Settings
Surah The Event, The Inevitable [Al-Waqia] in Assamese
إِذَا وَقَعَتِ ٱلۡوَاقِعَةُ ﴿1﴾
যেতিয়া কিয়ামত সংঘটিত হ’ব,
لَیۡسَ لِوَقۡعَتِهَا كَاذِبَةٌ ﴿2﴾
(তেতিয়া) ইয়াৰ সংঘটিত হোৱাক অস্বীকাৰ কৰিব পৰা কোনো নাথাকিব।
خَافِضَةࣱ رَّافِعَةٌ ﴿3﴾
ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
إِذَا رُجَّتِ ٱلۡأَرۡضُ رَجࣰّا ﴿4﴾
যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
وَبُسَّتِ ٱلۡجِبَالُ بَسࣰّا ﴿5﴾
আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
فَكَانَتۡ هَبَاۤءࣰ مُّنۢبَثࣰّا ﴿6﴾
ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
وَكُنتُمۡ أَزۡوَ ٰجࣰا ثَلَـٰثَةࣰ ﴿7﴾
আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত----
فَأَصۡحَـٰبُ ٱلۡمَیۡمَنَةِ مَاۤ أَصۡحَـٰبُ ٱلۡمَیۡمَنَةِ ﴿8﴾
এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!
وَأَصۡحَـٰبُ ٱلۡمَشۡـَٔمَةِ مَاۤ أَصۡحَـٰبُ ٱلۡمَشۡـَٔمَةِ ﴿9﴾
আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
وَٱلسَّـٰبِقُونَ ٱلسَّـٰبِقُونَ ﴿10﴾
আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
أُو۟لَـٰۤىِٕكَ ٱلۡمُقَرَّبُونَ ﴿11﴾
তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
فِی جَنَّـٰتِ ٱلنَّعِیمِ ﴿12﴾
(তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত,
ثُلَّةࣱ مِّنَ ٱلۡأَوَّلِینَ ﴿13﴾
বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
وَقَلِیلࣱ مِّنَ ٱلۡـَٔاخِرِینَ ﴿14﴾
আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
عَلَىٰ سُرُرࣲ مَّوۡضُونَةࣲ ﴿15﴾
সোণেৰে নিৰ্মিত আসনমূহত,
مُّتَّكِـِٔینَ عَلَیۡهَا مُتَقَـٰبِلِینَ ﴿16﴾
তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
یَطُوفُ عَلَیۡهِمۡ وِلۡدَ ٰنࣱ مُّخَلَّدُونَ ﴿17﴾
তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল,
بِأَكۡوَابࣲ وَأَبَارِیقَ وَكَأۡسࣲ مِّن مَّعِینࣲ ﴿18﴾
প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
لَّا یُصَدَّعُونَ عَنۡهَا وَلَا یُنزِفُونَ ﴿19﴾
সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
وَفَـٰكِهَةࣲ مِّمَّا یَتَخَیَّرُونَ ﴿20﴾
আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
وَلَحۡمِ طَیۡرࣲ مِّمَّا یَشۡتَهُونَ ﴿21﴾
আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।
وَحُورٌ عِینࣱ ﴿22﴾
আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,
كَأَمۡثَـٰلِ ٱللُّؤۡلُوِٕ ٱلۡمَكۡنُونِ ﴿23﴾
যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
جَزَاۤءَۢ بِمَا كَانُوا۟ یَعۡمَلُونَ ﴿24﴾
তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।
لَا یَسۡمَعُونَ فِیهَا لَغۡوࣰا وَلَا تَأۡثِیمًا ﴿25﴾
তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
إِلَّا قِیلࣰا سَلَـٰمࣰا سَلَـٰمࣰا ﴿26﴾
শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)।
وَأَصۡحَـٰبُ ٱلۡیَمِینِ مَاۤ أَصۡحَـٰبُ ٱلۡیَمِینِ ﴿27﴾
আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!
فِی سِدۡرࣲ مَّخۡضُودࣲ ﴿28﴾
তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
وَطَلۡحࣲ مَّنضُودࣲ ﴿29﴾
আৰু থোকেৰে ভৰা কল গছ,
وَظِلࣲّ مَّمۡدُودࣲ ﴿30﴾
আৰু সম্প্ৰসাৰিত ছাঁ,
وَمَاۤءࣲ مَّسۡكُوبࣲ ﴿31﴾
আৰু সদায় প্ৰবাহমান পানী,
وَفَـٰكِهَةࣲ كَثِیرَةࣲ ﴿32﴾
আৰু প্ৰচুৰ ফল-মূল,
لَّا مَقۡطُوعَةࣲ وَلَا مَمۡنُوعَةࣲ ﴿33﴾
যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
وَفُرُشࣲ مَّرۡفُوعَةٍ ﴿34﴾
লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত;
إِنَّاۤ أَنشَأۡنَـٰهُنَّ إِنشَاۤءࣰ ﴿35﴾
নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---
فَجَعَلۡنَـٰهُنَّ أَبۡكَارًا ﴿36﴾
তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,
عُرُبًا أَتۡرَابࣰا ﴿37﴾
নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
لِّأَصۡحَـٰبِ ٱلۡیَمِینِ ﴿38﴾
সোঁফালৰ লোকসকলৰ বাবে।
ثُلَّةࣱ مِّنَ ٱلۡأَوَّلِینَ ﴿39﴾
বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
وَثُلَّةࣱ مِّنَ ٱلۡـَٔاخِرِینَ ﴿40﴾
আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
وَأَصۡحَـٰبُ ٱلشِّمَالِ مَاۤ أَصۡحَـٰبُ ٱلشِّمَالِ ﴿41﴾
আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
فِی سَمُومࣲ وَحَمِیمࣲ ﴿42﴾
সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
وَظِلࣲّ مِّن یَحۡمُومࣲ ﴿43﴾
আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
لَّا بَارِدࣲ وَلَا كَرِیمٍ ﴿44﴾
যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
إِنَّهُمۡ كَانُوا۟ قَبۡلَ ذَ ٰلِكَ مُتۡرَفِینَ ﴿45﴾
নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
وَكَانُوا۟ یُصِرُّونَ عَلَى ٱلۡحِنثِ ٱلۡعَظِیمِ ﴿46﴾
আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত।
وَكَانُوا۟ یَقُولُونَ أَىِٕذَا مِتۡنَا وَكُنَّا تُرَابࣰا وَعِظَـٰمًا أَءِنَّا لَمَبۡعُوثُونَ ﴿47﴾
আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
أَوَءَابَاۤؤُنَا ٱلۡأَوَّلُونَ ﴿48﴾
‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
قُلۡ إِنَّ ٱلۡأَوَّلِینَ وَٱلۡـَٔاخِرِینَ ﴿49﴾
কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
لَمَجۡمُوعُونَ إِلَىٰ مِیقَـٰتِ یَوۡمࣲ مَّعۡلُومࣲ ﴿50﴾
সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
ثُمَّ إِنَّكُمۡ أَیُّهَا ٱلضَّاۤلُّونَ ٱلۡمُكَذِّبُونَ ﴿51﴾
তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
لَـَٔاكِلُونَ مِن شَجَرࣲ مِّن زَقُّومࣲ ﴿52﴾
নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
فَمَالِـُٔونَ مِنۡهَا ٱلۡبُطُونَ ﴿53﴾
সেইটোৰেই তোমালোকে পেট ভৰাবা,
فَشَـٰرِبُونَ عَلَیۡهِ مِنَ ٱلۡحَمِیمِ ﴿54﴾
তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
فَشَـٰرِبُونَ شُرۡبَ ٱلۡهِیمِ ﴿55﴾
তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
هَـٰذَا نُزُلُهُمۡ یَوۡمَ ٱلدِّینِ ﴿56﴾
প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
نَحۡنُ خَلَقۡنَـٰكُمۡ فَلَوۡلَا تُصَدِّقُونَ ﴿57﴾
আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
أَفَرَءَیۡتُم مَّا تُمۡنُونَ ﴿58﴾
তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
ءَأَنتُمۡ تَخۡلُقُونَهُۥۤ أَمۡ نَحۡنُ ٱلۡخَـٰلِقُونَ ﴿59﴾
সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
نَحۡنُ قَدَّرۡنَا بَیۡنَكُمُ ٱلۡمَوۡتَ وَمَا نَحۡنُ بِمَسۡبُوقِینَ ﴿60﴾
আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--
عَلَىٰۤ أَن نُّبَدِّلَ أَمۡثَـٰلَكُمۡ وَنُنشِئَكُمۡ فِی مَا لَا تَعۡلَمُونَ ﴿61﴾
(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
وَلَقَدۡ عَلِمۡتُمُ ٱلنَّشۡأَةَ ٱلۡأُولَىٰ فَلَوۡلَا تَذَكَّرُونَ ﴿62﴾
আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
أَفَرَءَیۡتُم مَّا تَحۡرُثُونَ ﴿63﴾
তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
ءَأَنتُمۡ تَزۡرَعُونَهُۥۤ أَمۡ نَحۡنُ ٱلزَّ ٰرِعُونَ ﴿64﴾
সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?
لَوۡ نَشَاۤءُ لَجَعَلۡنَـٰهُ حُطَـٰمࣰا فَظَلۡتُمۡ تَفَكَّهُونَ ﴿65﴾
আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
إِنَّا لَمُغۡرَمُونَ ﴿66﴾
(আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’,
بَلۡ نَحۡنُ مَحۡرُومُونَ ﴿67﴾
‘বৰং আমি বঞ্চিত’।
أَفَرَءَیۡتُمُ ٱلۡمَاۤءَ ٱلَّذِی تَشۡرَبُونَ ﴿68﴾
তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে?
ءَأَنتُمۡ أَنزَلۡتُمُوهُ مِنَ ٱلۡمُزۡنِ أَمۡ نَحۡنُ ٱلۡمُنزِلُونَ ﴿69﴾
মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ?
لَوۡ نَشَاۤءُ جَعَلۡنَـٰهُ أُجَاجࣰا فَلَوۡلَا تَشۡكُرُونَ ﴿70﴾
আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়?
أَفَرَءَیۡتُمُ ٱلنَّارَ ٱلَّتِی تُورُونَ ﴿71﴾
তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে?
ءَأَنتُمۡ أَنشَأۡتُمۡ شَجَرَتَهَاۤ أَمۡ نَحۡنُ ٱلۡمُنشِـُٔونَ ﴿72﴾
তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
نَحۡنُ جَعَلۡنَـٰهَا تَذۡكِرَةࣰ وَمَتَـٰعࣰا لِّلۡمُقۡوِینَ ﴿73﴾
ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু।
فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِیمِ ﴿74﴾
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
۞ فَلَاۤ أُقۡسِمُ بِمَوَ ٰقِعِ ٱلنُّجُومِ ﴿75﴾
এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
وَإِنَّهُۥ لَقَسَمࣱ لَّوۡ تَعۡلَمُونَ عَظِیمٌ ﴿76﴾
আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন--
إِنَّهُۥ لَقُرۡءَانࣱ كَرِیمࣱ ﴿77﴾
নিশ্চয় এইখন মহিমান্বিত কোৰআন,
فِی كِتَـٰبࣲ مَّكۡنُونࣲ ﴿78﴾
যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
لَّا یَمَسُّهُۥۤ إِلَّا ٱلۡمُطَهَّرُونَ ﴿79﴾
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
تَنزِیلࣱ مِّن رَّبِّ ٱلۡعَـٰلَمِینَ ﴿80﴾
এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
أَفَبِهَـٰذَا ٱلۡحَدِیثِ أَنتُم مُّدۡهِنُونَ ﴿81﴾
তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
وَتَجۡعَلُونَ رِزۡقَكُمۡ أَنَّكُمۡ تُكَذِّبُونَ ﴿82﴾
আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!
فَلَوۡلَاۤ إِذَا بَلَغَتِ ٱلۡحُلۡقُومَ ﴿83﴾
এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
وَأَنتُمۡ حِینَىِٕذࣲ تَنظُرُونَ ﴿84﴾
আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
وَنَحۡنُ أَقۡرَبُ إِلَیۡهِ مِنكُمۡ وَلَـٰكِن لَّا تُبۡصِرُونَ ﴿85﴾
আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।
فَلَوۡلَاۤ إِن كُنتُمۡ غَیۡرَ مَدِینِینَ ﴿86﴾
এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
تَرۡجِعُونَهَاۤ إِن كُنتُمۡ صَـٰدِقِینَ ﴿87﴾
তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!
فَأَمَّاۤ إِن كَانَ مِنَ ٱلۡمُقَرَّبِینَ ﴿88﴾
তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
فَرَوۡحࣱ وَرَیۡحَانࣱ وَجَنَّتُ نَعِیمࣲ ﴿89﴾
তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
وَأَمَّاۤ إِن كَانَ مِنۡ أَصۡحَـٰبِ ٱلۡیَمِینِ ﴿90﴾
আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,
فَسَلَـٰمࣱ لَّكَ مِنۡ أَصۡحَـٰبِ ٱلۡیَمِینِ ﴿91﴾
তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
وَأَمَّاۤ إِن كَانَ مِنَ ٱلۡمُكَذِّبِینَ ٱلضَّاۤلِّینَ ﴿92﴾
কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
فَنُزُلࣱ مِّنۡ حَمِیمࣲ ﴿93﴾
তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
وَتَصۡلِیَةُ جَحِیمٍ ﴿94﴾
আৰু জাহান্নামৰ দহনেৰে;
إِنَّ هَـٰذَا لَهُوَ حَقُّ ٱلۡیَقِینِ ﴿95﴾
নিশ্চয় এইটো সুনিশ্চিত সত্য।
فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِیمِ ﴿96﴾
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।