Settings
Surah The moon [Al-Qamar] in Assamese
ٱقۡتَرَبَتِ ٱلسَّاعَةُ وَٱنشَقَّ ٱلۡقَمَرُ ﴿1﴾
কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,
وَإِن یَرَوۡا۟ ءَایَةࣰ یُعۡرِضُوا۟ وَیَقُولُوا۟ سِحۡرࣱ مُّسۡتَمِرࣱّ ﴿2﴾
আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’।
وَكَذَّبُوا۟ وَٱتَّبَعُوۤا۟ أَهۡوَاۤءَهُمۡۚ وَكُلُّ أَمۡرࣲ مُّسۡتَقِرࣱّ ﴿3﴾
আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।
وَلَقَدۡ جَاۤءَهُم مِّنَ ٱلۡأَنۢبَاۤءِ مَا فِیهِ مُزۡدَجَرٌ ﴿4﴾
আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ আহি পাইছে সংবাদসমূহ, য’ত আছে সতৰ্কবাণী,
حِكۡمَةُۢ بَـٰلِغَةࣱۖ فَمَا تُغۡنِ ٱلنُّذُرُ ﴿5﴾
এইখন হৈছে পৰিপূৰ্ণ জ্ঞানগৰ্ভ বাণী, কিন্তু এই সতৰ্কবাণী সিহঁতৰ কোনো কামত অহা নাই।
فَتَوَلَّ عَنۡهُمۡۘ یَوۡمَ یَدۡعُ ٱلدَّاعِ إِلَىٰ شَیۡءࣲ نُّكُرٍ ﴿6﴾
এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,
خُشَّعًا أَبۡصَـٰرُهُمۡ یَخۡرُجُونَ مِنَ ٱلۡأَجۡدَاثِ كَأَنَّهُمۡ جَرَادࣱ مُّنتَشِرࣱ ﴿7﴾
সেইদিনা সিহঁতে অপমানিত অৱনমিত নয়নেৰে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে,
مُّهۡطِعِینَ إِلَى ٱلدَّاعِۖ یَقُولُ ٱلۡكَـٰفِرُونَ هَـٰذَا یَوۡمٌ عَسِرࣱ ﴿8﴾
সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-বিহ্বল হৈ গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো এটা বৰ কঠিন দিন’।
۞ كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحࣲ فَكَذَّبُوا۟ عَبۡدَنَا وَقَالُوا۟ مَجۡنُونࣱ وَٱزۡدُجِرَ ﴿9﴾
ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও মিছা বুলি ভাবিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ হৈছে এজন উন্মাদ’, আৰু তেওঁক ভাবুকিও দিয়া হৈছিল।
فَدَعَا رَبَّهُۥۤ أَنِّی مَغۡلُوبࣱ فَٱنتَصِرۡ ﴿10﴾
তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।
فَفَتَحۡنَاۤ أَبۡوَ ٰبَ ٱلسَّمَاۤءِ بِمَاۤءࣲ مُّنۡهَمِرࣲ ﴿11﴾
ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ,
وَفَجَّرۡنَا ٱلۡأَرۡضَ عُیُونࣰا فَٱلۡتَقَى ٱلۡمَاۤءُ عَلَىٰۤ أَمۡرࣲ قَدۡ قُدِرَ ﴿12﴾
আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত এটা পৰিকল্পনা অনুসাৰে গোটেই পানী মিলিত হ’ল।
وَحَمَلۡنَـٰهُ عَلَىٰ ذَاتِ أَلۡوَ ٰحࣲ وَدُسُرࣲ ﴿13﴾
আৰু আমি তেওঁক (নূহক) কাঠ আৰু পেৰেকৰ দ্বাৰা নিৰ্মিত নৌযানত আৰোহণ কৰালোঁ।
تَجۡرِی بِأَعۡیُنِنَا جَزَاۤءࣰ لِّمَن كَانَ كُفِرَ ﴿14﴾
যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰস্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।
وَلَقَد تَّرَكۡنَـٰهَاۤ ءَایَةࣰ فَهَلۡ مِن مُّدَّكِرࣲ ﴿15﴾
আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছোঁ; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?
فَكَیۡفَ كَانَ عَذَابِی وَنُذُرِ ﴿16﴾
এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?
وَلَقَدۡ یَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرࣲ ﴿17﴾
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?
كَذَّبَتۡ عَادࣱ فَكَیۡفَ كَانَ عَذَابِی وَنُذُرِ ﴿18﴾
আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনেকুৱা আছিল?
إِنَّاۤ أَرۡسَلۡنَا عَلَیۡهِمۡ رِیحࣰا صَرۡصَرࣰا فِی یَوۡمِ نَحۡسࣲ مُّسۡتَمِرࣲّ ﴿19﴾
নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলোঁ প্ৰচণ্ড শীতল ধুমুহা, নিৰৱচ্ছিন্ন অমঙ্গল দিনত,
تَنزِعُ ٱلنَّاسَ كَأَنَّهُمۡ أَعۡجَازُ نَخۡلࣲ مُّنقَعِرࣲ ﴿20﴾
সেই ধুমুহাই মানুহক এনেকৈ উৎখাত কৰিছিল, যেনিবা সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ডহে।
فَكَیۡفَ كَانَ عَذَابِی وَنُذُرِ ﴿21﴾
এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?
وَلَقَدۡ یَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرࣲ ﴿22﴾
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?
كَذَّبَتۡ ثَمُودُ بِٱلنُّذُرِ ﴿23﴾
ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
فَقَالُوۤا۟ أَبَشَرࣰا مِّنَّا وَ ٰحِدࣰا نَّتَّبِعُهُۥۤ إِنَّاۤ إِذࣰا لَّفِی ضَلَـٰلࣲ وَسُعُرٍ ﴿24﴾
আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেকুৱা হ’লে দেখোন আমি পথভ্ৰষ্ট বুলি আৰু পাগল হিচাপে পৰিগণিত হ'ম।
أَءُلۡقِیَ ٱلذِّكۡرُ عَلَیۡهِ مِنۢ بَیۡنِنَا بَلۡ هُوَ كَذَّابٌ أَشِرࣱ ﴿25﴾
আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি হৈছে এজন মিছলীয়া, দাম্ভিক’।
سَیَعۡلَمُونَ غَدࣰا مَّنِ ٱلۡكَذَّابُ ٱلۡأَشِرُ ﴿26﴾
কাইলৈ সিহঁতে নিশ্চয় গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।
إِنَّا مُرۡسِلُوا۟ ٱلنَّاقَةِ فِتۡنَةࣰ لَّهُمۡ فَٱرۡتَقِبۡهُمۡ وَٱصۡطَبِرۡ ﴿27﴾
নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ উট প্ৰেৰণ কৰিম, এতেকে (হে ছলেহ!) তুমি সিহঁতৰ আচৰণ লক্ষ্য কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা।
وَنَبِّئۡهُمۡ أَنَّ ٱلۡمَاۤءَ قِسۡمَةُۢ بَیۡنَهُمۡۖ كُلُّ شِرۡبࣲ مُّحۡتَضَرࣱ ﴿28﴾
আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ ঘাটতগৈ উপস্থিত হ’ব।
فَنَادَوۡا۟ صَاحِبَهُمۡ فَتَعَاطَىٰ فَعَقَرَ ﴿29﴾
তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।
فَكَیۡفَ كَانَ عَذَابِی وَنُذُرِ ﴿30﴾
এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?
إِنَّاۤ أَرۡسَلۡنَا عَلَیۡهِمۡ صَیۡحَةࣰ وَ ٰحِدَةࣰ فَكَانُوا۟ كَهَشِیمِ ٱلۡمُحۡتَظِرِ ﴿31﴾
নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলোঁ এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালি সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ পৰিছিল।
وَلَقَدۡ یَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرࣲ ﴿32﴾
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?
كَذَّبَتۡ قَوۡمُ لُوطِۭ بِٱلنُّذُرِ ﴿33﴾
লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
إِنَّاۤ أَرۡسَلۡنَا عَلَیۡهِمۡ حَاصِبًا إِلَّاۤ ءَالَ لُوطࣲۖ نَّجَّیۡنَـٰهُم بِسَحَرࣲ ﴿34﴾
নিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ ৰাতিৰ শেষাংশত,
نِّعۡمَةࣰ مِّنۡ عِندِنَاۚ كَذَ ٰلِكَ نَجۡزِی مَن شَكَرَ ﴿35﴾
আমাৰ বিশেষ অনুগ্ৰহেৰে। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।
وَلَقَدۡ أَنذَرَهُم بَطۡشَتَنَا فَتَمَارَوۡا۟ بِٱلنُّذُرِ ﴿36﴾
আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধানবাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।
وَلَقَدۡ رَ ٰوَدُوهُ عَن ضَیۡفِهِۦ فَطَمَسۡنَاۤ أَعۡیُنَهُمۡ فَذُوقُوا۟ عَذَابِی وَنُذُرِ ﴿37﴾
আৰু সিহঁতে লূতৰ ওচৰত আহি তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰি তেওঁক ফুচলাবলৈ ধৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলোঁ (আৰু ক’লোঁ), মোৰ শাস্তি আৰু সাৱধানবাণীৰ সোৱাদ লোৱা।
وَلَقَدۡ صَبَّحَهُم بُكۡرَةً عَذَابࣱ مُّسۡتَقِرࣱّ ﴿38﴾
আৰু ইপিনে পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত নামি আহিল বিৰামহীন শাস্তি।
فَذُوقُوا۟ عَذَابِی وَنُذُرِ ﴿39﴾
‘এতেকে মোৰ শাস্তি আৰু সাৱধানবাণীৰ পৰিণাম ভোগ কৰা’।
وَلَقَدۡ یَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرࣲ ﴿40﴾
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?
وَلَقَدۡ جَاۤءَ ءَالَ فِرۡعَوۡنَ ٱلنُّذُرُ ﴿41﴾
আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো আহিছিল সতৰ্ককাৰী;
كَذَّبُوا۟ بِـَٔایَـٰتِنَا كُلِّهَا فَأَخَذۡنَـٰهُمۡ أَخۡذَ عَزِیزࣲ مُّقۡتَدِرٍ ﴿42﴾
সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিছিল, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিছিলোঁ।
أَكُفَّارُكُمۡ خَیۡرࣱ مِّنۡ أُو۟لَـٰۤىِٕكُمۡ أَمۡ لَكُم بَرَاۤءَةࣱ فِی ٱلزُّبُرِ ﴿43﴾
তোমালোকৰ মাজৰ কাফিৰসকল সেই কাফিৰসকলতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?
أَمۡ یَقُولُونَ نَحۡنُ جَمِیعࣱ مُّنتَصِرࣱ ﴿44﴾
নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজেয় দল’?
سَیُهۡزَمُ ٱلۡجَمۡعُ وَیُوَلُّونَ ٱلدُّبُرَ ﴿45﴾
এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠি দেখুৱাই পলায়ন কৰিব,
بَلِ ٱلسَّاعَةُ مَوۡعِدُهُمۡ وَٱلسَّاعَةُ أَدۡهَىٰ وَأَمَرُّ ﴿46﴾
বৰং কিয়ামত হৈছে সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্ততাপূৰ্ণ;
إِنَّ ٱلۡمُجۡرِمِینَ فِی ضَلَـٰلࣲ وَسُعُرࣲ ﴿47﴾
নিশ্চয় অপৰাধীসকল আছে বিভ্ৰান্তি আৰু শাস্তিৰ মাজত।
یَوۡمَ یُسۡحَبُونَ فِی ٱلنَّارِ عَلَىٰ وُجُوهِهِمۡ ذُوقُوا۟ مَسَّ سَقَرَ ﴿48﴾
যিদিনা সিহঁতক উবুৰি খুৱাই (নাক চোঁচৰাই) টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ যন্ত্ৰণা ভোগ কৰা’।
إِنَّا كُلَّ شَیۡءٍ خَلَقۡنَـٰهُ بِقَدَرࣲ ﴿49﴾
নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।
وَمَاۤ أَمۡرُنَاۤ إِلَّا وَ ٰحِدَةࣱ كَلَمۡحِۭ بِٱلۡبَصَرِ ﴿50﴾
আৰু আমাৰ আদেশ (কাৰ্যকৰী হ’বলৈ) কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে।
وَلَقَدۡ أَهۡلَكۡنَاۤ أَشۡیَاعَكُمۡ فَهَلۡ مِن مُّدَّكِرࣲ ﴿51﴾
আৰু নিশ্চয় আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছোঁ; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?
وَكُلُّ شَیۡءࣲ فَعَلُوهُ فِی ٱلزُّبُرِ ﴿52﴾
আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,
وَكُلُّ صَغِیرࣲ وَكَبِیرࣲ مُّسۡتَطَرٌ ﴿53﴾
আনকি সৰু-বৰ সকলো কথা লিখিত আছে।
إِنَّ ٱلۡمُتَّقِینَ فِی جَنَّـٰتࣲ وَنَهَرࣲ ﴿54﴾
নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,
فِی مَقۡعَدِ صِدۡقٍ عِندَ مَلِیكࣲ مُّقۡتَدِرِۭ ﴿55﴾
যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।