Settings
Surah Mutual Disillusion [At-Taghabun] in Assamese
یُسَبِّحُ لِلَّهِ مَا فِی ٱلسَّمَـٰوَ ٰتِ وَمَا فِی ٱلۡأَرۡضِۖ لَهُ ٱلۡمُلۡكُ وَلَهُ ٱلۡحَمۡدُۖ وَهُوَ عَلَىٰ كُلِّ شَیۡءࣲ قَدِیرٌ ﴿1﴾
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
هُوَ ٱلَّذِی خَلَقَكُمۡ فَمِنكُمۡ كَافِرࣱ وَمِنكُم مُّؤۡمِنࣱۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِیرٌ ﴿2﴾
তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
خَلَقَ ٱلسَّمَـٰوَ ٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّ وَصَوَّرَكُمۡ فَأَحۡسَنَ صُوَرَكُمۡۖ وَإِلَیۡهِ ٱلۡمَصِیرُ ﴿3﴾
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাৱৰ্তন কেৱল তেওঁৰ ওচৰতেই।
یَعۡلَمُ مَا فِی ٱلسَّمَـٰوَ ٰتِ وَٱلۡأَرۡضِ وَیَعۡلَمُ مَا تُسِرُّونَ وَمَا تُعۡلِنُونَۚ وَٱللَّهُ عَلِیمُۢ بِذَاتِ ٱلصُّدُورِ ﴿4﴾
আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।
أَلَمۡ یَأۡتِكُمۡ نَبَؤُا۟ ٱلَّذِینَ كَفَرُوا۟ مِن قَبۡلُ فَذَاقُوا۟ وَبَالَ أَمۡرِهِمۡ وَلَهُمۡ عَذَابٌ أَلِیمࣱ ﴿5﴾
ইয়াৰ আগত যিসকলে কুফুৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰলৈ আহি পোৱা নাইনে? সিহঁতে নিজৰ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
ذَ ٰلِكَ بِأَنَّهُۥ كَانَت تَّأۡتِیهِمۡ رُسُلُهُم بِٱلۡبَیِّنَـٰتِ فَقَالُوۤا۟ أَبَشَرࣱ یَهۡدُونَنَا فَكَفَرُوا۟ وَتَوَلَّوا۟ۖ وَّٱسۡتَغۡنَى ٱللَّهُۚ وَٱللَّهُ غَنِیٌّ حَمِیدࣱ ﴿6﴾
এয়া এই কাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল, তথাপিও সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফুৰী কৰিছিল আৰু মুখ ঘূৰাই লৈছিল; ফলত আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰুক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।
زَعَمَ ٱلَّذِینَ كَفَرُوۤا۟ أَن لَّن یُبۡعَثُوا۟ۚ قُلۡ بَلَىٰ وَرَبِّی لَتُبۡعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلۡتُمۡۚ وَذَ ٰلِكَ عَلَى ٱللَّهِ یَسِیرࣱ ﴿7﴾
কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।
فَـَٔامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَٱلنُّورِ ٱلَّذِیۤ أَنزَلۡنَاۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ خَبِیرࣱ ﴿8﴾
এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি, লগতে আমি যি নূৰ অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি ঈমান পোষণ কৰা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
یَوۡمَ یَجۡمَعُكُمۡ لِیَوۡمِ ٱلۡجَمۡعِۖ ذَ ٰلِكَ یَوۡمُ ٱلتَّغَابُنِۗ وَمَن یُؤۡمِنۢ بِٱللَّهِ وَیَعۡمَلۡ صَـٰلِحࣰا یُكَفِّرۡ عَنۡهُ سَیِّـَٔاتِهِۦ وَیُدۡخِلۡهُ جَنَّـٰتࣲ تَجۡرِی مِن تَحۡتِهَا ٱلۡأَنۡهَـٰرُ خَـٰلِدِینَ فِیهَاۤ أَبَدࣰاۚ ذَ ٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِیمُ ﴿9﴾
স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেই দিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহা সফলতা।
وَٱلَّذِینَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔایَـٰتِنَاۤ أُو۟لَـٰۤىِٕكَ أَصۡحَـٰبُ ٱلنَّارِ خَـٰلِدِینَ فِیهَاۖ وَبِئۡسَ ٱلۡمَصِیرُ ﴿10﴾
কিন্তু যিসকলে কুফুৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। কিমান নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।
مَاۤ أَصَابَ مِن مُّصِیبَةٍ إِلَّا بِإِذۡنِ ٱللَّهِۗ وَمَن یُؤۡمِنۢ بِٱللَّهِ یَهۡدِ قَلۡبَهُۥۚ وَٱللَّهُ بِكُلِّ شَیۡءٍ عَلِیمࣱ ﴿11﴾
আল্লাহৰ অনুমতি অবিহনে কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে, আল্লাহে তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।
وَأَطِیعُوا۟ ٱللَّهَ وَأَطِیعُوا۟ ٱلرَّسُولَۚ فَإِن تَوَلَّیۡتُمۡ فَإِنَّمَا عَلَىٰ رَسُولِنَا ٱلۡبَلَـٰغُ ٱلۡمُبِینُ ﴿12﴾
তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা। কিন্তু তোমালোকে যদি মুখ ঘূৰাই লোৱা তেন্তে (জানি থোৱা) মোৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে প্ৰচাৰ কৰাহে।
ٱللَّهُ لَاۤ إِلَـٰهَ إِلَّا هُوَۚ وَعَلَى ٱللَّهِ فَلۡیَتَوَكَّلِ ٱلۡمُؤۡمِنُونَ ﴿13﴾
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল কৰা উচিত।
یَـٰۤأَیُّهَا ٱلَّذِینَ ءَامَنُوۤا۟ إِنَّ مِنۡ أَزۡوَ ٰجِكُمۡ وَأَوۡلَـٰدِكُمۡ عَدُوࣰّا لَّكُمۡ فَٱحۡذَرُوهُمۡۚ وَإِن تَعۡفُوا۟ وَتَصۡفَحُوا۟ وَتَغۡفِرُوا۟ فَإِنَّ ٱللَّهَ غَفُورࣱ رَّحِیمٌ ﴿14﴾
হে ঈমান্দাৰসকল! তোমালোকৰ স্ত্ৰী-স্বামী আৰু সন্তান-সন্ততিসকলৰ মাজৰ কিছুমান হৈছে তোমালোকৰ শত্ৰু; এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা। যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া, সিহঁতৰ দোষ-ত্ৰুটিক উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
إِنَّمَاۤ أَمۡوَ ٰلُكُمۡ وَأَوۡلَـٰدُكُمۡ فِتۡنَةࣱۚ وَٱللَّهُ عِندَهُۥۤ أَجۡرٌ عَظِیمࣱ ﴿15﴾
নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰস্কাৰ।
فَٱتَّقُوا۟ ٱللَّهَ مَا ٱسۡتَطَعۡتُمۡ وَٱسۡمَعُوا۟ وَأَطِیعُوا۟ وَأَنفِقُوا۟ خَیۡرࣰا لِّأَنفُسِكُمۡۗ وَمَن یُوقَ شُحَّ نَفۡسِهِۦ فَأُو۟لَـٰۤىِٕكَ هُمُ ٱلۡمُفۡلِحُونَ ﴿16﴾
এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, শ্ৰৱণ কৰা, আনুগত্য কৰা আৰু ব্যয় কৰা, তোমালোকৰ নিজৰে কল্যাণ হ’ব; আৰু যিসকলে অন্তৰৰ কৃপণতাৰ পৰা মুক্ত, সিহঁতেই হৈছে সাফল্যমণ্ডিত।
إِن تُقۡرِضُوا۟ ٱللَّهَ قَرۡضًا حَسَنࣰا یُضَـٰعِفۡهُ لَكُمۡ وَیَغۡفِرۡ لَكُمۡۚ وَٱللَّهُ شَكُورٌ حَلِیمٌ ﴿17﴾
যদি তোমালোকে আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেওঁ তোমালোকৰ বাবে তাক বহু গুণ বৃদ্ধি কৰি দিব আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ গুণগ্ৰাহী, পৰম ধৈৰ্যশীল।
عَـٰلِمُ ٱلۡغَیۡبِ وَٱلشَّهَـٰدَةِ ٱلۡعَزِیزُ ٱلۡحَكِیمُ ﴿18﴾
তেওঁ দৃশ্য আৰু অদৃশ্য যাৱতীয় বিষয়ৰ জ্ঞানী, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian