Main pages

Surah The wind-curved sandhills [Al-Ahqaf] in Assamese

Surah The wind-curved sandhills [Al-Ahqaf] Ayah 35 Location Makkah Number 46

حمۤ ﴿1﴾

হা-মীম।[1]

تَنزِیلُ ٱلۡكِتَـٰبِ مِنَ ٱللَّهِ ٱلۡعَزِیزِ ٱلۡحَكِیمِ ﴿2﴾

মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাব অৱতীৰ্ণ হৈছে।

مَا خَلَقۡنَا ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضَ وَمَا بَیۡنَهُمَاۤ إِلَّا بِٱلۡحَقِّ وَأَجَلࣲ مُّسَمࣰّىۚ وَٱلَّذِینَ كَفَرُوا۟ عَمَّاۤ أُنذِرُوا۟ مُعۡرِضُونَ ﴿3﴾

আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু আমি যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছোঁ; কিন্তু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হয়।

قُلۡ أَرَءَیۡتُم مَّا تَدۡعُونَ مِن دُونِ ٱللَّهِ أَرُونِی مَاذَا خَلَقُوا۟ مِنَ ٱلۡأَرۡضِ أَمۡ لَهُمۡ شِرۡكࣱ فِی ٱلسَّمَـٰوَ ٰ⁠تِۖ ٱئۡتُونِی بِكِتَـٰبࣲ مِّن قَبۡلِ هَـٰذَاۤ أَوۡ أَثَـٰرَةࣲ مِّنۡ عِلۡمٍ إِن كُنتُمۡ صَـٰدِقِینَ ﴿4﴾

সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি? তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা, মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি? অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবত অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।

وَمَنۡ أَضَلُّ مِمَّن یَدۡعُوا۟ مِن دُونِ ٱللَّهِ مَن لَّا یَسۡتَجِیبُ لَهُۥۤ إِلَىٰ یَوۡمِ ٱلۡقِیَـٰمَةِ وَهُمۡ عَن دُعَاۤىِٕهِمۡ غَـٰفِلُونَ ﴿5﴾

আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি দিব নোৱাৰে? আনকি সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।

وَإِذَا حُشِرَ ٱلنَّاسُ كَانُوا۟ لَهُمۡ أَعۡدَاۤءࣰ وَكَانُوا۟ بِعِبَادَتِهِمۡ كَـٰفِرِینَ ﴿6﴾

আৰু কিয়ামতৰ দিনা যেতিয়া মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেই উপাস্যবোৰেই হ’ব সিহঁতৰ শত্ৰু, আৰু সেইবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব।

وَإِذَا تُتۡلَىٰ عَلَیۡهِمۡ ءَایَـٰتُنَا بَیِّنَـٰتࣲ قَالَ ٱلَّذِینَ كَفَرُوا۟ لِلۡحَقِّ لَمَّا جَاۤءَهُمۡ هَـٰذَا سِحۡرࣱ مُّبِینٌ ﴿7﴾

আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখোন সুস্পষ্ট যাদু’।

أَمۡ یَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ إِنِ ٱفۡتَرَیۡتُهُۥ فَلَا تَمۡلِكُونَ لِی مِنَ ٱللَّهِ شَیۡـًٔاۖ هُوَ أَعۡلَمُ بِمَا تُفِیضُونَ فِیهِۚ كَفَىٰ بِهِۦ شَهِیدَۢا بَیۡنِی وَبَیۡنَكُمۡۖ وَهُوَ ٱلۡغَفُورُ ٱلرَّحِیمُ ﴿8﴾

অথবা সিহঁতে কয় যে, ‘এওঁ এইখন নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইখন মই নিজে উদ্ভাৱন কৰিছোঁ, তেন্তে আল্লাহৰ পৰা মোক বচাবলৈ তোমালোকৰ কোনো ক্ষমতা নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।

قُلۡ مَا كُنتُ بِدۡعࣰا مِّنَ ٱلرُّسُلِ وَمَاۤ أَدۡرِی مَا یُفۡعَلُ بِی وَلَا بِكُمۡۖ إِنۡ أَتَّبِعُ إِلَّا مَا یُوحَىٰۤ إِلَیَّ وَمَاۤ أَنَا۠ إِلَّا نَذِیرࣱ مُّبِینࣱ ﴿9﴾

কোৱা, ‘মই কোনো নতুন (বা প্ৰথম) ৰাছুল নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰোঁ। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।

قُلۡ أَرَءَیۡتُمۡ إِن كَانَ مِنۡ عِندِ ٱللَّهِ وَكَفَرۡتُم بِهِۦ وَشَهِدَ شَاهِدࣱ مِّنۢ بَنِیۤ إِسۡرَ ٰ⁠ۤءِیلَ عَلَىٰ مِثۡلِهِۦ فَـَٔامَنَ وَٱسۡتَكۡبَرۡتُمۡۚ إِنَّ ٱللَّهَ لَا یَهۡدِی ٱلۡقَوۡمَ ٱلظَّـٰلِمِینَ ﴿10﴾

সিহঁতক কোৱা, ‘তোমালোকে ভাবি দেখিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিছে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিছা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।

وَقَالَ ٱلَّذِینَ كَفَرُوا۟ لِلَّذِینَ ءَامَنُوا۟ لَوۡ كَانَ خَیۡرࣰا مَّا سَبَقُونَاۤ إِلَیۡهِۚ وَإِذۡ لَمۡ یَهۡتَدُوا۟ بِهِۦ فَسَیَقُولُونَ هَـٰذَاۤ إِفۡكࣱ قَدِیمࣱ ﴿11﴾

যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘ইয়াৰ মাজত কোনো কল্যাণ থাকিলে সিহঁতে কেতিয়াও আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।

وَمِن قَبۡلِهِۦ كِتَـٰبُ مُوسَىٰۤ إِمَامࣰا وَرَحۡمَةࣰۚ وَهَـٰذَا كِتَـٰبࣱ مُّصَدِّقࣱ لِّسَانًا عَرَبِیࣰّا لِّیُنذِرَ ٱلَّذِینَ ظَلَمُوا۟ وَبُشۡرَىٰ لِلۡمُحۡسِنِینَ ﴿12﴾

ইয়াৰ পূৰ্বে মুছাৰ কিতাব আছিল পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাবখন (সেইখনৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই হৈছে সৎকৰ্মশীলসকলৰ বাবে সুসংবাদ।

إِنَّ ٱلَّذِینَ قَالُوا۟ رَبُّنَا ٱللَّهُ ثُمَّ ٱسۡتَقَـٰمُوا۟ فَلَا خَوۡفٌ عَلَیۡهِمۡ وَلَا هُمۡ یَحۡزَنُونَ ﴿13﴾

নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

أُو۟لَـٰۤىِٕكَ أَصۡحَـٰبُ ٱلۡجَنَّةِ خَـٰلِدِینَ فِیهَا جَزَاۤءَۢ بِمَا كَانُوا۟ یَعۡمَلُونَ ﴿14﴾

তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।

وَوَصَّیۡنَا ٱلۡإِنسَـٰنَ بِوَ ٰ⁠لِدَیۡهِ إِحۡسَـٰنًاۖ حَمَلَتۡهُ أُمُّهُۥ كُرۡهࣰا وَوَضَعَتۡهُ كُرۡهࣰاۖ وَحَمۡلُهُۥ وَفِصَـٰلُهُۥ ثَلَـٰثُونَ شَهۡرًاۚ حَتَّىٰۤ إِذَا بَلَغَ أَشُدَّهُۥ وَبَلَغَ أَرۡبَعِینَ سَنَةࣰ قَالَ رَبِّ أَوۡزِعۡنِیۤ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِیۤ أَنۡعَمۡتَ عَلَیَّ وَعَلَىٰ وَ ٰ⁠لِدَیَّ وَأَنۡ أَعۡمَلَ صَـٰلِحࣰا تَرۡضَىٰهُ وَأَصۡلِحۡ لِی فِی ذُرِّیَّتِیۤۖ إِنِّی تُبۡتُ إِلَیۡكَ وَإِنِّی مِنَ ٱلۡمُسۡلِمِینَ ﴿15﴾

আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছে, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খুওৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।

أُو۟لَـٰۤىِٕكَ ٱلَّذِینَ نَتَقَبَّلُ عَنۡهُمۡ أَحۡسَنَ مَا عَمِلُوا۟ وَنَتَجَاوَزُ عَن سَیِّـَٔاتِهِمۡ فِیۤ أَصۡحَـٰبِ ٱلۡجَنَّةِۖ وَعۡدَ ٱلصِّدۡقِ ٱلَّذِی كَانُوا۟ یُوعَدُونَ ﴿16﴾

এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰোঁ, আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া নিশ্চিতভাৱে সত্য প্ৰমাণিত হ’ব।

وَٱلَّذِی قَالَ لِوَ ٰ⁠لِدَیۡهِ أُفࣲّ لَّكُمَاۤ أَتَعِدَانِنِیۤ أَنۡ أُخۡرَجَ وَقَدۡ خَلَتِ ٱلۡقُرُونُ مِن قَبۡلِی وَهُمَا یَسۡتَغِیثَانِ ٱللَّهَ وَیۡلَكَ ءَامِنۡ إِنَّ وَعۡدَ ٱللَّهِ حَقࣱّ فَیَقُولُ مَا هَـٰذَاۤ إِلَّاۤ أَسَـٰطِیرُ ٱلۡأَوَّلِینَ ﴿17﴾

আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে, আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান পোষণ কৰ, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।

أُو۟لَـٰۤىِٕكَ ٱلَّذِینَ حَقَّ عَلَیۡهِمُ ٱلۡقَوۡلُ فِیۤ أُمَمࣲ قَدۡ خَلَتۡ مِن قَبۡلِهِم مِّنَ ٱلۡجِنِّ وَٱلۡإِنسِۖ إِنَّهُمۡ كَانُوا۟ خَـٰسِرِینَ ﴿18﴾

ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে জিন আৰু মানৱৰ পৰা অতিবাহিত হোৱা উম্মতৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।

وَلِكُلࣲّ دَرَجَـٰتࣱ مِّمَّا عَمِلُوا۟ۖ وَلِیُوَفِّیَهُمۡ أَعۡمَـٰلَهُمۡ وَهُمۡ لَا یُظۡلَمُونَ ﴿19﴾

আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।

وَیَوۡمَ یُعۡرَضُ ٱلَّذِینَ كَفَرُوا۟ عَلَى ٱلنَّارِ أَذۡهَبۡتُمۡ طَیِّبَـٰتِكُمۡ فِی حَیَاتِكُمُ ٱلدُّنۡیَا وَٱسۡتَمۡتَعۡتُم بِهَا فَٱلۡیَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَسۡتَكۡبِرُونَ فِی ٱلۡأَرۡضِ بِغَیۡرِ ٱلۡحَقِّ وَبِمَا كُنتُمۡ تَفۡسُقُونَ ﴿20﴾

আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি ভোগ কৰি নিঃশেষ কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।

۞ وَٱذۡكُرۡ أَخَا عَادٍ إِذۡ أَنذَرَ قَوۡمَهُۥ بِٱلۡأَحۡقَافِ وَقَدۡ خَلَتِ ٱلنُّذُرُ مِنۢ بَیۡنِ یَدَیۡهِ وَمِنۡ خَلۡفِهِۦۤ أَلَّا تَعۡبُدُوۤا۟ إِلَّا ٱللَّهَ إِنِّیۤ أَخَافُ عَلَیۡكُمۡ عَذَابَ یَوۡمٍ عَظِیمࣲ ﴿21﴾

আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ’।

قَالُوۤا۟ أَجِئۡتَنَا لِتَأۡفِكَنَا عَنۡ ءَالِهَتِنَا فَأۡتِنَا بِمَا تَعِدُنَاۤ إِن كُنتَ مِنَ ٱلصَّـٰدِقِینَ ﴿22﴾

সিহঁতে ক’লে, ‘তুমি আমাক আমাৰ উপাস্যবোৰৰ পৰা নিবৃত্ত কৰিবলৈ আহিছা নেকি? অন্যথা তুমি যদি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হৈ থকা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহা’।

قَالَ إِنَّمَا ٱلۡعِلۡمُ عِندَ ٱللَّهِ وَأُبَلِّغُكُم مَّاۤ أُرۡسِلۡتُ بِهِۦ وَلَـٰكِنِّیۤ أَرَىٰكُمۡ قَوۡمࣰا تَجۡهَلُونَ ﴿23﴾

তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। মই যিটো লৈ প্ৰেৰিত হৈছোঁ কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰোঁ, কিন্তু মই দেখি আছোঁ তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।

فَلَمَّا رَأَوۡهُ عَارِضࣰا مُّسۡتَقۡبِلَ أَوۡدِیَتِهِمۡ قَالُوا۟ هَـٰذَا عَارِضࣱ مُّمۡطِرُنَاۚ بَلۡ هُوَ مَا ٱسۡتَعۡجَلۡتُم بِهِۦۖ رِیحࣱ فِیهَا عَذَابٌ أَلِیمࣱ ﴿24﴾

তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। (হূদে ক’লে) নহয়, বৰং এইটোৱে হৈছে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।

تُدَمِّرُ كُلَّ شَیۡءِۭ بِأَمۡرِ رَبِّهَا فَأَصۡبَحُوا۟ لَا یُرَىٰۤ إِلَّا مَسَـٰكِنُهُمۡۚ كَذَ ٰ⁠لِكَ نَجۡزِی ٱلۡقَوۡمَ ٱلۡمُجۡرِمِینَ ﴿25﴾

‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকৈ (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দৃশ্যমান নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকোঁ।

وَلَقَدۡ مَكَّنَّـٰهُمۡ فِیمَاۤ إِن مَّكَّنَّـٰكُمۡ فِیهِ وَجَعَلۡنَا لَهُمۡ سَمۡعࣰا وَأَبۡصَـٰرࣰا وَأَفۡـِٔدَةࣰ فَمَاۤ أَغۡنَىٰ عَنۡهُمۡ سَمۡعُهُمۡ وَلَاۤ أَبۡصَـٰرُهُمۡ وَلَاۤ أَفۡـِٔدَتُهُم مِّن شَیۡءٍ إِذۡ كَانُوا۟ یَجۡحَدُونَ بِـَٔایَـٰتِ ٱللَّهِ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ یَسۡتَهۡزِءُونَ ﴿26﴾

নিশ্চয় আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ, তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলোঁ কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। যিটো বিষয়কলৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, অৱশেষত সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।

وَلَقَدۡ أَهۡلَكۡنَا مَا حَوۡلَكُم مِّنَ ٱلۡقُرَىٰ وَصَرَّفۡنَا ٱلۡـَٔایَـٰتِ لَعَلَّهُمۡ یَرۡجِعُونَ ﴿27﴾

নিশ্চয় আমি ধ্বংস কৰিছিলোঁ তোমালোকৰ চাৰিওফালে থকা জনপদমূহক; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।

فَلَوۡلَا نَصَرَهُمُ ٱلَّذِینَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ قُرۡبَانًا ءَالِهَةَۢۖ بَلۡ ضَلُّوا۟ عَنۡهُمۡۚ وَذَ ٰ⁠لِكَ إِفۡكُهُمۡ وَمَا كَانُوا۟ یَفۡتَرُونَ ﴿28﴾

