Main pages

Surah The Spider [Al-Ankaboot] in Assamese

Surah The Spider [Al-Ankaboot] Ayah 69 Location Makkah Number 29

الۤمۤ ﴿1﴾

আলিফ-লাম-মীম।[1]

أَحَسِبَ ٱلنَّاسُ أَن یُتۡرَكُوۤا۟ أَن یَقُولُوۤا۟ ءَامَنَّا وَهُمۡ لَا یُفۡتَنُونَ ﴿2﴾

মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছোঁ’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব?

وَلَقَدۡ فَتَنَّا ٱلَّذِینَ مِن قَبۡلِهِمۡۖ فَلَیَعۡلَمَنَّ ٱللَّهُ ٱلَّذِینَ صَدَقُوا۟ وَلَیَعۡلَمَنَّ ٱلۡكَـٰذِبِینَ ﴿3﴾

নিশ্চয় আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলোঁ, গতিকে আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।

أَمۡ حَسِبَ ٱلَّذِینَ یَعۡمَلُونَ ٱلسَّیِّـَٔاتِ أَن یَسۡبِقُونَاۚ سَاۤءَ مَا یَحۡكُمُونَ ﴿4﴾

অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰলৈ গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!

مَن كَانَ یَرۡجُوا۟ لِقَاۤءَ ٱللَّهِ فَإِنَّ أَجَلَ ٱللَّهِ لَـَٔاتࣲۚ وَهُوَ ٱلسَّمِیعُ ٱلۡعَلِیمُ ﴿5﴾

যিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে তেওঁ জানি থোৱা উচিত যে, আল্লাহৰ নিৰ্ধাৰিত সময় নিশ্চিতভাৱে আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

وَمَن جَـٰهَدَ فَإِنَّمَا یُجَـٰهِدُ لِنَفۡسِهِۦۤۚ إِنَّ ٱللَّهَ لَغَنِیٌّ عَنِ ٱلۡعَـٰلَمِینَ ﴿6﴾

আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।

وَٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُكَفِّرَنَّ عَنۡهُمۡ سَیِّـَٔاتِهِمۡ وَلَنَجۡزِیَنَّهُمۡ أَحۡسَنَ ٱلَّذِی كَانُوا۟ یَعۡمَلُونَ ﴿7﴾

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহক মাৰ্জনা কৰিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, নিশ্চয় আমি তাৰ প্ৰতিদান দিম।

وَوَصَّیۡنَا ٱلۡإِنسَـٰنَ بِوَ ٰ⁠لِدَیۡهِ حُسۡنࣰاۖ وَإِن جَـٰهَدَاكَ لِتُشۡرِكَ بِی مَا لَیۡسَ لَكَ بِهِۦ عِلۡمࣱ فَلَا تُطِعۡهُمَاۤۚ إِلَیَّ مَرۡجِعُكُمۡ فَأُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ﴿8﴾

আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ। কিন্তু সিহঁতে যদি মোৰ লগত শ্বিৰ্ক কৰিবলৈ তোমাৰ ওপৰত বল প্ৰয়োগ কৰে যি বিষয়ত তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। (জানি থোৱা) মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।

وَٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُدۡخِلَنَّهُمۡ فِی ٱلصَّـٰلِحِینَ ﴿9﴾

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিম।

وَمِنَ ٱلنَّاسِ مَن یَقُولُ ءَامَنَّا بِٱللَّهِ فَإِذَاۤ أُوذِیَ فِی ٱللَّهِ جَعَلَ فِتۡنَةَ ٱلنَّاسِ كَعَذَابِ ٱللَّهِۖ وَلَىِٕن جَاۤءَ نَصۡرࣱ مِّن رَّبِّكَ لَیَقُولُنَّ إِنَّا كُنَّا مَعَكُمۡۚ أَوَلَیۡسَ ٱللَّهُ بِأَعۡلَمَ بِمَا فِی صُدُورِ ٱلۡعَـٰلَمِینَ ﴿10﴾

আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিৰ্যাতন কৰা হয়, তেতিয়া সিহঁতে মানুহৰ নিৰ্যাতনক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। কিন্তু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলোঁ’, (তেন্তে কোৱাচোন) সৃষ্টিৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে?

وَلَیَعۡلَمَنَّ ٱللَّهُ ٱلَّذِینَ ءَامَنُوا۟ وَلَیَعۡلَمَنَّ ٱلۡمُنَـٰفِقِینَ ﴿11﴾

আৰু আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।

وَقَالَ ٱلَّذِینَ كَفَرُوا۟ لِلَّذِینَ ءَامَنُوا۟ ٱتَّبِعُوا۟ سَبِیلَنَا وَلۡنَحۡمِلۡ خَطَـٰیَـٰكُمۡ وَمَا هُم بِحَـٰمِلِینَ مِنۡ خَطَـٰیَـٰهُم مِّن شَیۡءٍۖ إِنَّهُمۡ لَكَـٰذِبُونَ ﴿12﴾

আৰু কাফিৰসকলে মুমিনসকলক কয়, \"তোমালোকে আমাৰ পথ অনুসৰণ কৰা, আমি তোমালোকৰ পাপকৰ্মৰ বোজা বহন কৰিম\"। অথচ সিহঁতে সিহঁতৰ গুনাহৰ কোনো বোজাই বহন নকৰিব। নিশ্চয় সিহঁত হৈছে মিছলীয়া।

وَلَیَحۡمِلُنَّ أَثۡقَالَهُمۡ وَأَثۡقَالࣰا مَّعَ أَثۡقَالِهِمۡۖ وَلَیُسۡـَٔلُنَّ یَوۡمَ ٱلۡقِیَـٰمَةِ عَمَّا كَانُوا۟ یَفۡتَرُونَ ﴿13﴾

বৰং সিহঁতে নিশ্চয় বহন কৰিব নিজৰ (পাপকৰ্মৰ) বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক নিশ্চয় কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।

وَلَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦ فَلَبِثَ فِیهِمۡ أَلۡفَ سَنَةٍ إِلَّا خَمۡسِینَ عَامࣰا فَأَخَذَهُمُ ٱلطُّوفَانُ وَهُمۡ ظَـٰلِمُونَ ﴿14﴾

আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিছিল, কাৰণ সিহঁত আছিল যালিম।

فَأَنجَیۡنَـٰهُ وَأَصۡحَـٰبَ ٱلسَّفِینَةِ وَجَعَلۡنَـٰهَاۤ ءَایَةࣰ لِّلۡعَـٰلَمِینَ ﴿15﴾

তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহণকাৰীসকলক ৰক্ষা কৰিছিলোঁ আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিছোঁ।

وَإِبۡرَ ٰ⁠هِیمَ إِذۡ قَالَ لِقَوۡمِهِ ٱعۡبُدُوا۟ ٱللَّهَ وَٱتَّقُوهُۖ ذَ ٰ⁠لِكُمۡ خَیۡرࣱ لَّكُمۡ إِن كُنتُمۡ تَعۡلَمُونَ ﴿16﴾

আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!

إِنَّمَا تَعۡبُدُونَ مِن دُونِ ٱللَّهِ أَوۡثَـٰنࣰا وَتَخۡلُقُونَ إِفۡكًاۚ إِنَّ ٱلَّذِینَ تَعۡبُدُونَ مِن دُونِ ٱللَّهِ لَا یَمۡلِكُونَ لَكُمۡ رِزۡقࣰا فَٱبۡتَغُوا۟ عِندَ ٱللَّهِ ٱلرِّزۡقَ وَٱعۡبُدُوهُ وَٱشۡكُرُوا۟ لَهُۥۤۖ إِلَیۡهِ تُرۡجَعُونَ ﴿17﴾

তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁত কিন্তু তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

