Main pages

Surah The Iron [Al-Hadid] in Assamese

Surah The Iron [Al-Hadid] Ayah 29 Location Madinah Number 57

سَبَّحَ لِلَّهِ مَا فِی ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِیزُ ٱلۡحَكِیمُ ﴿1﴾

আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

لَهُۥ مُلۡكُ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضِۖ یُحۡیِۦ وَیُمِیتُۖ وَهُوَ عَلَىٰ كُلِّ شَیۡءࣲ قَدِیرٌ ﴿2﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে; আৰু তেৱেঁই সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

هُوَ ٱلۡأَوَّلُ وَٱلۡـَٔاخِرُ وَٱلظَّـٰهِرُ وَٱلۡبَاطِنُۖ وَهُوَ بِكُلِّ شَیۡءٍ عَلِیمٌ ﴿3﴾

তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

هُوَ ٱلَّذِی خَلَقَ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضَ فِی سِتَّةِ أَیَّامࣲ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ یَعۡلَمُ مَا یَلِجُ فِی ٱلۡأَرۡضِ وَمَا یَخۡرُجُ مِنۡهَا وَمَا یَنزِلُ مِنَ ٱلسَّمَاۤءِ وَمَا یَعۡرُجُ فِیهَاۖ وَهُوَ مَعَكُمۡ أَیۡنَ مَا كُنتُمۡۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِیرࣱ ﴿4﴾

তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ সেই সকলোবোৰ জানে যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যিবোৰ ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

لَّهُۥ مُلۡكُ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضِۚ وَإِلَى ٱللَّهِ تُرۡجَعُ ٱلۡأُمُورُ ﴿5﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাবৰ্তিত হয়।

یُولِجُ ٱلَّیۡلَ فِی ٱلنَّهَارِ وَیُولِجُ ٱلنَّهَارَ فِی ٱلَّیۡلِۚ وَهُوَ عَلِیمُۢ بِذَاتِ ٱلصُّدُورِ ﴿6﴾

তেৱেঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়; আৰু তেৱেঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।

ءَامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَأَنفِقُوا۟ مِمَّا جَعَلَكُم مُّسۡتَخۡلَفِینَ فِیهِۖ فَٱلَّذِینَ ءَامَنُوا۟ مِنكُمۡ وَأَنفَقُوا۟ لَهُمۡ أَجۡرࣱ كَبِیرࣱ ﴿7﴾

তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু (আল্লাহৰ পথত) ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।

وَمَا لَكُمۡ لَا تُؤۡمِنُونَ بِٱللَّهِ وَٱلرَّسُولُ یَدۡعُوكُمۡ لِتُؤۡمِنُوا۟ بِرَبِّكُمۡ وَقَدۡ أَخَذَ مِیثَـٰقَكُمۡ إِن كُنتُم مُّؤۡمِنِینَ ﴿8﴾

আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাছুলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে, আৰু আল্লাহেও তোমালোকৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছে, যদি তোমালোকে মুমিন হোৱা।

هُوَ ٱلَّذِی یُنَزِّلُ عَلَىٰ عَبۡدِهِۦۤ ءَایَـٰتِۭ بَیِّنَـٰتࣲ لِّیُخۡرِجَكُم مِّنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِۚ وَإِنَّ ٱللَّهَ بِكُمۡ لَرَءُوفࣱ رَّحِیمࣱ ﴿9﴾

তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।

وَمَا لَكُمۡ أَلَّا تُنفِقُوا۟ فِی سَبِیلِ ٱللَّهِ وَلِلَّهِ مِیرَ ٰ⁠ثُ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضِۚ لَا یَسۡتَوِی مِنكُم مَّنۡ أَنفَقَ مِن قَبۡلِ ٱلۡفَتۡحِ وَقَـٰتَلَۚ أُو۟لَـٰۤىِٕكَ أَعۡظَمُ دَرَجَةࣰ مِّنَ ٱلَّذِینَ أَنفَقُوا۟ مِنۢ بَعۡدُ وَقَـٰتَلُوا۟ۚ وَكُلࣰّا وَعَدَ ٱللَّهُ ٱلۡحُسۡنَىٰۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ خَبِیرࣱ ﴿10﴾

আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে (মক্কা) বিজয়ৰ আগত দান কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰবৰ্তীসকল) সমান নহয়। তেওঁলোক সেইসকল লোকতকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰবৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

مَّن ذَا ٱلَّذِی یُقۡرِضُ ٱللَّهَ قَرۡضًا حَسَنࣰا فَیُضَـٰعِفَهُۥ لَهُۥ وَلَهُۥۤ أَجۡرࣱ كَرِیمࣱ ﴿11﴾

এনেকুৱা কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ দিব? ফলত তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।

یَوۡمَ تَرَى ٱلۡمُؤۡمِنِینَ وَٱلۡمُؤۡمِنَـٰتِ یَسۡعَىٰ نُورُهُم بَیۡنَ أَیۡدِیهِمۡ وَبِأَیۡمَـٰنِهِمۖ بُشۡرَىٰكُمُ ٱلۡیَوۡمَ جَنَّـٰتࣱ تَجۡرِی مِن تَحۡتِهَا ٱلۡأَنۡهَـٰرُ خَـٰلِدِینَ فِیهَاۚ ذَ ٰ⁠لِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِیمُ ﴿12﴾

সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই হৈছে মহাসফলতা’।

یَوۡمَ یَقُولُ ٱلۡمُنَـٰفِقُونَ وَٱلۡمُنَـٰفِقَـٰتُ لِلَّذِینَ ءَامَنُوا۟ ٱنظُرُونَا نَقۡتَبِسۡ مِن نُّورِكُمۡ قِیلَ ٱرۡجِعُوا۟ وَرَاۤءَكُمۡ فَٱلۡتَمِسُوا۟ نُورࣰاۖ فَضُرِبَ بَیۡنَهُم بِسُورࣲ لَّهُۥ بَابُۢ بَاطِنُهُۥ فِیهِ ٱلرَّحۡمَةُ وَظَـٰهِرُهُۥ مِن قِبَلِهِ ٱلۡعَذَابُ ﴿13﴾

সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰোঁ’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এটা প্ৰাচীৰ, য’ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰ ভাগত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।

یُنَادُونَهُمۡ أَلَمۡ نَكُن مَّعَكُمۡۖ قَالُوا۟ بَلَىٰ وَلَـٰكِنَّكُمۡ فَتَنتُمۡ أَنفُسَكُمۡ وَتَرَبَّصۡتُمۡ وَٱرۡتَبۡتُمۡ وَغَرَّتۡكُمُ ٱلۡأَمَانِیُّ حَتَّىٰ جَاۤءَ أَمۡرُ ٱللَّهِ وَغَرَّكُم بِٱللَّهِ ٱلۡغَرُورُ ﴿14﴾

মুনাফিকসকলে মুমিনসকলক মাতি ক’ব, ‘আমি তোমালোকৰ লগত নাছিলোঁনে? তেওঁলোকে ক’ব, ‘হয়, কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰি ৰাখিছিল, আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ’ল, আৰু (অন্তিম সময়লৈকে) মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল’।

فَٱلۡیَوۡمَ لَا یُؤۡخَذُ مِنكُمۡ فِدۡیَةࣱ وَلَا مِنَ ٱلَّذِینَ كَفَرُوا۟ۚ مَأۡوَىٰكُمُ ٱلنَّارُۖ هِیَ مَوۡلَىٰكُمۡۖ وَبِئۡسَ ٱلۡمَصِیرُ ﴿15﴾

‘এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ’ব আৰু যিসকলে কুফৰী কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই হৈছে তোমালোকৰ আবাসস্থল, এইটোৱেই তোমালোকৰ উপযুক্ত স্থান; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাবৰ্তনস্থল!

۞ أَلَمۡ یَأۡنِ لِلَّذِینَ ءَامَنُوۤا۟ أَن تَخۡشَعَ قُلُوبُهُمۡ لِذِكۡرِ ٱللَّهِ وَمَا نَزَلَ مِنَ ٱلۡحَقِّ وَلَا یَكُونُوا۟ كَٱلَّذِینَ أُوتُوا۟ ٱلۡكِتَـٰبَ مِن قَبۡلُ فَطَالَ عَلَیۡهِمُ ٱلۡأَمَدُ فَقَسَتۡ قُلُوبُهُمۡۖ وَكَثِیرࣱ مِّنۡهُمۡ فَـٰسِقُونَ ﴿16﴾

আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ ফলস্বৰূপে মুমিনসকলৰ অন্তৰ এতিয়াও কোমল (বিনীত) হোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যেন সিহঁতৰ দৰে নহয়, যিসকলক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

ٱعۡلَمُوۤا۟ أَنَّ ٱللَّهَ یُحۡیِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَاۚ قَدۡ بَیَّنَّا لَكُمُ ٱلۡـَٔایَـٰتِ لَعَلَّكُمۡ تَعۡقِلُونَ ﴿17﴾

জানি থোৱা যে, আল্লাহেই ভূমিক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা।

إِنَّ ٱلۡمُصَّدِّقِینَ وَٱلۡمُصَّدِّقَـٰتِ وَأَقۡرَضُوا۟ ٱللَّهَ قَرۡضًا حَسَنࣰا یُضَـٰعَفُ لَهُمۡ وَلَهُمۡ أَجۡرࣱ كَرِیمࣱ ﴿18﴾

নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ বিনিময়ত) বহু গুণ বৃদ্ধি কৰি (প্ৰতিদান) দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।

وَٱلَّذِینَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦۤ أُو۟لَـٰۤىِٕكَ هُمُ ٱلصِّدِّیقُونَۖ وَٱلشُّهَدَاۤءُ عِندَ رَبِّهِمۡ لَهُمۡ أَجۡرُهُمۡ وَنُورُهُمۡۖ وَٱلَّذِینَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔایَـٰتِنَاۤ أُو۟لَـٰۤىِٕكَ أَصۡحَـٰبُ ٱلۡجَحِیمِ ﴿19﴾

আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ; আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী।

ٱعۡلَمُوۤا۟ أَنَّمَا ٱلۡحَیَوٰةُ ٱلدُّنۡیَا لَعِبࣱ وَلَهۡوࣱ وَزِینَةࣱ وَتَفَاخُرُۢ بَیۡنَكُمۡ وَتَكَاثُرࣱ فِی ٱلۡأَمۡوَ ٰ⁠لِ وَٱلۡأَوۡلَـٰدِۖ كَمَثَلِ غَیۡثٍ أَعۡجَبَ ٱلۡكُفَّارَ نَبَاتُهُۥ ثُمَّ یَهِیجُ فَتَرَىٰهُ مُصۡفَرࣰّا ثُمَّ یَكُونُ حُطَـٰمࣰاۖ وَفِی ٱلۡـَٔاخِرَةِ عَذَابࣱ شَدِیدࣱ وَمَغۡفِرَةࣱ مِّنَ ٱللَّهِ وَرِضۡوَ ٰ⁠نࣱۚ وَمَا ٱلۡحَیَوٰةُ ٱلدُّنۡیَاۤ إِلَّا مَتَـٰعُ ٱلۡغُرُورِ ﴿20﴾

জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত (যেতিয়া) সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত তথা সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।

سَابِقُوۤا۟ إِلَىٰ مَغۡفِرَةࣲ مِّن رَّبِّكُمۡ وَجَنَّةٍ عَرۡضُهَا كَعَرۡضِ ٱلسَّمَاۤءِ وَٱلۡأَرۡضِ أُعِدَّتۡ لِلَّذِینَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦۚ ذَ ٰ⁠لِكَ فَضۡلُ ٱللَّهِ یُؤۡتِیهِ مَن یَشَاۤءُۚ وَٱللَّهُ ذُو ٱلۡفَضۡلِ ٱلۡعَظِیمِ ﴿21﴾

তোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা, যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে, যিটো প্ৰস্তুত কৰা হৈছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই এইটো প্ৰদান কৰে; আৰু আল্লাহ মহা অনুগ্ৰহশীল।

مَاۤ أَصَابَ مِن مُّصِیبَةࣲ فِی ٱلۡأَرۡضِ وَلَا فِیۤ أَنفُسِكُمۡ إِلَّا فِی كِتَـٰبࣲ مِّن قَبۡلِ أَن نَّبۡرَأَهَاۤۚ إِنَّ ذَ ٰ⁠لِكَ عَلَى ٱللَّهِ یَسِیرࣱ ﴿22﴾

পৃথিৱীত আৰু ব্যক্তিগতভাৱে তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপৰ্যয় নাই যিটো সংঘটিত হোৱাৰ আগতে আমি তাক এখন কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।

لِّكَیۡلَا تَأۡسَوۡا۟ عَلَىٰ مَا فَاتَكُمۡ وَلَا تَفۡرَحُوا۟ بِمَاۤ ءَاتَىٰكُمۡۗ وَٱللَّهُ لَا یُحِبُّ كُلَّ مُخۡتَالࣲ فَخُورٍ ﴿23﴾

এইটো এইকাৰণে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে গৌৰৱকাৰী তথা অহংকাৰী ব্যক্তিক পছন্দ নকৰে।

ٱلَّذِینَ یَبۡخَلُونَ وَیَأۡمُرُونَ ٱلنَّاسَ بِٱلۡبُخۡلِۗ وَمَن یَتَوَلَّ فَإِنَّ ٱللَّهَ هُوَ ٱلۡغَنِیُّ ٱلۡحَمِیدُ ﴿24﴾

যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত) নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

لَقَدۡ أَرۡسَلۡنَا رُسُلَنَا بِٱلۡبَیِّنَـٰتِ وَأَنزَلۡنَا مَعَهُمُ ٱلۡكِتَـٰبَ وَٱلۡمِیزَانَ لِیَقُومَ ٱلنَّاسُ بِٱلۡقِسۡطِۖ وَأَنزَلۡنَا ٱلۡحَدِیدَ فِیهِ بَأۡسࣱ شَدِیدࣱ وَمَنَـٰفِعُ لِلنَّاسِ وَلِیَعۡلَمَ ٱللَّهُ مَن یَنصُرُهُۥ وَرُسُلَهُۥ بِٱلۡغَیۡبِۚ إِنَّ ٱللَّهَ قَوِیٌّ عَزِیزࣱ ﴿25﴾

নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছোঁ, আৰু তেওঁলোকৰ লগত দিছোঁ কিতাব আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰিব পাৰে। আমি আৰু অৱতীৰ্ণ কৰিছোঁ লোহা, য’ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এয়া এইকাৰণে যে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে গায়েব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

وَلَقَدۡ أَرۡسَلۡنَا نُوحࣰا وَإِبۡرَ ٰ⁠هِیمَ وَجَعَلۡنَا فِی ذُرِّیَّتِهِمَا ٱلنُّبُوَّةَ وَٱلۡكِتَـٰبَۖ فَمِنۡهُم مُّهۡتَدࣲۖ وَكَثِیرࣱ مِّنۡهُمۡ فَـٰسِقُونَ ﴿26﴾

আৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহীমক ৰাছুলৰূপে প্ৰেৰণ কৰিছিলোঁ আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবুওৱাত আৰু কিতাব। কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ অৱলম্বন কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

ثُمَّ قَفَّیۡنَا عَلَىٰۤ ءَاثَـٰرِهِم بِرُسُلِنَا وَقَفَّیۡنَا بِعِیسَى ٱبۡنِ مَرۡیَمَ وَءَاتَیۡنَـٰهُ ٱلۡإِنجِیلَۖ وَجَعَلۡنَا فِی قُلُوبِ ٱلَّذِینَ ٱتَّبَعُوهُ رَأۡفَةࣰ وَرَحۡمَةࣰۚ وَرَهۡبَانِیَّةً ٱبۡتَدَعُوهَا مَا كَتَبۡنَـٰهَا عَلَیۡهِمۡ إِلَّا ٱبۡتِغَاۤءَ رِضۡوَ ٰ⁠نِ ٱللَّهِ فَمَا رَعَوۡهَا حَقَّ رِعَایَتِهَاۖ فَـَٔاتَیۡنَا ٱلَّذِینَ ءَامَنُوا۟ مِنۡهُمۡ أَجۡرَهُمۡۖ وَكَثِیرࣱ مِّنۡهُمۡ فَـٰسِقُونَ ﴿27﴾

ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু মাৰয়াম পুত্ৰ ঈছাকো অনুগামী কৰিছিলোঁ, আৰু তেওঁক আমি দিছিলোঁ ইঞ্জিল আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলোঁ কৰুণা আৰু দয়া; আৰু বৈৰাগ্যবাদ—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলোঁ; অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ঈমান আনিছিল, সিহঁতক আমি সিহঁতৰ পুৰস্কাৰ প্ৰদান কৰিছিলোঁ; কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

یَـٰۤأَیُّهَا ٱلَّذِینَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَءَامِنُوا۟ بِرَسُولِهِۦ یُؤۡتِكُمۡ كِفۡلَیۡنِ مِن رَّحۡمَتِهِۦ وَیَجۡعَل لَّكُمۡ نُورࣰا تَمۡشُونَ بِهِۦ وَیَغۡفِرۡ لَكُمۡۚ وَٱللَّهُ غَفُورࣱ رَّحِیمࣱ ﴿28﴾

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

لِّئَلَّا یَعۡلَمَ أَهۡلُ ٱلۡكِتَـٰبِ أَلَّا یَقۡدِرُونَ عَلَىٰ شَیۡءࣲ مِّن فَضۡلِ ٱللَّهِ وَأَنَّ ٱلۡفَضۡلَ بِیَدِ ٱللَّهِ یُؤۡتِیهِ مَن یَشَاۤءُۚ وَٱللَّهُ ذُو ٱلۡفَضۡلِ ٱلۡعَظِیمِ ﴿29﴾

এয়া এইবাবেই যে, যাতে আহলে কিতাবসকলে জানিব পাৰে যে, আল্লাহৰ সামান্যতম অনুগ্ৰহতো সিহঁতৰ কোনো অধিকাৰ নাই; আৰু নিশ্চয় অনুগ্ৰহ আল্লাহৰেই হাতত, তেওঁ যাক ইচ্ছা কৰে তাকহে প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল।