَنُؤۡمِنُ لَكَ وَٱتَّبَعَكَ ٱلۡأَرۡذَلُونَ ﴿111﴾

সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি, অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ লোকেহে অনুসৰণ কৰিছে’?

قَالَ وَمَا عِلۡمِی بِمَا كَانُوا۟ یَعۡمَلُونَ ﴿112﴾

নূহে ক’লে, ‘সিহঁতে কি কৰে সেই বিষয়ে জনাটো মোৰ কি প্ৰয়োজন?

إِنۡ حِسَابُهُمۡ إِلَّا عَلَىٰ رَبِّیۖ لَوۡ تَشۡعُرُونَ ﴿113﴾

‘সিহঁতৰ হিচাপ লোৱাটো হৈছে মোৰ প্ৰতিপালকৰ কাম; যদি তোমালোকে বুজি পালাহেঁতেন!

وَمَاۤ أَنَا۠ بِطَارِدِ ٱلۡمُؤۡمِنِینَ ﴿114﴾

‘আৰু মুমিনসকলক খেদি পঠিওৱাটোও মোৰ কাম নহয়।

إِنۡ أَنَا۠ إِلَّا نَذِیرࣱ مُّبِینࣱ ﴿115﴾

‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।

قَالُوا۟ لَىِٕن لَّمۡ تَنتَهِ یَـٰنُوحُ لَتَكُونَنَّ مِنَ ٱلۡمَرۡجُومِینَ ﴿116﴾

সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে নিশ্চয় তোমাক শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব’।

قَالَ رَبِّ إِنَّ قَوۡمِی كَذَّبُونِ ﴿117﴾

নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।

فَٱفۡتَحۡ بَیۡنِی وَبَیۡنَهُمۡ فَتۡحࣰا وَنَجِّنِی وَمَن مَّعِیَ مِنَ ٱلۡمُؤۡمِنِینَ ﴿118﴾

‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্টৰূপে মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগত থকা মুমিনসকলক ৰক্ষা কৰা’।

فَأَنجَیۡنَـٰهُ وَمَن مَّعَهُۥ فِی ٱلۡفُلۡكِ ٱلۡمَشۡحُونِ ﴿119﴾

ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ।

ثُمَّ أَغۡرَقۡنَا بَعۡدُ ٱلۡبَاقِینَ ﴿120﴾

তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ।

إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿121﴾

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿122﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

كَذَّبَتۡ عَادٌ ٱلۡمُرۡسَلِینَ ﴿123﴾

আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ هُودٌ أَلَا تَتَّقُونَ ﴿124﴾

যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?

إِنِّی لَكُمۡ رَسُولٌ أَمِینࣱ ﴿125﴾

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿126﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।

وَمَاۤ أَسۡـَٔلُكُمۡ عَلَیۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِیَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَـٰلَمِینَ ﴿127﴾

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

أَتَبۡنُونَ بِكُلِّ رِیعٍ ءَایَةࣰ تَعۡبَثُونَ ﴿128﴾

‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?

وَتَتَّخِذُونَ مَصَانِعَ لَعَلَّكُمۡ تَخۡلُدُونَ ﴿129﴾

‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোকে (পৃথিৱীত) চিৰস্থায়ী হ’বা।

وَإِذَا بَطَشۡتُم بَطَشۡتُمۡ جَبَّارِینَ ﴿130﴾

‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿131﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।

وَٱتَّقُوا۟ ٱلَّذِیۤ أَمَدَّكُم بِمَا تَعۡلَمُونَ ﴿132﴾

‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্ত্বাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।

أَمَدَّكُم بِأَنۡعَـٰمࣲ وَبَنِینَ ﴿133﴾

‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান,

وَجَنَّـٰتࣲ وَعُیُونٍ ﴿134﴾

‘উদ্যান আৰু ঝৰ্ণাসমূহ,

إِنِّیۤ أَخَافُ عَلَیۡكُمۡ عَذَابَ یَوۡمٍ عَظِیمࣲ ﴿135﴾

‘নিশ্চয় মই তোমালোকৰ ওপৰত এটা মহা দিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।

قَالُوا۟ سَوَاۤءٌ عَلَیۡنَاۤ أَوَعَظۡتَ أَمۡ لَمۡ تَكُن مِّنَ ٱلۡوَ ٰ⁠عِظِینَ ﴿136﴾

সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।

إِنۡ هَـٰذَاۤ إِلَّا خُلُقُ ٱلۡأَوَّلِینَ ﴿137﴾

‘এইটো পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতিহে মাত্ৰ।

وَمَا نَحۡنُ بِمُعَذَّبِینَ ﴿138﴾

‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।

فَكَذَّبُوهُ فَأَهۡلَكۡنَـٰهُمۡۚ إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿139﴾

এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿140﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

كَذَّبَتۡ ثَمُودُ ٱلۡمُرۡسَلِینَ ﴿141﴾

ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ صَـٰلِحٌ أَلَا تَتَّقُونَ ﴿142﴾

যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে?

إِنِّی لَكُمۡ رَسُولٌ أَمِینࣱ ﴿143﴾

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿144﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

وَمَاۤ أَسۡـَٔلُكُمۡ عَلَیۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِیَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَـٰلَمِینَ ﴿145﴾

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বাজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

أَتُتۡرَكُونَ فِی مَا هَـٰهُنَاۤ ءَامِنِینَ ﴿146﴾

‘এই পাৰ্থিৱ ভোগ-বিলাসৰ মাজত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?

فِی جَنَّـٰتࣲ وَعُیُونࣲ ﴿147﴾

‘উদ্যান আৰু ঝৰ্ণাসমূহৰ মাজত,

وَزُرُوعࣲ وَنَخۡلࣲ طَلۡعُهَا هَضِیمࣱ ﴿148﴾

‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত?

وَتَنۡحِتُونَ مِنَ ٱلۡجِبَالِ بُیُوتࣰا فَـٰرِهِینَ ﴿149﴾

‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা (সেইবোৰৰ মাজত)।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿150﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

وَلَا تُطِیعُوۤا۟ أَمۡرَ ٱلۡمُسۡرِفِینَ ﴿151﴾

‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,

ٱلَّذِینَ یُفۡسِدُونَ فِی ٱلۡأَرۡضِ وَلَا یُصۡلِحُونَ ﴿152﴾

‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।

قَالُوۤا۟ إِنَّمَاۤ أَنتَ مِنَ ٱلۡمُسَحَّرِینَ ﴿153﴾

সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তবিলাকৰ অন্যতম।

مَاۤ أَنتَ إِلَّا بَشَرࣱ مِّثۡلُنَا فَأۡتِ بِـَٔایَةٍ إِن كُنتَ مِنَ ٱلصَّـٰدِقِینَ ﴿154﴾

‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।

قَالَ هَـٰذِهِۦ نَاقَةࣱ لَّهَا شِرۡبࣱ وَلَكُمۡ شِرۡبُ یَوۡمࣲ مَّعۡلُومࣲ ﴿155﴾

তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।

وَلَا تَمَسُّوهَا بِسُوۤءࣲ فَیَأۡخُذَكُمۡ عَذَابُ یَوۡمٍ عَظِیمࣲ ﴿156﴾

‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।

فَعَقَرُوهَا فَأَصۡبَحُوا۟ نَـٰدِمِینَ ﴿157﴾

তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।

فَأَخَذَهُمُ ٱلۡعَذَابُۚ إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿158﴾

ফলত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿159﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

كَذَّبَتۡ قَوۡمُ لُوطٍ ٱلۡمُرۡسَلِینَ ﴿160﴾

লূত সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ لُوطٌ أَلَا تَتَّقُونَ ﴿161﴾

যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?

إِنِّی لَكُمۡ رَسُولٌ أَمِینࣱ ﴿162﴾

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿163﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

وَمَاۤ أَسۡـَٔلُكُمۡ عَلَیۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِیَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَـٰلَمِینَ ﴿164﴾

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

أَتَأۡتُونَ ٱلذُّكۡرَانَ مِنَ ٱلۡعَـٰلَمِینَ ﴿165﴾

‘সৃষ্টিজগতৰ মাজত (নাৰীসকলক এৰি) তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা নেকি?

وَتَذَرُونَ مَا خَلَقَ لَكُمۡ رَبُّكُم مِّنۡ أَزۡوَ ٰ⁠جِكُمۚ بَلۡ أَنتُمۡ قَوۡمٌ عَادُونَ ﴿166﴾

‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যি স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি আছা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।

قَالُوا۟ لَىِٕن لَّمۡ تَنتَهِ یَـٰلُوطُ لَتَكُونَنَّ مِنَ ٱلۡمُخۡرَجِینَ ﴿167﴾

সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।

قَالَ إِنِّی لِعَمَلِكُم مِّنَ ٱلۡقَالِینَ ﴿168﴾

তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ এই কুকৰ্মক ঘৃণা কৰোঁ।

رَبِّ نَجِّنِی وَأَهۡلِی مِمَّا یَعۡمَلُونَ ﴿169﴾

(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কুকৰ্মৰ পৰা ৰক্ষা কৰা’।

فَنَجَّیۡنَـٰهُ وَأَهۡلَهُۥۤ أَجۡمَعِینَ ﴿170﴾

ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।

إِلَّا عَجُوزࣰا فِی ٱلۡغَـٰبِرِینَ ﴿171﴾

কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

ثُمَّ دَمَّرۡنَا ٱلۡـَٔاخَرِینَ ﴿172﴾

তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ।

وَأَمۡطَرۡنَا عَلَیۡهِم مَّطَرࣰاۖ فَسَاۤءَ مَطَرُ ٱلۡمُنذَرِینَ ﴿173﴾

আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!

إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿174﴾

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿175﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

كَذَّبَ أَصۡحَـٰبُ لۡـَٔیۡكَةِ ٱلۡمُرۡسَلِینَ ﴿176﴾

আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

إِذۡ قَالَ لَهُمۡ شُعَیۡبٌ أَلَا تَتَّقُونَ ﴿177﴾

যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

إِنِّی لَكُمۡ رَسُولٌ أَمِینࣱ ﴿178﴾

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

فَٱتَّقُوا۟ ٱللَّهَ وَأَطِیعُونِ ﴿179﴾

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

وَمَاۤ أَسۡـَٔلُكُمۡ عَلَیۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِیَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَـٰلَمِینَ ﴿180﴾

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

۞ أَوۡفُوا۟ ٱلۡكَیۡلَ وَلَا تَكُونُوا۟ مِنَ ٱلۡمُخۡسِرِینَ ﴿181﴾

‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণৰূপে ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।

وَزِنُوا۟ بِٱلۡقِسۡطَاسِ ٱلۡمُسۡتَقِیمِ ﴿182﴾

‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।

وَلَا تَبۡخَسُوا۟ ٱلنَّاسَ أَشۡیَاۤءَهُمۡ وَلَا تَعۡثَوۡا۟ فِی ٱلۡأَرۡضِ مُفۡسِدِینَ ﴿183﴾

‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।

وَٱتَّقُوا۟ ٱلَّذِی خَلَقَكُمۡ وَٱلۡجِبِلَّةَ ٱلۡأَوَّلِینَ ﴿184﴾

‘আৰু সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।

قَالُوۤا۟ إِنَّمَاۤ أَنتَ مِنَ ٱلۡمُسَحَّرِینَ ﴿185﴾

সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তসকলৰ অন্যতম।

وَمَاۤ أَنتَ إِلَّا بَشَرࣱ مِّثۡلُنَا وَإِن نَّظُنُّكَ لَمِنَ ٱلۡكَـٰذِبِینَ ﴿186﴾

‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাবোঁ।

فَأَسۡقِطۡ عَلَیۡنَا كِسَفࣰا مِّنَ ٱلسَّمَاۤءِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِینَ ﴿187﴾

‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়াচোন’।

قَالَ رَبِّیۤ أَعۡلَمُ بِمَا تَعۡمَلُونَ ﴿188﴾

তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।

فَكَذَّبُوهُ فَأَخَذَهُمۡ عَذَابُ یَوۡمِ ٱلظُّلَّةِۚ إِنَّهُۥ كَانَ عَذَابَ یَوۡمٍ عَظِیمٍ ﴿189﴾

এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।

إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِینَ ﴿190﴾

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِیزُ ٱلرَّحِیمُ ﴿191﴾

আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

وَإِنَّهُۥ لَتَنزِیلُ رَبِّ ٱلۡعَـٰلَمِینَ ﴿192﴾

নিশ্চয় এইখন (কোৰআন) বিশ্বজগতৰ প্ৰতিপালক (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।

نَزَلَ بِهِ ٱلرُّوحُ ٱلۡأَمِینُ ﴿193﴾

বিশ্বস্ত ৰূহে (জীব্ৰীলে) এইখন লৈ অৱতৰণ কৰিছে।

عَلَىٰ قَلۡبِكَ لِتَكُونَ مِنَ ٱلۡمُنذِرِینَ ﴿194﴾

তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।

بِلِسَانٍ عَرَبِیࣲّ مُّبِینࣲ ﴿195﴾

সুস্পষ্ট আৰবী ভাষাত (অৱতীৰ্ণ কৰা হৈছে)।

وَإِنَّهُۥ لَفِی زُبُرِ ٱلۡأَوَّلِینَ ﴿196﴾

আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহতো ইয়াৰ বিষয়ে উল্লেখ আছে।

أَوَلَمۡ یَكُن لَّهُمۡ ءَایَةً أَن یَعۡلَمَهُۥ عُلَمَـٰۤؤُا۟ بَنِیۤ إِسۡرَ ٰ⁠ۤءِیلَ ﴿197﴾

এইখন সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলেও এই বিষয়ে জানে?

وَلَوۡ نَزَّلۡنَـٰهُ عَلَىٰ بَعۡضِ ٱلۡأَعۡجَمِینَ ﴿198﴾

আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোঁহেঁতেন;

فَقَرَأَهُۥ عَلَیۡهِم مَّا كَانُوا۟ بِهِۦ مُؤۡمِنِینَ ﴿199﴾

আৰু সেইখনক তেওঁ সিহঁতৰ সন্মুখত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।

كَذَ ٰ⁠لِكَ سَلَكۡنَـٰهُ فِی قُلُوبِ ٱلۡمُجۡرِمِینَ ﴿200﴾

এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ।

لَا یُؤۡمِنُونَ بِهِۦ حَتَّىٰ یَرَوُا۟ ٱلۡعَذَابَ ٱلۡأَلِیمَ ﴿201﴾

সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।

فَیَأۡتِیَهُم بَغۡتَةࣰ وَهُمۡ لَا یَشۡعُرُونَ ﴿202﴾

এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।

فَیَقُولُوا۟ هَلۡ نَحۡنُ مُنظَرُونَ ﴿203﴾

তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?

أَفَبِعَذَابِنَا یَسۡتَعۡجِلُونَ ﴿204﴾

তথাপিও সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি?

أَفَرَءَیۡتَ إِن مَّتَّعۡنَـٰهُمۡ سِنِینَ ﴿205﴾

তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,

ثُمَّ جَاۤءَهُم مَّا كَانُوا۟ یُوعَدُونَ ﴿206﴾

তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল, সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আহি পৰে,

مَاۤ أَغۡنَىٰ عَنۡهُم مَّا كَانُوا۟ یُمَتَّعُونَ ﴿207﴾

সিহঁতক যিবোৰ ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?

وَمَاۤ أَهۡلَكۡنَا مِن قَرۡیَةٍ إِلَّا لَهَا مُنذِرُونَ ﴿208﴾

আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই, যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,

ذِكۡرَىٰ وَمَا كُنَّا ظَـٰلِمِینَ ﴿209﴾

(সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।

وَمَا تَنَزَّلَتۡ بِهِ ٱلشَّیَـٰطِینُ ﴿210﴾

আৰু চয়তানবিলাকে এইখন লৈ অৱতৰণ কৰা নাই।

وَمَا یَنۢبَغِی لَهُمۡ وَمَا یَسۡتَطِیعُونَ ﴿211﴾

আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে এই কামৰ সামৰ্থও সিহঁতৰ নাই।

إِنَّهُمۡ عَنِ ٱلسَّمۡعِ لَمَعۡزُولُونَ ﴿212﴾

নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।

فَلَا تَدۡعُ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ فَتَكُونَ مِنَ ٱلۡمُعَذَّبِینَ ﴿213﴾

এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।

وَأَنذِرۡ عَشِیرَتَكَ ٱلۡأَقۡرَبِینَ ﴿214﴾

আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা।

وَٱخۡفِضۡ جَنَاحَكَ لِمَنِ ٱتَّبَعَكَ مِنَ ٱلۡمُؤۡمِنِینَ ﴿215﴾

আৰু মুমিনসকলৰ মাজৰ যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।

فَإِنۡ عَصَوۡكَ فَقُلۡ إِنِّی بَرِیۤءࣱ مِّمَّا تَعۡمَلُونَ ﴿216﴾

এতেকে তেওঁলোকে যদি তোমাৰ অবাধ্যতা কৰে, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় তাৰ বাবে মই দায়ী নহয়’।

وَتَوَكَّلۡ عَلَى ٱلۡعَزِیزِ ٱلرَّحِیمِ ﴿217﴾

আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,

ٱلَّذِی یَرَىٰكَ حِینَ تَقُومُ ﴿218﴾

যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,

وَتَقَلُّبَكَ فِی ٱلسَّـٰجِدِینَ ﴿219﴾

আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।

إِنَّهُۥ هُوَ ٱلسَّمِیعُ ٱلۡعَلِیمُ ﴿220﴾

নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

هَلۡ أُنَبِّئُكُمۡ عَلَىٰ مَن تَنَزَّلُ ٱلشَّیَـٰطِینُ ﴿221﴾

মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?

تَنَزَّلُ عَلَىٰ كُلِّ أَفَّاكٍ أَثِیمࣲ ﴿222﴾

সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।

یُلۡقُونَ ٱلسَّمۡعَ وَأَكۡثَرُهُمۡ كَـٰذِبُونَ ﴿223﴾

সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই হৈছে মিছলীয়া।

وَٱلشُّعَرَاۤءُ یَتَّبِعُهُمُ ٱلۡغَاوُۥنَ ﴿224﴾

আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।

أَلَمۡ تَرَ أَنَّهُمۡ فِی كُلِّ وَادࣲ یَهِیمُونَ ﴿225﴾

তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?

وَأَنَّهُمۡ یَقُولُونَ مَا لَا یَفۡعَلُونَ ﴿226﴾

আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।

إِلَّا ٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَذَكَرُوا۟ ٱللَّهَ كَثِیرࣰا وَٱنتَصَرُوا۟ مِنۢ بَعۡدِ مَا ظُلِمُوا۟ۗ وَسَیَعۡلَمُ ٱلَّذِینَ ظَلَمُوۤا۟ أَیَّ مُنقَلَبࣲ یَنقَلِبُونَ ﴿227﴾

কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। যালিমসকলে শীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।