وَإِن تُكَذِّبُوا۟ فَقَدۡ كَذَّبَ أُمَمࣱ مِّن قَبۡلِكُمۡۖ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلۡبَلَـٰغُ ٱلۡمُبِینُ ﴿18﴾

আৰু তোমালোকে যদি অস্বীকাৰ কৰা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱে হৈছে ৰাছুলৰ গুৰু দায়িত্ব।

أَوَلَمۡ یَرَوۡا۟ كَیۡفَ یُبۡدِئُ ٱللَّهُ ٱلۡخَلۡقَ ثُمَّ یُعِیدُهُۥۤۚ إِنَّ ذَ ٰ⁠لِكَ عَلَى ٱللَّهِ یَسِیرࣱ ﴿19﴾

সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।

قُلۡ سِیرُوا۟ فِی ٱلۡأَرۡضِ فَٱنظُرُوا۟ كَیۡفَ بَدَأَ ٱلۡخَلۡقَۚ ثُمَّ ٱللَّهُ یُنشِئُ ٱلنَّشۡأَةَ ٱلۡـَٔاخِرَةَۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَیۡءࣲ قَدِیرࣱ ﴿20﴾

কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই পুনৰবাৰ সৃষ্টি কৰিব’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

یُعَذِّبُ مَن یَشَاۤءُ وَیَرۡحَمُ مَن یَشَاۤءُۖ وَإِلَیۡهِ تُقۡلَبُونَ ﴿21﴾

তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা কৰে অনুগ্ৰহ কৰে। তোমালোকক তেওঁৰ ওচৰতেই ওভতাই নিয়া হ’ব।

وَمَاۤ أَنتُم بِمُعۡجِزِینَ فِی ٱلۡأَرۡضِ وَلَا فِی ٱلسَّمَاۤءِۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِیࣲّ وَلَا نَصِیرࣲ ﴿22﴾

তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত ক'তো ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, আৰু কোনো সাহায্যকাৰীও নাই।

وَٱلَّذِینَ كَفَرُوا۟ بِـَٔایَـٰتِ ٱللَّهِ وَلِقَاۤىِٕهِۦۤ أُو۟لَـٰۤىِٕكَ یَىِٕسُوا۟ مِن رَّحۡمَتِی وَأُو۟لَـٰۤىِٕكَ لَهُمۡ عَذَابٌ أَلِیمࣱ ﴿23﴾

আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হয়, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

فَمَا كَانَ جَوَابَ قَوۡمِهِۦۤ إِلَّاۤ أَن قَالُوا۟ ٱقۡتُلُوهُ أَوۡ حَرِّقُوهُ فَأَنجَىٰهُ ٱللَّهُ مِنَ ٱلنَّارِۚ إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَـٰتࣲ لِّقَوۡمࣲ یُؤۡمِنُونَ ﴿24﴾

উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে যে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

وَقَالَ إِنَّمَا ٱتَّخَذۡتُم مِّن دُونِ ٱللَّهِ أَوۡثَـٰنࣰا مَّوَدَّةَ بَیۡنِكُمۡ فِی ٱلۡحَیَوٰةِ ٱلدُّنۡیَاۖ ثُمَّ یَوۡمَ ٱلۡقِیَـٰمَةِ یَكۡفُرُ بَعۡضُكُم بِبَعۡضࣲ وَیَلۡعَنُ بَعۡضُكُم بَعۡضࣰا وَمَأۡوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّـٰصِرِینَ ﴿25﴾

ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।

۞ فَـَٔامَنَ لَهُۥ لُوطࣱۘ وَقَالَ إِنِّی مُهَاجِرٌ إِلَىٰ رَبِّیۤۖ إِنَّهُۥ هُوَ ٱلۡعَزِیزُ ٱلۡحَكِیمُ ﴿26﴾

তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

وَوَهَبۡنَا لَهُۥۤ إِسۡحَـٰقَ وَیَعۡقُوبَ وَجَعَلۡنَا فِی ذُرِّیَّتِهِ ٱلنُّبُوَّةَ وَٱلۡكِتَـٰبَ وَءَاتَیۡنَـٰهُ أَجۡرَهُۥ فِی ٱلدُّنۡیَاۖ وَإِنَّهُۥ فِی ٱلۡـَٔاخِرَةِ لَمِنَ ٱلصَّـٰلِحِینَ ﴿27﴾

আৰু আমি ইব্ৰাহীমক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবূওৱত আৰু কিতাব। আমি তেওঁক পৃথিৱীতেই পুৰস্কৃত কৰিছিলোঁ আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ’ব।

وَلُوطًا إِذۡ قَالَ لِقَوۡمِهِۦۤ إِنَّكُمۡ لَتَأۡتُونَ ٱلۡفَـٰحِشَةَ مَا سَبَقَكُم بِهَا مِنۡ أَحَدࣲ مِّنَ ٱلۡعَـٰلَمِینَ ﴿28﴾

আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰি আছা, যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাছিল’।

أَىِٕنَّكُمۡ لَتَأۡتُونَ ٱلرِّجَالَ وَتَقۡطَعُونَ ٱلسَّبِیلَ وَتَأۡتُونَ فِی نَادِیكُمُ ٱلۡمُنكَرَۖ فَمَا كَانَ جَوَابَ قَوۡمِهِۦۤ إِلَّاۤ أَن قَالُوا۟ ٱئۡتِنَا بِعَذَابِ ٱللَّهِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِینَ ﴿29﴾

‘তোমালোকেই পুৰুষৰ ওচৰলৈ সমকামিতাৰ উদ্দেশ্যে গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।

قَالَ رَبِّ ٱنصُرۡنِی عَلَى ٱلۡقَوۡمِ ٱلۡمُفۡسِدِینَ ﴿30﴾

তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।

وَلَمَّا جَاۤءَتۡ رُسُلُنَاۤ إِبۡرَ ٰ⁠هِیمَ بِٱلۡبُشۡرَىٰ قَالُوۤا۟ إِنَّا مُهۡلِكُوۤا۟ أَهۡلِ هَـٰذِهِ ٱلۡقَرۡیَةِۖ إِنَّ أَهۡلَهَا كَانُوا۟ ظَـٰلِمِینَ ﴿31﴾

আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰলৈ আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।

قَالَ إِنَّ فِیهَا لُوطࣰاۚ قَالُوا۟ نَحۡنُ أَعۡلَمُ بِمَن فِیهَاۖ لَنُنَجِّیَنَّهُۥ وَأَهۡلَهُۥۤ إِلَّا ٱمۡرَأَتَهُۥ كَانَتۡ مِنَ ٱلۡغَـٰبِرِینَ ﴿32﴾

ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদৰ মাজত দেখোন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেই কথা আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই হ’ব পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

وَلَمَّاۤ أَن جَاۤءَتۡ رُسُلُنَا لُوطࣰا سِیۤءَ بِهِمۡ وَضَاقَ بِهِمۡ ذَرۡعࣰاۖ وَقَالُوا۟ لَا تَخَفۡ وَلَا تَحۡزَنۡ إِنَّا مُنَجُّوكَ وَأَهۡلَكَ إِلَّا ٱمۡرَأَتَكَ كَانَتۡ مِنَ ٱلۡغَـٰبِرِینَ ﴿33﴾

আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ তেওঁলোকৰ বিষয়ে চিন্তিত হৈ পৰিল আৰু তেওঁ নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰীবিলাকৰ অন্তৰ্ভুক্ত;

إِنَّا مُنزِلُونَ عَلَىٰۤ أَهۡلِ هَـٰذِهِ ٱلۡقَرۡیَةِ رِجۡزࣰا مِّنَ ٱلسَّمَاۤءِ بِمَا كَانُوا۟ یَفۡسُقُونَ ﴿34﴾

‘নিশ্চয় আমি এই জনপদবাসীৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত হৈছে’।

وَلَقَد تَّرَكۡنَا مِنۡهَاۤ ءَایَةَۢ بَیِّنَةࣰ لِّقَوۡمࣲ یَعۡقِلُونَ ﴿35﴾

আৰু নিশ্চয় আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছোঁ।

وَإِلَىٰ مَدۡیَنَ أَخَاهُمۡ شُعَیۡبࣰا فَقَالَ یَـٰقَوۡمِ ٱعۡبُدُوا۟ ٱللَّهَ وَٱرۡجُوا۟ ٱلۡیَوۡمَ ٱلۡـَٔاخِرَ وَلَا تَعۡثَوۡا۟ فِی ٱلۡأَرۡضِ مُفۡسِدِینَ ﴿36﴾

আৰু আমি মাদিয়ানবাসীৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ ভাতৃ শ্বুআইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

فَكَذَّبُوهُ فَأَخَذَتۡهُمُ ٱلرَّجۡفَةُ فَأَصۡبَحُوا۟ فِی دَارِهِمۡ جَـٰثِمِینَ ﴿37﴾

তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰতে নতজানু অৱস্থাত শেষ হৈ গ’ল।

وَعَادࣰا وَثَمُودَا۟ وَقَد تَّبَیَّنَ لَكُم مِّن مَّسَـٰكِنِهِمۡۖ وَزَیَّنَ لَهُمُ ٱلشَّیۡطَـٰنُ أَعۡمَـٰلَهُمۡ فَصَدَّهُمۡ عَنِ ٱلسَّبِیلِ وَكَانُوا۟ مُسۡتَبۡصِرِینَ ﴿38﴾

আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলোঁ, সিহঁতৰ ঘৰ-দুৱাৰৰ কিছুমান ধ্বংসাৱশেষ তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।

وَقَـٰرُونَ وَفِرۡعَوۡنَ وَهَـٰمَـٰنَۖ وَلَقَدۡ جَاۤءَهُم مُّوسَىٰ بِٱلۡبَیِّنَـٰتِ فَٱسۡتَكۡبَرُوا۟ فِی ٱلۡأَرۡضِ وَمَا كَانُوا۟ سَـٰبِقِینَ ﴿39﴾

আৰু আমি ধ্বংস কৰিছিলোঁ ক্বাৰূন, ফিৰআউন আৰু হামানক। নিশ্চয় মুছাই সিহঁতৰ ওচৰলৈ সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাছিল।

فَكُلًّا أَخَذۡنَا بِذَنۢبِهِۦۖ فَمِنۡهُم مَّنۡ أَرۡسَلۡنَا عَلَیۡهِ حَاصِبࣰا وَمِنۡهُم مَّنۡ أَخَذَتۡهُ ٱلصَّیۡحَةُ وَمِنۡهُم مَّنۡ خَسَفۡنَا بِهِ ٱلۡأَرۡضَ وَمِنۡهُم مَّنۡ أَغۡرَقۡنَاۚ وَمَا كَانَ ٱللَّهُ لِیَظۡلِمَهُمۡ وَلَـٰكِن كَانُوۤا۟ أَنفُسَهُمۡ یَظۡلِمُونَ ﴿40﴾

এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক কৰায়ত্ত কৰিছিলোঁ। সিহঁতৰ কিছুমানৰ ওপৰত আমি প্ৰেৰণ কৰিছিলোঁ শিলাবৃষ্টিসম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞৰে, আৰু কিছুমানক পুতি পেলাইছিলোঁ ভূ-গৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলোঁ। আল্লাহ এনেকুৱা নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

مَثَلُ ٱلَّذِینَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوۡلِیَاۤءَ كَمَثَلِ ٱلۡعَنكَبُوتِ ٱتَّخَذَتۡ بَیۡتࣰاۖ وَإِنَّ أَوۡهَنَ ٱلۡبُیُوتِ لَبَیۡتُ ٱلۡعَنكَبُوتِۚ لَوۡ كَانُوا۟ یَعۡلَمُونَ ﴿41﴾

