Main pages

Surah The reality [Al-Haaqqa] in Assamese

Surah The reality [Al-Haaqqa] Ayah 52 Location Makkah Number 69

ٱلۡحَاۤقَّةُ ﴿1﴾

সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)

مَا ٱلۡحَاۤقَّةُ ﴿2﴾

কি সেই অৱশ্যম্ভাৱী ঘটনা?

وَمَاۤ أَدۡرَىٰكَ مَا ٱلۡحَاۤقَّةُ ﴿3﴾

আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?

كَذَّبَتۡ ثَمُودُ وَعَادُۢ بِٱلۡقَارِعَةِ ﴿4﴾

ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

فَأَمَّا ثَمُودُ فَأُهۡلِكُوا۟ بِٱلطَّاغِیَةِ ﴿5﴾

সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

وَأَمَّا عَادࣱ فَأُهۡلِكُوا۟ بِرِیحࣲ صَرۡصَرٍ عَاتِیَةࣲ ﴿6﴾

আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,

سَخَّرَهَا عَلَیۡهِمۡ سَبۡعَ لَیَالࣲ وَثَمَـٰنِیَةَ أَیَّامٍ حُسُومࣰاۖ فَتَرَى ٱلۡقَوۡمَ فِیهَا صَرۡعَىٰ كَأَنَّهُمۡ أَعۡجَازُ نَخۡلٍ خَاوِیَةࣲ ﴿7﴾

ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

فَهَلۡ تَرَىٰ لَهُم مِّنۢ بَاقِیَةࣲ ﴿8﴾

এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?

وَجَاۤءَ فِرۡعَوۡنُ وَمَن قَبۡلَهُۥ وَٱلۡمُؤۡتَفِكَـٰتُ بِٱلۡخَاطِئَةِ ﴿9﴾

লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপকৰ্মত লিপ্ত আছিল।

فَعَصَوۡا۟ رَسُولَ رَبِّهِمۡ فَأَخَذَهُمۡ أَخۡذَةࣰ رَّابِیَةً ﴿10﴾

আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।

إِنَّا لَمَّا طَغَا ٱلۡمَاۤءُ حَمَلۡنَـٰكُمۡ فِی ٱلۡجَارِیَةِ ﴿11﴾

যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ।

لِنَجۡعَلَهَا لَكُمۡ تَذۡكِرَةࣰ وَتَعِیَهَاۤ أُذُنࣱ وَ ٰ⁠عِیَةࣱ ﴿12﴾

আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।

فَإِذَا نُفِخَ فِی ٱلصُّورِ نَفۡخَةࣱ وَ ٰ⁠حِدَةࣱ ﴿13﴾

এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।

وَحُمِلَتِ ٱلۡأَرۡضُ وَٱلۡجِبَالُ فَدُكَّتَا دَكَّةࣰ وَ ٰ⁠حِدَةࣰ ﴿14﴾

আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

فَیَوۡمَىِٕذࣲ وَقَعَتِ ٱلۡوَاقِعَةُ ﴿15﴾

ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

وَٱنشَقَّتِ ٱلسَّمَاۤءُ فَهِیَ یَوۡمَىِٕذࣲ وَاهِیَةࣱ ﴿16﴾

আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

وَٱلۡمَلَكُ عَلَىٰۤ أَرۡجَاۤىِٕهَاۚ وَیَحۡمِلُ عَرۡشَ رَبِّكَ فَوۡقَهُمۡ یَوۡمَىِٕذࣲ ثَمَـٰنِیَةࣱ ﴿17﴾

আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

یَوۡمَىِٕذࣲ تُعۡرَضُونَ لَا تَخۡفَىٰ مِنكُمۡ خَافِیَةࣱ ﴿18﴾

সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

فَأَمَّا مَنۡ أُوتِیَ كِتَـٰبَهُۥ بِیَمِینِهِۦ فَیَقُولُ هَاۤؤُمُ ٱقۡرَءُوا۟ كِتَـٰبِیَهۡ ﴿19﴾

তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

إِنِّی ظَنَنتُ أَنِّی مُلَـٰقٍ حِسَابِیَهۡ ﴿20﴾

‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

فَهُوَ فِی عِیشَةࣲ رَّاضِیَةࣲ ﴿21﴾

তেওঁ থাকিব সন্তোষজনক জীৱনত;

فِی جَنَّةٍ عَالِیَةࣲ ﴿22﴾

সুউচ্চ জান্নাতত,

قُطُوفُهَا دَانِیَةࣱ ﴿23﴾

যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।

كُلُوا۟ وَٱشۡرَبُوا۟ هَنِیۤـَٔۢا بِمَاۤ أَسۡلَفۡتُمۡ فِی ٱلۡأَیَّامِ ٱلۡخَالِیَةِ ﴿24﴾

(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

وَأَمَّا مَنۡ أُوتِیَ كِتَـٰبَهُۥ بِشِمَالِهِۦ فَیَقُولُ یَـٰلَیۡتَنِی لَمۡ أُوتَ كِتَـٰبِیَهۡ ﴿25﴾

কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!

وَلَمۡ أَدۡرِ مَا حِسَابِیَهۡ ﴿26﴾

‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!

یَـٰلَیۡتَهَا كَانَتِ ٱلۡقَاضِیَةَ ﴿27﴾

‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!

مَاۤ أَغۡنَىٰ عَنِّی مَالِیَهۡۜ ﴿28﴾

‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।

هَلَكَ عَنِّی سُلۡطَـٰنِیَهۡ ﴿29﴾

‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

خُذُوهُ فَغُلُّوهُ ﴿30﴾

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

ثُمَّ ٱلۡجَحِیمَ صَلُّوهُ ﴿31﴾

‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

ثُمَّ فِی سِلۡسِلَةࣲ ذَرۡعُهَا سَبۡعُونَ ذِرَاعࣰا فَٱسۡلُكُوهُ ﴿32﴾

তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

إِنَّهُۥ كَانَ لَا یُؤۡمِنُ بِٱللَّهِ ٱلۡعَظِیمِ ﴿33﴾

নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,

وَلَا یَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِینِ ﴿34﴾

আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।

فَلَیۡسَ لَهُ ٱلۡیَوۡمَ هَـٰهُنَا حَمِیمࣱ ﴿35﴾

এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

وَلَا طَعَامٌ إِلَّا مِنۡ غِسۡلِینࣲ ﴿36﴾

আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,

لَّا یَأۡكُلُهُۥۤ إِلَّا ٱلۡخَـٰطِـُٔونَ ﴿37﴾

যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

فَلَاۤ أُقۡسِمُ بِمَا تُبۡصِرُونَ ﴿38﴾

এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,

وَمَا لَا تُبۡصِرُونَ ﴿39﴾

লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;

إِنَّهُۥ لَقَوۡلُ رَسُولࣲ كَرِیمࣲ ﴿40﴾

নিশ্চয় এয়া (কোৰআন) এজন সন্মানিত ৰাছুলৰ (বহনকৃত) বাণী।

وَمَا هُوَ بِقَوۡلِ شَاعِرࣲۚ قَلِیلࣰا مَّا تُؤۡمِنُونَ ﴿41﴾

আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

وَلَا بِقَوۡلِ كَاهِنࣲۚ قَلِیلࣰا مَّا تَذَكَّرُونَ ﴿42﴾

আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

تَنزِیلࣱ مِّن رَّبِّ ٱلۡعَـٰلَمِینَ ﴿43﴾

এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

وَلَوۡ تَقَوَّلَ عَلَیۡنَا بَعۡضَ ٱلۡأَقَاوِیلِ ﴿44﴾

তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,

لَأَخَذۡنَا مِنۡهُ بِٱلۡیَمِینِ ﴿45﴾

তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,

ثُمَّ لَقَطَعۡنَا مِنۡهُ ٱلۡوَتِینَ ﴿46﴾

তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,

فَمَا مِنكُم مِّنۡ أَحَدٍ عَنۡهُ حَـٰجِزِینَ ﴿47﴾

এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।

وَإِنَّهُۥ لَتَذۡكِرَةࣱ لِّلۡمُتَّقِینَ ﴿48﴾

আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

وَإِنَّا لَنَعۡلَمُ أَنَّ مِنكُم مُّكَذِّبِینَ ﴿49﴾

আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

وَإِنَّهُۥ لَحَسۡرَةٌ عَلَى ٱلۡكَـٰفِرِینَ ﴿50﴾

আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।

وَإِنَّهُۥ لَحَقُّ ٱلۡیَقِینِ ﴿51﴾

আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।

فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِیمِ ﴿52﴾

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।