এতেকে যিসকলে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।

وَإِذۡ صَرَفۡنَاۤ إِلَیۡكَ نَفَرࣰا مِّنَ ٱلۡجِنِّ یَسۡتَمِعُونَ ٱلۡقُرۡءَانَ فَلَمَّا حَضَرُوهُ قَالُوۤا۟ أَنصِتُوا۟ۖ فَلَمَّا قُضِیَ وَلَّوۡا۟ إِلَىٰ قَوۡمِهِم مُّنذِرِینَ ﴿29﴾

আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলোঁ। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল।

قَالُوا۟ یَـٰقَوۡمَنَاۤ إِنَّا سَمِعۡنَا كِتَـٰبًا أُنزِلَ مِنۢ بَعۡدِ مُوسَىٰ مُصَدِّقࣰا لِّمَا بَیۡنَ یَدَیۡهِ یَهۡدِیۤ إِلَى ٱلۡحَقِّ وَإِلَىٰ طَرِیقࣲ مُّسۡتَقِیمࣲ ﴿30﴾

তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এখন গ্ৰন্থৰ পাঠ শুনিছোঁ যিখন অৱতীৰ্ণ হৈছে মুছাৰ পিছত, এই গ্ৰন্থখনে ইয়াৰ পূৰ্বৱৰ্তী কিতাবসমূহক সত্যায়ন কৰে, লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।

یَـٰقَوۡمَنَاۤ أَجِیبُوا۟ دَاعِیَ ٱللَّهِ وَءَامِنُوا۟ بِهِۦ یَغۡفِرۡ لَكُم مِّن ذُنُوبِكُمۡ وَیُجِرۡكُم مِّنۡ عَذَابٍ أَلِیمࣲ ﴿31﴾

‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।

وَمَن لَّا یُجِبۡ دَاعِیَ ٱللَّهِ فَلَیۡسَ بِمُعۡجِزࣲ فِی ٱلۡأَرۡضِ وَلَیۡسَ لَهُۥ مِن دُونِهِۦۤ أَوۡلِیَاۤءُۚ أُو۟لَـٰۤىِٕكَ فِی ضَلَـٰلࣲ مُّبِینٍ ﴿32﴾

আৰু আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি যিয়ে সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।

أَوَلَمۡ یَرَوۡا۟ أَنَّ ٱللَّهَ ٱلَّذِی خَلَقَ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضَ وَلَمۡ یَعۡیَ بِخَلۡقِهِنَّ بِقَـٰدِرٍ عَلَىٰۤ أَن یُحۡـِۧیَ ٱلۡمَوۡتَىٰۚ بَلَىٰۤۚ إِنَّهُۥ عَلَىٰ كُلِّ شَیۡءࣲ قَدِیرࣱ ﴿33﴾

সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

وَیَوۡمَ یُعۡرَضُ ٱلَّذِینَ كَفَرُوا۟ عَلَى ٱلنَّارِ أَلَیۡسَ هَـٰذَا بِٱلۡحَقِّۖ قَالُوا۟ بَلَىٰ وَرَبِّنَاۚ قَالَ فَذُوقُوا۟ ٱلۡعَذَابَ بِمَا كُنتُمۡ تَكۡفُرُونَ ﴿34﴾

আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) ‘এইটো সঁচা নহয়নে’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় সঁচা’। তেওঁ ক’ব, ‘তেন্তে শাস্তি ভোগ কৰা; কাৰণ তোমালোকে কুফৰী কৰিছিলা’।

فَٱصۡبِرۡ كَمَا صَبَرَ أُو۟لُوا۟ ٱلۡعَزۡمِ مِنَ ٱلرُّسُلِ وَلَا تَسۡتَعۡجِل لَّهُمۡۚ كَأَنَّهُمۡ یَوۡمَ یَرَوۡنَ مَا یُوعَدُونَ لَمۡ یَلۡبَثُوۤا۟ إِلَّا سَاعَةࣰ مِّن نَّهَارِۭۚ بَلَـٰغࣱۚ فَهَلۡ یُهۡلَكُ إِلَّا ٱلۡقَوۡمُ ٱلۡفَـٰسِقُونَ ﴿35﴾

এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেইটোক যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইটো হৈছে এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।