যিসকলে আল্লাহৰ বাহিৰে আনক অভিভাৱক হিচাপে গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, হায়! যদি সিহঁতে জানিলেহেঁতেন।

إِنَّ ٱللَّهَ یَعۡلَمُ مَا یَدۡعُونَ مِن دُونِهِۦ مِن شَیۡءࣲۚ وَهُوَ ٱلۡعَزِیزُ ٱلۡحَكِیمُ ﴿42﴾

নিশ্চয় আল্লাহে সেইবোৰক জানে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

وَتِلۡكَ ٱلۡأَمۡثَـٰلُ نَضۡرِبُهَا لِلنَّاسِۖ وَمَا یَعۡقِلُهَاۤ إِلَّا ٱلۡعَـٰلِمُونَ ﴿43﴾

আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেহে সেয়া বুজি পায়।

خَلَقَ ٱللَّهُ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۚ إِنَّ فِی ذَ ٰ⁠لِكَ لَـَٔایَةࣰ لِّلۡمُؤۡمِنِینَ ﴿44﴾

আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।

ٱتۡلُ مَاۤ أُوحِیَ إِلَیۡكَ مِنَ ٱلۡكِتَـٰبِ وَأَقِمِ ٱلصَّلَوٰةَۖ إِنَّ ٱلصَّلَوٰةَ تَنۡهَىٰ عَنِ ٱلۡفَحۡشَاۤءِ وَٱلۡمُنكَرِۗ وَلَذِكۡرُ ٱللَّهِ أَكۡبَرُۗ وَٱللَّهُ یَعۡلَمُ مَا تَصۡنَعُونَ ﴿45﴾

তোমাৰ প্ৰতি যি কিতাব অহী কৰা হৈছে, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।

۞ وَلَا تُجَـٰدِلُوۤا۟ أَهۡلَ ٱلۡكِتَـٰبِ إِلَّا بِٱلَّتِی هِیَ أَحۡسَنُ إِلَّا ٱلَّذِینَ ظَلَمُوا۟ مِنۡهُمۡۖ وَقُولُوۤا۟ ءَامَنَّا بِٱلَّذِیۤ أُنزِلَ إِلَیۡنَا وَأُنزِلَ إِلَیۡكُمۡ وَإِلَـٰهُنَا وَإِلَـٰهُكُمۡ وَ ٰ⁠حِدࣱ وَنَحۡنُ لَهُۥ مُسۡلِمُونَ ﴿46﴾

আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজৰ যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছোঁ। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।

وَكَذَ ٰ⁠لِكَ أَنزَلۡنَاۤ إِلَیۡكَ ٱلۡكِتَـٰبَۚ فَٱلَّذِینَ ءَاتَیۡنَـٰهُمُ ٱلۡكِتَـٰبَ یُؤۡمِنُونَ بِهِۦۖ وَمِنۡ هَـٰۤؤُلَاۤءِ مَن یُؤۡمِنُ بِهِۦۚ وَمَا یَجۡحَدُ بِـَٔایَـٰتِنَاۤ إِلَّا ٱلۡكَـٰفِرُونَ ﴿47﴾

এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলোঁ তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।

وَمَا كُنتَ تَتۡلُوا۟ مِن قَبۡلِهِۦ مِن كِتَـٰبࣲ وَلَا تَخُطُّهُۥ بِیَمِینِكَۖ إِذࣰا لَّٱرۡتَابَ ٱلۡمُبۡطِلُونَ ﴿48﴾

আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।

بَلۡ هُوَ ءَایَـٰتُۢ بَیِّنَـٰتࣱ فِی صُدُورِ ٱلَّذِینَ أُوتُوا۟ ٱلۡعِلۡمَۚ وَمَا یَجۡحَدُ بِـَٔایَـٰتِنَاۤ إِلَّا ٱلظَّـٰلِمُونَ ﴿49﴾

বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইখন হৈছে এটা স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰে।

وَقَالُوا۟ لَوۡلَاۤ أُنزِلَ عَلَیۡهِ ءَایَـٰتࣱ مِّن رَّبِّهِۦۚ قُلۡ إِنَّمَا ٱلۡـَٔایَـٰتُ عِندَ ٱللَّهِ وَإِنَّمَاۤ أَنَا۠ نَذِیرࣱ مُّبِینٌ ﴿50﴾

সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।

أَوَلَمۡ یَكۡفِهِمۡ أَنَّاۤ أَنزَلۡنَا عَلَیۡكَ ٱلۡكِتَـٰبَ یُتۡلَىٰ عَلَیۡهِمۡۚ إِنَّ فِی ذَ ٰ⁠لِكَ لَرَحۡمَةࣰ وَذِكۡرَىٰ لِقَوۡمࣲ یُؤۡمِنُونَ ﴿51﴾

এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।

قُلۡ كَفَىٰ بِٱللَّهِ بَیۡنِی وَبَیۡنَكُمۡ شَهِیدࣰاۖ یَعۡلَمُ مَا فِی ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضِۗ وَٱلَّذِینَ ءَامَنُوا۟ بِٱلۡبَـٰطِلِ وَكَفَرُوا۟ بِٱللَّهِ أُو۟لَـٰۤىِٕكَ هُمُ ٱلۡخَـٰسِرُونَ ﴿52﴾

কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত’।

وَیَسۡتَعۡجِلُونَكَ بِٱلۡعَذَابِ وَلَوۡلَاۤ أَجَلࣱ مُّسَمࣰّى لَّجَاۤءَهُمُ ٱلۡعَذَابُۚ وَلَیَأۡتِیَنَّهُم بَغۡتَةࣰ وَهُمۡ لَا یَشۡعُرُونَ ﴿53﴾

আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহি পৰিলহেঁতেন। (জানি থোৱা) নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, আনকি সিহতে উপলব্ধিও কৰিব নোৱাৰিব।

یَسۡتَعۡجِلُونَكَ بِٱلۡعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِیطَةُۢ بِٱلۡكَـٰفِرِینَ ﴿54﴾

সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। অথচ জাহান্নামে কাফিৰসকলক নিশ্চয় পৰিবেষ্টন কৰিব।

یَوۡمَ یَغۡشَىٰهُمُ ٱلۡعَذَابُ مِن فَوۡقِهِمۡ وَمِن تَحۡتِ أَرۡجُلِهِمۡ وَیَقُولُ ذُوقُوا۟ مَا كُنتُمۡ تَعۡمَلُونَ ﴿55﴾

সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ সোৱাদ গ্ৰহণ কৰা’।

یَـٰعِبَادِیَ ٱلَّذِینَ ءَامَنُوۤا۟ إِنَّ أَرۡضِی وَ ٰ⁠سِعَةࣱ فَإِیَّـٰیَ فَٱعۡبُدُونِ ﴿56﴾

হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱীখন বহুত প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।

كُلُّ نَفۡسࣲ ذَاۤىِٕقَةُ ٱلۡمَوۡتِۖ ثُمَّ إِلَیۡنَا تُرۡجَعُونَ ﴿57﴾

প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোকে আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’বা।

وَٱلَّذِینَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُبَوِّئَنَّهُم مِّنَ ٱلۡجَنَّةِ غُرَفࣰا تَجۡرِی مِن تَحۡتِهَا ٱلۡأَنۡهَـٰرُ خَـٰلِدِینَ فِیهَاۚ نِعۡمَ أَجۡرُ ٱلۡعَـٰمِلِینَ ﴿58﴾

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰাসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰীসকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান!

ٱلَّذِینَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمۡ یَتَوَكَّلُونَ ﴿59﴾

যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।

وَكَأَیِّن مِّن دَاۤبَّةࣲ لَّا تَحۡمِلُ رِزۡقَهَا ٱللَّهُ یَرۡزُقُهَا وَإِیَّاكُمۡۚ وَهُوَ ٱلسَّمِیعُ ٱلۡعَلِیمُ ﴿60﴾

এনেকুৱা বহুতো জীৱ-জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় কৰি নাৰাখে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো (দান কৰে), আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

وَلَىِٕن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضَ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَ لَیَقُولُنَّ ٱللَّهُۖ فَأَنَّىٰ یُؤۡفَكُونَ ﴿61﴾

আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!

ٱللَّهُ یَبۡسُطُ ٱلرِّزۡقَ لِمَن یَشَاۤءُ مِنۡ عِبَادِهِۦ وَیَقۡدِرُ لَهُۥۤۚ إِنَّ ٱللَّهَ بِكُلِّ شَیۡءٍ عَلِیمࣱ ﴿62﴾

আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

وَلَىِٕن سَأَلۡتَهُم مَّن نَّزَّلَ مِنَ ٱلسَّمَاۤءِ مَاۤءࣰ فَأَحۡیَا بِهِ ٱلۡأَرۡضَ مِنۢ بَعۡدِ مَوۡتِهَا لَیَقُولُنَّ ٱللَّهُۚ قُلِ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا یَعۡقِلُونَ ﴿63﴾

আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।

وَمَا هَـٰذِهِ ٱلۡحَیَوٰةُ ٱلدُّنۡیَاۤ إِلَّا لَهۡوࣱ وَلَعِبࣱۚ وَإِنَّ ٱلدَّارَ ٱلۡـَٔاخِرَةَ لَهِیَ ٱلۡحَیَوَانُۚ لَوۡ كَانُوا۟ یَعۡلَمُونَ ﴿64﴾

এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!

فَإِذَا رَكِبُوا۟ فِی ٱلۡفُلۡكِ دَعَوُا۟ ٱللَّهَ مُخۡلِصِینَ لَهُ ٱلدِّینَ فَلَمَّا نَجَّىٰهُمۡ إِلَى ٱلۡبَرِّ إِذَا هُمۡ یُشۡرِكُونَ ﴿65﴾

কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে বিশুদ্ধচিত্তে একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া সিহঁতে শ্বিৰ্কত লিপ্ত হয়;

لِیَكۡفُرُوا۟ بِمَاۤ ءَاتَیۡنَـٰهُمۡ وَلِیَتَمَتَّعُوا۟ۚ فَسَوۡفَ یَعۡلَمُونَ ﴿66﴾

এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে শীঘ্ৰেই সিহঁতে জানিবলৈ পাব (ইয়াৰ ভয়াৱহ পৰিণাম সম্পৰ্কে)।

أَوَلَمۡ یَرَوۡا۟ أَنَّا جَعَلۡنَا حَرَمًا ءَامِنࣰا وَیُتَخَطَّفُ ٱلنَّاسُ مِنۡ حَوۡلِهِمۡۚ أَفَبِٱلۡبَـٰطِلِ یُؤۡمِنُونَ وَبِنِعۡمَةِ ٱللَّهِ یَكۡفُرُونَ ﴿67﴾

সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি (মক্কাৰ) হাৰামক নিৰাপদ কৰিছোঁ, অথচ ইয়াৰ চাৰিওফালে থকা মানুহবোৰ অপহৰণৰ চিকাৰ হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে?

وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ كَذَّبَ بِٱلۡحَقِّ لَمَّا جَاۤءَهُۥۤۚ أَلَیۡسَ فِی جَهَنَّمَ مَثۡوࣰى لِّلۡكَـٰفِرِینَ ﴿68﴾

আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?

وَٱلَّذِینَ جَـٰهَدُوا۟ فِینَا لَنَهۡدِیَنَّهُمۡ سُبُلَنَاۚ وَإِنَّ ٱللَّهَ لَمَعَ ٱلۡمُحۡسِنِینَ ﴿69﴾

আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক নিশ্চয় আমাৰ পথসমূহত পৰিচালিত কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।