Main pages

Surah The winnowing winds [Adh-Dhariyat] in Assamese

Surah The winnowing winds [Adh-Dhariyat] Ayah 60 Location Makkah Number 51

وَٱلذَّ ٰ⁠رِیَـٰتِ ذَرۡوࣰا ﴿1﴾

শপত ধূলি উৰুৱাই নিয়া বতাহৰ,

فَٱلۡحَـٰمِلَـٰتِ وِقۡرࣰا ﴿2﴾

তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,

فَٱلۡجَـٰرِیَـٰتِ یُسۡرࣰا ﴿3﴾

তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,

فَٱلۡمُقَسِّمَـٰتِ أَمۡرًا ﴿4﴾

তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--

إِنَّمَا تُوعَدُونَ لَصَادِقࣱ ﴿5﴾

তোমালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে সত্য।

وَإِنَّ ٱلدِّینَ لَوَ ٰ⁠قِعࣱ ﴿6﴾

নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।

وَٱلسَّمَاۤءِ ذَاتِ ٱلۡحُبُكِ ﴿7﴾

শপত বহু পথবিশিষ্ট আকাশৰ,

إِنَّكُمۡ لَفِی قَوۡلࣲ مُّخۡتَلِفࣲ ﴿8﴾

নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।

یُؤۡفَكُ عَنۡهُ مَنۡ أُفِكَ ﴿9﴾

ইয়াৰ পৰা বিৰত থাকে সেই ব্যক্তি, যাক বিৰত ৰখা হৈছে।

قُتِلَ ٱلۡخَرَّ ٰ⁠صُونَ ﴿10﴾

মিছলীয়াসকল (তথা অনুমানত কথা কোৱাসকল) ধ্বংস হওক!

ٱلَّذِینَ هُمۡ فِی غَمۡرَةࣲ سَاهُونَ ﴿11﴾

যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।

یَسۡـَٔلُونَ أَیَّانَ یَوۡمُ ٱلدِّینِ ﴿12﴾

সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?

یَوۡمَ هُمۡ عَلَى ٱلنَّارِ یُفۡتَنُونَ ﴿13﴾

‘(কোৱা) যিদিনা সিহঁতক শাস্তি দিয়া হ’ব অগ্নিত’।

ذُوقُوا۟ فِتۡنَتَكُمۡ هَـٰذَا ٱلَّذِی كُنتُم بِهِۦ تَسۡتَعۡجِلُونَ ﴿14﴾

কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।

إِنَّ ٱلۡمُتَّقِینَ فِی جَنَّـٰتࣲ وَعُیُونٍ ﴿15﴾

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।

ءَاخِذِینَ مَاۤ ءَاتَىٰهُمۡ رَبُّهُمۡۚ إِنَّهُمۡ كَانُوا۟ قَبۡلَ ذَ ٰ⁠لِكَ مُحۡسِنِینَ ﴿16﴾

তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে (আনন্দচিত্তে) গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল,

كَانُوا۟ قَلِیلࣰا مِّنَ ٱلَّیۡلِ مَا یَهۡجَعُونَ ﴿17﴾

তেওঁলোকে ৰাতিৰ অতি কম সময় টোপনিত কটাইছিল,

وَبِٱلۡأَسۡحَارِ هُمۡ یَسۡتَغۡفِرُونَ ﴿18﴾

আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,

وَفِیۤ أَمۡوَ ٰ⁠لِهِمۡ حَقࣱّ لِّلسَّاۤىِٕلِ وَٱلۡمَحۡرُومِ ﴿19﴾

আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক (প্ৰাপ্য)।

وَفِی ٱلۡأَرۡضِ ءَایَـٰتࣱ لِّلۡمُوقِنِینَ ﴿20﴾

আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন,

وَفِیۤ أَنفُسِكُمۡۚ أَفَلَا تُبۡصِرُونَ ﴿21﴾

আৰু তোমালোকৰ নিজৰ মাজতো আছে (বহুতো নিদৰ্শন)। তোমালোকে লক্ষ্য নকৰা নেকি?

وَفِی ٱلسَّمَاۤءِ رِزۡقُكُمۡ وَمَا تُوعَدُونَ ﴿22﴾

আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।

فَوَرَبِّ ٱلسَّمَاۤءِ وَٱلۡأَرۡضِ إِنَّهُۥ لَحَقࣱّ مِّثۡلَ مَاۤ أَنَّكُمۡ تَنطِقُونَ ﴿23﴾

এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।

هَلۡ أَتَىٰكَ حَدِیثُ ضَیۡفِ إِبۡرَ ٰ⁠هِیمَ ٱلۡمُكۡرَمِینَ ﴿24﴾

ইব্ৰাহীমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে?

إِذۡ دَخَلُوا۟ عَلَیۡهِ فَقَالُوا۟ سَلَـٰمࣰاۖ قَالَ سَلَـٰمࣱ قَوۡمࣱ مُّنكَرُونَ ﴿25﴾

যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখোন অচিনাকি ব্যক্তি।

فَرَاغَ إِلَىٰۤ أَهۡلِهِۦ فَجَاۤءَ بِعِجۡلࣲ سَمِینࣲ ﴿26﴾

তাৰ পিছত তেওঁ (ইব্ৰাহীম) সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থ্যৱান গো-পোৱালী (ভজা) লৈ উপস্থিত হ’ল,

فَقَرَّبَهُۥۤ إِلَیۡهِمۡ قَالَ أَلَا تَأۡكُلُونَ ﴿27﴾

তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?

فَأَوۡجَسَ مِنۡهُمۡ خِیفَةࣰۖ قَالُوا۟ لَا تَخَفۡۖ وَبَشَّرُوهُ بِغُلَـٰمٍ عَلِیمࣲ ﴿28﴾

ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।

فَأَقۡبَلَتِ ٱمۡرَأَتُهُۥ فِی صَرَّةࣲ فَصَكَّتۡ وَجۡهَهَا وَقَالَتۡ عَجُوزٌ عَقِیمࣱ ﴿29﴾

তেতিয়া তেওঁৰ স্ত্ৰী চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বন্ধ্যা-বৃদ্ধা (এজনীৰ সন্তান হ’ব কেনেকৈ?)।

قَالُوا۟ كَذَ ٰ⁠لِكِ قَالَ رَبُّكِۖ إِنَّهُۥ هُوَ ٱلۡحَكِیمُ ٱلۡعَلِیمُ ﴿30﴾

তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।

۞ قَالَ فَمَا خَطۡبُكُمۡ أَیُّهَا ٱلۡمُرۡسَلُونَ ﴿31﴾

ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?

قَالُوۤا۟ إِنَّاۤ أُرۡسِلۡنَاۤ إِلَىٰ قَوۡمࣲ مُّجۡرِمِینَ ﴿32﴾

তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---

لِنُرۡسِلَ عَلَیۡهِمۡ حِجَارَةࣰ مِّن طِینࣲ ﴿33﴾

সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,

مُّسَوَّمَةً عِندَ رَبِّكَ لِلۡمُسۡرِفِینَ ﴿34﴾

যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালংঘনকাৰীসকলৰ বাবে।

فَأَخۡرَجۡنَا مَن كَانَ فِیهَا مِنَ ٱلۡمُؤۡمِنِینَ ﴿35﴾

আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছোঁ।

فَمَا وَجَدۡنَا فِیهَا غَیۡرَ بَیۡتࣲ مِّنَ ٱلۡمُسۡلِمِینَ ﴿36﴾

কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাছিলোঁ।

وَتَرَكۡنَا فِیهَاۤ ءَایَةࣰ لِّلَّذِینَ یَخَافُونَ ٱلۡعَذَابَ ٱلۡأَلِیمَ ﴿37﴾

আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছোঁ।

وَفِی مُوسَىٰۤ إِذۡ أَرۡسَلۡنَـٰهُ إِلَىٰ فِرۡعَوۡنَ بِسُلۡطَـٰنࣲ مُّبِینࣲ ﴿38﴾

আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ পঠিয়াইছিলোঁ,

فَتَوَلَّىٰ بِرُكۡنِهِۦ وَقَالَ سَـٰحِرٌ أَوۡ مَجۡنُونࣱ ﴿39﴾

কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন (সুদক্ষ) যাদুকৰ নহ’লে উন্মাদ’।

فَأَخَذۡنَـٰهُ وَجُنُودَهُۥ فَنَبَذۡنَـٰهُمۡ فِی ٱلۡیَمِّ وَهُوَ مُلِیمࣱ ﴿40﴾

ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক শাস্তি বিহিছিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিছিলোঁ, আৰু সি আছিল তিৰস্কাৰযোগ্য।

وَفِی عَادٍ إِذۡ أَرۡسَلۡنَا عَلَیۡهِمُ ٱلرِّیحَ ٱلۡعَقِیمَ ﴿41﴾

আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলোঁ;

مَا تَذَرُ مِن شَیۡءٍ أَتَتۡ عَلَیۡهِ إِلَّا جَعَلَتۡهُ كَٱلرَّمِیمِ ﴿42﴾

সেই বতাহজাকে একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।

وَفِی ثَمُودَ إِذۡ قِیلَ لَهُمۡ تَمَتَّعُوا۟ حَتَّىٰ حِینࣲ ﴿43﴾

আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ভোগ কৰি লোৱা’।

فَعَتَوۡا۟ عَنۡ أَمۡرِ رَبِّهِمۡ فَأَخَذَتۡهُمُ ٱلصَّـٰعِقَةُ وَهُمۡ یَنظُرُونَ ﴿44﴾

তথাপিও সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।

فَمَا ٱسۡتَطَـٰعُوا۟ مِن قِیَامࣲ وَمَا كَانُوا۟ مُنتَصِرِینَ ﴿45﴾

ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।

وَقَوۡمَ نُوحࣲ مِّن قَبۡلُۖ إِنَّهُمۡ كَانُوا۟ قَوۡمࣰا فَـٰسِقِینَ ﴿46﴾

আৰু (ধ্বংস কৰিছিলোঁ) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।

وَٱلسَّمَاۤءَ بَنَیۡنَـٰهَا بِأَیۡی۟دࣲ وَإِنَّا لَمُوسِعُونَ ﴿47﴾

আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।

وَٱلۡأَرۡضَ فَرَشۡنَـٰهَا فَنِعۡمَ ٱلۡمَـٰهِدُونَ ﴿48﴾

আৰু আমি ভূমিখনক পাৰি দিছোঁ, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!

وَمِن كُلِّ شَیۡءٍ خَلَقۡنَا زَوۡجَیۡنِ لَعَلَّكُمۡ تَذَكَّرُونَ ﴿49﴾

আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

فَفِرُّوۤا۟ إِلَى ٱللَّهِۖ إِنِّی لَكُم مِّنۡهُ نَذِیرࣱ مُّبِینࣱ ﴿50﴾

এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।

وَلَا تَجۡعَلُوا۟ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَۖ إِنِّی لَكُم مِّنۡهُ نَذِیرࣱ مُّبِینࣱ ﴿51﴾

আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।

كَذَ ٰ⁠لِكَ مَاۤ أَتَى ٱلَّذِینَ مِن قَبۡلِهِم مِّن رَّسُولٍ إِلَّا قَالُوا۟ سَاحِرٌ أَوۡ مَجۡنُونٌ ﴿52﴾

এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে, তেতিয়াই সিহঁতে কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

أَتَوَاصَوۡا۟ بِهِۦۚ بَلۡ هُمۡ قَوۡمࣱ طَاغُونَ ﴿53﴾

সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়।

فَتَوَلَّ عَنۡهُمۡ فَمَاۤ أَنتَ بِمَلُومࣲ ﴿54﴾

এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।

وَذَكِّرۡ فَإِنَّ ٱلذِّكۡرَىٰ تَنفَعُ ٱلۡمُؤۡمِنِینَ ﴿55﴾

আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।

وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِیَعۡبُدُونِ ﴿56﴾

আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।

مَاۤ أُرِیدُ مِنۡهُم مِّن رِّزۡقࣲ وَمَاۤ أُرِیدُ أَن یُطۡعِمُونِ ﴿57﴾

মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ আৰু মই এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক খুৱাব।

إِنَّ ٱللَّهَ هُوَ ٱلرَّزَّاقُ ذُو ٱلۡقُوَّةِ ٱلۡمَتِینُ ﴿58﴾

নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, মহাপৰাক্ৰমশালী।

فَإِنَّ لِلَّذِینَ ظَلَمُوا۟ ذَنُوبࣰا مِّثۡلَ ذَنُوبِ أَصۡحَـٰبِهِمۡ فَلَا یَسۡتَعۡجِلُونِ ﴿59﴾

এতেকে সীমালংঘনকাৰীসকলৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰেই প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।

فَوَیۡلࣱ لِّلَّذِینَ كَفَرُوا۟ مِن یَوۡمِهِمُ ٱلَّذِی یُوعَدُونَ ﴿60﴾

যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনা ধ্বংস অনিবাৰ্য, যি দিৱসটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।