Settings
Surah She that is to be examined [Al-Mumtahina] in Assamese
یَـٰۤأَیُّهَا ٱلَّذِینَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ عَدُوِّی وَعَدُوَّكُمۡ أَوۡلِیَاۤءَ تُلۡقُونَ إِلَیۡهِم بِٱلۡمَوَدَّةِ وَقَدۡ كَفَرُوا۟ بِمَا جَاۤءَكُم مِّنَ ٱلۡحَقِّ یُخۡرِجُونَ ٱلرَّسُولَ وَإِیَّاكُمۡ أَن تُؤۡمِنُوا۟ بِٱللَّهِ رَبِّكُمۡ إِن كُنتُمۡ خَرَجۡتُمۡ جِهَـٰدࣰا فِی سَبِیلِی وَٱبۡتِغَاۤءَ مَرۡضَاتِیۚ تُسِرُّونَ إِلَیۡهِم بِٱلۡمَوَدَّةِ وَأَنَا۠ أَعۡلَمُ بِمَاۤ أَخۡفَیۡتُمۡ وَمَاۤ أَعۡلَنتُمۡۚ وَمَن یَفۡعَلۡهُ مِنكُمۡ فَقَدۡ ضَلَّ سَوَاۤءَ ٱلسَّبِیلِ ﴿1﴾
হে ঈমান্দাৰসকল! তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা, তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা, অথচ সিহঁতে তোমালোকৰ ওচৰলৈ অহা সত্যক প্ৰত্যাখ্যান কৰিছে, ৰাছুলক আৰু তোমালোকক বহিষ্কাৰ কৰিছে এই কাৰণে যে, তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। যদি তোমালোকে মোৰ পথত জিহাদ কৰিবলৈ আৰু মোৰ সন্তুষ্টি লাভৰ বাবে ওলাইছা, তেন্তে কিয় তোমালোকে সিহঁতৰ লগত গোপনে বন্ধুত্ব কৰিছা? আৰু তোমালোকে যি গোপন কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা সেই বিষয়ে মই সম্যক অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব সি সৰল পথৰ পৰা বিচ্যুত হ’ব।
إِن یَثۡقَفُوكُمۡ یَكُونُوا۟ لَكُمۡ أَعۡدَاۤءࣰ وَیَبۡسُطُوۤا۟ إِلَیۡكُمۡ أَیۡدِیَهُمۡ وَأَلۡسِنَتَهُم بِٱلسُّوۤءِ وَوَدُّوا۟ لَوۡ تَكۡفُرُونَ ﴿2﴾
সিহঁতে যদি তোমালোকৰ ওপৰত প্ৰধান্য লাভ কৰে তেন্তে সিহঁত তোমালোকৰ শত্ৰু হৈ পৰিব, লগতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকক অনিষ্ট সাধন কৰিব, আৰু সিহঁতে কামনা কৰিব যে, তোমালোকেও কুফুৰী কৰা!
لَن تَنفَعَكُمۡ أَرۡحَامُكُمۡ وَلَاۤ أَوۡلَـٰدُكُمۡۚ یَوۡمَ ٱلۡقِیَـٰمَةِ یَفۡصِلُ بَیۡنَكُمۡۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِیرࣱ ﴿3﴾
তোমালোকৰ আত্মীয়-স্বজন আৰু সন্তান-সন্ততিয়ে ক্বিয়ামতৰ দিনা কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰি দিব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সৰ্বদ্ৰষ্টা।
قَدۡ كَانَتۡ لَكُمۡ أُسۡوَةٌ حَسَنَةࣱ فِیۤ إِبۡرَ ٰهِیمَ وَٱلَّذِینَ مَعَهُۥۤ إِذۡ قَالُوا۟ لِقَوۡمِهِمۡ إِنَّا بُرَءَ ٰۤ ؤُا۟ مِنكُمۡ وَمِمَّا تَعۡبُدُونَ مِن دُونِ ٱللَّهِ كَفَرۡنَا بِكُمۡ وَبَدَا بَیۡنَنَا وَبَیۡنَكُمُ ٱلۡعَدَ ٰوَةُ وَٱلۡبَغۡضَاۤءُ أَبَدًا حَتَّىٰ تُؤۡمِنُوا۟ بِٱللَّهِ وَحۡدَهُۥۤ إِلَّا قَوۡلَ إِبۡرَ ٰهِیمَ لِأَبِیهِ لَأَسۡتَغۡفِرَنَّ لَكَ وَمَاۤ أَمۡلِكُ لَكَ مِنَ ٱللَّهِ مِن شَیۡءࣲۖ رَّبَّنَا عَلَیۡكَ تَوَكَّلۡنَا وَإِلَیۡكَ أَنَبۡنَا وَإِلَیۡكَ ٱلۡمَصِیرُ ﴿4﴾
নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত আছে উত্তম আদৰ্শ। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি তোমালোকক নামানো। (আজিৰ পৰা) আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিবা’। কিন্তু ইব্ৰাহীমৰ নিজ পিতাৰ প্ৰতি কৰা এই উক্তিটো আছিল ব্যতিক্ৰম যে, ‘মই নিশ্চয় আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, কিন্তু মই আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ কৰিবলৈ মোৰ সাধ্য নাই’। (ইব্ৰাহীম আৰু তেওঁৰ অনুসাৰীসকলে কৈছিল) হে আমাৰ প্ৰতিপালক! ‘আমি তোমাৰ ওপৰতেই ভৰসা কৰিছোঁ, আৰু তোমাৰেই অভিমুখী হৈছোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ প্ৰত্যাৱৰ্তন’।
رَبَّنَا لَا تَجۡعَلۡنَا فِتۡنَةࣰ لِّلَّذِینَ كَفَرُوا۟ وَٱغۡفِرۡ لَنَا رَبَّنَاۤۖ إِنَّكَ أَنتَ ٱلۡعَزِیزُ ٱلۡحَكِیمُ ﴿5﴾
‘হে আমাৰ প্ৰতিপালক! তুমি আমাক কাফিৰসকলৰ ফিতনাৰ পাত্ৰ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক ক্ষমা কৰি দিয়া; নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
لَقَدۡ كَانَ لَكُمۡ فِیهِمۡ أُسۡوَةٌ حَسَنَةࣱ لِّمَن كَانَ یَرۡجُوا۟ ٱللَّهَ وَٱلۡیَوۡمَ ٱلۡـَٔاخِرَۚ وَمَن یَتَوَلَّ فَإِنَّ ٱللَّهَ هُوَ ٱلۡغَنِیُّ ٱلۡحَمِیدُ ﴿6﴾
নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে তেওঁলোকৰ মাজত, যিহেতু তোমালোকে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰা; আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত যে) নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।
۞ عَسَى ٱللَّهُ أَن یَجۡعَلَ بَیۡنَكُمۡ وَبَیۡنَ ٱلَّذِینَ عَادَیۡتُم مِّنۡهُم مَّوَدَّةࣰۚ وَٱللَّهُ قَدِیرࣱۚ وَٱللَّهُ غَفُورࣱ رَّحِیمࣱ ﴿7﴾
যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱতঃ আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আল্লাহ ক্ষমতাৱান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।
لَّا یَنۡهَىٰكُمُ ٱللَّهُ عَنِ ٱلَّذِینَ لَمۡ یُقَـٰتِلُوكُمۡ فِی ٱلدِّینِ وَلَمۡ یُخۡرِجُوكُم مِّن دِیَـٰرِكُمۡ أَن تَبَرُّوهُمۡ وَتُقۡسِطُوۤا۟ إِلَیۡهِمۡۚ إِنَّ ٱللَّهَ یُحِبُّ ٱلۡمُقۡسِطِینَ ﴿8﴾
দ্বীনী ক্ষেত্ৰত যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহ ন্যায়পৰায়ণসকলক ভালপায়।
إِنَّمَا یَنۡهَىٰكُمُ ٱللَّهُ عَنِ ٱلَّذِینَ قَـٰتَلُوكُمۡ فِی ٱلدِّینِ وَأَخۡرَجُوكُم مِّن دِیَـٰرِكُمۡ وَظَـٰهَرُوا۟ عَلَىٰۤ إِخۡرَاجِكُمۡ أَن تَوَلَّوۡهُمۡۚ وَمَن یَتَوَلَّهُمۡ فَأُو۟لَـٰۤىِٕكَ هُمُ ٱلظَّـٰلِمُونَ ﴿9﴾
আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, যিসকলে দ্বীন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে, তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰিবলৈ সহায় কৰিছে। এনেকুৱা লোকৰ সৈতে যিসকলে বন্ধুত্ব কৰে, সিহঁতেই হৈছে যালিম।
یَـٰۤأَیُّهَا ٱلَّذِینَ ءَامَنُوۤا۟ إِذَا جَاۤءَكُمُ ٱلۡمُؤۡمِنَـٰتُ مُهَـٰجِرَ ٰتࣲ فَٱمۡتَحِنُوهُنَّۖ ٱللَّهُ أَعۡلَمُ بِإِیمَـٰنِهِنَّۖ فَإِنۡ عَلِمۡتُمُوهُنَّ مُؤۡمِنَـٰتࣲ فَلَا تَرۡجِعُوهُنَّ إِلَى ٱلۡكُفَّارِۖ لَا هُنَّ حِلࣱّ لَّهُمۡ وَلَا هُمۡ یَحِلُّونَ لَهُنَّۖ وَءَاتُوهُم مَّاۤ أَنفَقُوا۟ۚ وَلَا جُنَاحَ عَلَیۡكُمۡ أَن تَنكِحُوهُنَّ إِذَاۤ ءَاتَیۡتُمُوهُنَّ أُجُورَهُنَّۚ وَلَا تُمۡسِكُوا۟ بِعِصَمِ ٱلۡكَوَافِرِ وَسۡـَٔلُوا۟ مَاۤ أَنفَقۡتُمۡ وَلۡیَسۡـَٔلُوا۟ مَاۤ أَنفَقُوا۟ۚ ذَ ٰلِكُمۡ حُكۡمُ ٱللَّهِ یَحۡكُمُ بَیۡنَكُمۡۖ وَٱللَّهُ عَلِیمٌ حَكِیمࣱ ﴿10﴾
হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰলৈ মুমিনা নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰি লবা; আল্লাহেই সিহঁতৰ ঈমান সম্পৰ্কে সম্যক অৱগত। তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে, সিহঁত মুমিনা নাৰী, তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ ওভতাই নপঠিয়াবা। মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয়। কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক ওভতাই দিয়া। তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহ’ব, যদি তোমালোকে সিহঁতক মোহৰ আদায় দিয়া; আৰু তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজায় নাৰাখিবা। তোমালোকে যি ব্যয় কৰিছা সেয়া তোমালোকে ওভতাই লবা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে ঘূৰাই বিচৰা উচিত। এইটোৱে হৈছে আল্লাহৰ বিধান; তেওঁ তোমালোকৰ মাজত ফয়চালা কৰি দিয়ে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
وَإِن فَاتَكُمۡ شَیۡءࣱ مِّنۡ أَزۡوَ ٰجِكُمۡ إِلَى ٱلۡكُفَّارِ فَعَاقَبۡتُمۡ فَـَٔاتُوا۟ ٱلَّذِینَ ذَهَبَتۡ أَزۡوَ ٰجُهُم مِّثۡلَ مَاۤ أَنفَقُوا۟ۚ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِیۤ أَنتُم بِهِۦ مُؤۡمِنُونَ ﴿11﴾
আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ কোনোবাই যদি হাত এৰাদি কাফিৰসকলৰ ওচৰলৈ গুচি যায়, তাৰ পিছত যদি তোমালোকে যুদ্ধত বিজয়ী হৈ গনীমত লাভ কৰা, তেনেহ’লে যিসকলৰ স্ত্ৰী গুচি গৈছে সিহঁতক, সিহঁতে যি ব্যয় কৰিছে, তাৰ সমপৰিমাণ প্ৰদান কৰিবা; আৰু তোমালোকে আল্লাহক ভয় কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।
یَـٰۤأَیُّهَا ٱلنَّبِیُّ إِذَا جَاۤءَكَ ٱلۡمُؤۡمِنَـٰتُ یُبَایِعۡنَكَ عَلَىٰۤ أَن لَّا یُشۡرِكۡنَ بِٱللَّهِ شَیۡـࣰٔا وَلَا یَسۡرِقۡنَ وَلَا یَزۡنِینَ وَلَا یَقۡتُلۡنَ أَوۡلَـٰدَهُنَّ وَلَا یَأۡتِینَ بِبُهۡتَـٰنࣲ یَفۡتَرِینَهُۥ بَیۡنَ أَیۡدِیهِنَّ وَأَرۡجُلِهِنَّ وَلَا یَعۡصِینَكَ فِی مَعۡرُوفࣲ فَبَایِعۡهُنَّ وَٱسۡتَغۡفِرۡ لَهُنَّ ٱللَّهَۚ إِنَّ ٱللَّهَ غَفُورࣱ رَّحِیمࣱ ﴿12﴾
হে নবী! যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰলৈ আহি এই সম্পৰ্কে বাইআত কৰে যে, সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, নিজৰ সন্তানসকলক হত্যা নকৰিব, ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকৰ্মত তোমাৰ অবাধ্যতা নকৰিব, তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰিবা, আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
یَـٰۤأَیُّهَا ٱلَّذِینَ ءَامَنُوا۟ لَا تَتَوَلَّوۡا۟ قَوۡمًا غَضِبَ ٱللَّهُ عَلَیۡهِمۡ قَدۡ یَىِٕسُوا۟ مِنَ ٱلۡـَٔاخِرَةِ كَمَا یَىِٕسَ ٱلۡكُفَّارُ مِنۡ أَصۡحَـٰبِ ٱلۡقُبُورِ ﴿13﴾
হে ঈমান্দাৰসকল! তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে। সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে, যেনেকৈ কাফিৰসকলে কবৰবাসীৰ বিষয়ে নিৰাশ হৈ পৰিছে।