Main pages

Surah The tidings [An-Naba] in Assamese

Surah The tidings [An-Naba] Ayah 40 Location Makkah Number 78

عَمَّ یَتَسَاۤءَلُونَ ﴿1﴾

সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?

عَنِ ٱلنَّبَإِ ٱلۡعَظِیمِ ﴿2﴾

মহা সংবাদটোৰ বিষয়ে (নেকি?),

ٱلَّذِی هُمۡ فِیهِ مُخۡتَلِفُونَ ﴿3﴾

যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।

كَلَّا سَیَعۡلَمُونَ ﴿4﴾

কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

ثُمَّ كَلَّا سَیَعۡلَمُونَ ﴿5﴾

তাৰ পিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ مِهَـٰدࣰا ﴿6﴾

আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?

وَٱلۡجِبَالَ أَوۡتَادࣰا ﴿7﴾

আৰু পৰ্বতসমূহক পেৰেক?

وَخَلَقۡنَـٰكُمۡ أَزۡوَ ٰ⁠جࣰا ﴿8﴾

আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।

وَجَعَلۡنَا نَوۡمَكُمۡ سُبَاتࣰا ﴿9﴾

আৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম।

وَجَعَلۡنَا ٱلَّیۡلَ لِبَاسࣰا ﴿10﴾

আৰু ৰাতিক কৰি দিছোঁ আৱৰণ।

وَجَعَلۡنَا ٱلنَّهَارَ مَعَاشࣰا ﴿11﴾

আৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী।

وَبَنَیۡنَا فَوۡقَكُمۡ سَبۡعࣰا شِدَادࣰا ﴿12﴾

আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ।

وَجَعَلۡنَا سِرَاجࣰا وَهَّاجࣰا ﴿13﴾

আৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জল প্ৰদীপ।

وَأَنزَلۡنَا مِنَ ٱلۡمُعۡصِرَ ٰ⁠تِ مَاۤءࣰ ثَجَّاجࣰا ﴿14﴾

আৰু আমি বৰ্ষণ কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী।

لِّنُخۡرِجَ بِهِۦ حَبࣰّا وَنَبَاتࣰا ﴿15﴾

যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ।

وَجَنَّـٰتٍ أَلۡفَافًا ﴿16﴾

লগতে ঘন সন্নিবিষ্ট উদ্যান।

إِنَّ یَوۡمَ ٱلۡفَصۡلِ كَانَ مِیقَـٰتࣰا ﴿17﴾

নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।

یَوۡمَ یُنفَخُ فِی ٱلصُّورِ فَتَأۡتُونَ أَفۡوَاجࣰا ﴿18﴾

সেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।

وَفُتِحَتِ ٱلسَّمَاۤءُ فَكَانَتۡ أَبۡوَ ٰ⁠بࣰا ﴿19﴾

আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।

وَسُیِّرَتِ ٱلۡجِبَالُ فَكَانَتۡ سَرَابًا ﴿20﴾

আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।

إِنَّ جَهَنَّمَ كَانَتۡ مِرۡصَادࣰا ﴿21﴾

নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।

لِّلطَّـٰغِینَ مَـَٔابࣰا ﴿22﴾

সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল হিচাপে।

لَّـٰبِثِینَ فِیهَاۤ أَحۡقَابࣰا ﴿23﴾

তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।

لَّا یَذُوقُونَ فِیهَا بَرۡدࣰا وَلَا شَرَابًا ﴿24﴾

তাত সিহঁতে শীতল (বস্তুৰ) সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব।

إِلَّا حَمِیمࣰا وَغَسَّاقࣰا ﴿25﴾

উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।

جَزَاۤءࣰ وِفَاقًا ﴿26﴾

এইটোৱেই (সিহঁতৰ) উপযুক্ত প্ৰতিফল।

إِنَّهُمۡ كَانُوا۟ لَا یَرۡجُونَ حِسَابࣰا ﴿27﴾

নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।

وَكَذَّبُوا۟ بِـَٔایَـٰتِنَا كِذَّابࣰا ﴿28﴾

আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।

وَكُلَّ شَیۡءٍ أَحۡصَیۡنَـٰهُ كِتَـٰبࣰا ﴿29﴾

আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ।

فَذُوقُوا۟ فَلَن نَّزِیدَكُمۡ إِلَّا عَذَابًا ﴿30﴾

এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ।

إِنَّ لِلۡمُتَّقِینَ مَفَازًا ﴿31﴾

নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।

حَدَاۤىِٕقَ وَأَعۡنَـٰبࣰا ﴿32﴾

উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ।

وَكَوَاعِبَ أَتۡرَابࣰا ﴿33﴾

আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।

وَكَأۡسࣰا دِهَاقࣰا ﴿34﴾

আৰু পৰিপূৰ্ণ পানপাত্ৰ।

لَّا یَسۡمَعُونَ فِیهَا لَغۡوࣰا وَلَا كِذَّ ٰ⁠بࣰا ﴿35﴾

তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।

جَزَاۤءࣰ مِّن رَّبِّكَ عَطَاۤءً حِسَابࣰا ﴿36﴾

(এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান।

رَّبِّ ٱلسَّمَـٰوَ ٰ⁠تِ وَٱلۡأَرۡضِ وَمَا بَیۡنَهُمَا ٱلرَّحۡمَـٰنِۖ لَا یَمۡلِكُونَ مِنۡهُ خِطَابࣰا ﴿37﴾

যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব।

یَوۡمَ یَقُومُ ٱلرُّوحُ وَٱلۡمَلَـٰۤىِٕكَةُ صَفࣰّاۖ لَّا یَتَكَلَّمُونَ إِلَّا مَنۡ أَذِنَ لَهُ ٱلرَّحۡمَـٰنُ وَقَالَ صَوَابࣰا ﴿38﴾

সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব।

ذَ ٰ⁠لِكَ ٱلۡیَوۡمُ ٱلۡحَقُّۖ فَمَن شَاۤءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا ﴿39﴾

এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।

إِنَّاۤ أَنذَرۡنَـٰكُمۡ عَذَابࣰا قَرِیبࣰا یَوۡمَ یَنظُرُ ٱلۡمَرۡءُ مَا قَدَّمَتۡ یَدَاهُ وَیَقُولُ ٱلۡكَافِرُ یَـٰلَیۡتَنِی كُنتُ تُرَ ٰ⁠بَۢا ﴿40﴾

নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন।