Settings
Surah The emissaries [Al-Mursalat] in Assamese
وَٱلۡمُرۡسَلَـٰتِ عُرۡفࣰا ﴿1﴾
শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,
فَٱلۡعَـٰصِفَـٰتِ عَصۡفࣰا ﴿2﴾
তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,
وَٱلنَّـٰشِرَ ٰتِ نَشۡرࣰا ﴿3﴾
শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ,
فَٱلۡفَـٰرِقَـٰتِ فَرۡقࣰا ﴿4﴾
তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,
فَٱلۡمُلۡقِیَـٰتِ ذِكۡرًا ﴿5﴾
তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---
عُذۡرًا أَوۡ نُذۡرًا ﴿6﴾
ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ,
إِنَّمَا تُوعَدُونَ لَوَ ٰقِعࣱ ﴿7﴾
নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব।
فَإِذَا ٱلنُّجُومُ طُمِسَتۡ ﴿8﴾
যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,
وَإِذَا ٱلسَّمَاۤءُ فُرِجَتۡ ﴿9﴾
আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
وَإِذَا ٱلۡجِبَالُ نُسِفَتۡ ﴿10﴾
আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,
وَإِذَا ٱلرُّسُلُ أُقِّتَتۡ ﴿11﴾
আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,
لِأَیِّ یَوۡمٍ أُجِّلَتۡ ﴿12﴾
কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?
لِیَوۡمِ ٱلۡفَصۡلِ ﴿13﴾
বিচাৰ দিৱসৰ বাবে।
وَمَاۤ أَدۡرَىٰكَ مَا یَوۡمُ ٱلۡفَصۡلِ ﴿14﴾
আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿15﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
أَلَمۡ نُهۡلِكِ ٱلۡأَوَّلِینَ ﴿16﴾
আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?
ثُمَّ نُتۡبِعُهُمُ ٱلۡـَٔاخِرِینَ ﴿17﴾
তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।
كَذَ ٰلِكَ نَفۡعَلُ بِٱلۡمُجۡرِمِینَ ﴿18﴾
অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿19﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
أَلَمۡ نَخۡلُقكُّم مِّن مَّاۤءࣲ مَّهِینࣲ ﴿20﴾
আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে?
فَجَعَلۡنَـٰهُ فِی قَرَارࣲ مَّكِینٍ ﴿21﴾
তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ,
إِلَىٰ قَدَرࣲ مَّعۡلُومࣲ ﴿22﴾
এটা নিৰ্দিষ্ট সময়লৈকে,
فَقَدَرۡنَا فَنِعۡمَ ٱلۡقَـٰدِرُونَ ﴿23﴾
তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿24﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ كِفَاتًا ﴿25﴾
আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?
أَحۡیَاۤءࣰ وَأَمۡوَ ٰتࣰا ﴿26﴾
জীৱিত আৰু মৃতসকলৰ বাবে?
وَجَعَلۡنَا فِیهَا رَوَ ٰسِیَ شَـٰمِخَـٰتࣲ وَأَسۡقَیۡنَـٰكُم مَّاۤءࣰ فُرَاتࣰا ﴿27﴾
আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰোৱাইছোঁ তৃষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿28﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
ٱنطَلِقُوۤا۟ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ ﴿29﴾
(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।
ٱنطَلِقُوۤا۟ إِلَىٰ ظِلࣲّ ذِی ثَلَـٰثِ شُعَبࣲ ﴿30﴾
যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,
لَّا ظَلِیلࣲ وَلَا یُغۡنِی مِنَ ٱللَّهَبِ ﴿31﴾
যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,
إِنَّهَا تَرۡمِی بِشَرَرࣲ كَٱلۡقَصۡرِ ﴿32﴾
নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,
كَأَنَّهُۥ جِمَـٰلَتࣱ صُفۡرࣱ ﴿33﴾
যেনিবা হালধীয়া উটৰ শ্ৰেণী,
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿34﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
هَـٰذَا یَوۡمُ لَا یَنطِقُونَ ﴿35﴾
এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,
وَلَا یُؤۡذَنُ لَهُمۡ فَیَعۡتَذِرُونَ ﴿36﴾
আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿37﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
هَـٰذَا یَوۡمُ ٱلۡفَصۡلِۖ جَمَعۡنَـٰكُمۡ وَٱلۡأَوَّلِینَ ﴿38﴾
‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।
فَإِن كَانَ لَكُمۡ كَیۡدࣱ فَكِیدُونِ ﴿39﴾
এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿40﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
إِنَّ ٱلۡمُتَّقِینَ فِی ظِلَـٰلࣲ وَعُیُونࣲ ﴿41﴾
নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,
وَفَوَ ٰكِهَ مِمَّا یَشۡتَهُونَ ﴿42﴾
লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।
كُلُوا۟ وَٱشۡرَبُوا۟ هَنِیۤـَٔۢا بِمَا كُنتُمۡ تَعۡمَلُونَ ﴿43﴾
(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;
إِنَّا كَذَ ٰلِكَ نَجۡزِی ٱلۡمُحۡسِنِینَ ﴿44﴾
সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿45﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
كُلُوا۟ وَتَمَتَّعُوا۟ قَلِیلًا إِنَّكُم مُّجۡرِمُونَ ﴿46﴾
(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿47﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
وَإِذَا قِیلَ لَهُمُ ٱرۡكَعُوا۟ لَا یَرۡكَعُونَ ﴿48﴾
যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿49﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
فَبِأَیِّ حَدِیثِۭ بَعۡدَهُۥ یُؤۡمِنُونَ ﴿50﴾
এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোনটো বাণীৰ প্ৰতি ঈমান আনিব?
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian