Settings
Surah The Cleaving [AL-Infitar] in Assamese
إِذَا ٱلسَّمَاۤءُ ٱنفَطَرَتۡ ﴿1﴾
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
وَإِذَا ٱلۡكَوَاكِبُ ٱنتَثَرَتۡ ﴿2﴾
আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,
وَإِذَا ٱلۡبِحَارُ فُجِّرَتۡ ﴿3﴾
আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,
وَإِذَا ٱلۡقُبُورُ بُعۡثِرَتۡ ﴿4﴾
আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,
عَلِمَتۡ نَفۡسࣱ مَّا قَدَّمَتۡ وَأَخَّرَتۡ ﴿5﴾
তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।
یَـٰۤأَیُّهَا ٱلۡإِنسَـٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلۡكَرِیمِ ﴿6﴾
হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?
ٱلَّذِی خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ ﴿7﴾
যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,
فِیۤ أَیِّ صُورَةࣲ مَّا شَاۤءَ رَكَّبَكَ ﴿8﴾
আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
كَلَّا بَلۡ تُكَذِّبُونَ بِٱلدِّینِ ﴿9﴾
কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;
وَإِنَّ عَلَیۡكُمۡ لَحَـٰفِظِینَ ﴿10﴾
আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
كِرَامࣰا كَـٰتِبِینَ ﴿11﴾
সন্মানিত লেখক বৃন্দ;
یَعۡلَمُونَ مَا تَفۡعَلُونَ ﴿12﴾
তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
إِنَّ ٱلۡأَبۡرَارَ لَفِی نَعِیمࣲ ﴿13﴾
নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
وَإِنَّ ٱلۡفُجَّارَ لَفِی جَحِیمࣲ ﴿14﴾
আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
یَصۡلَوۡنَهَا یَوۡمَ ٱلدِّینِ ﴿15﴾
সিহঁতে তাত প্ৰৱেশ কৰিব প্ৰতিদান দিৱসত;
وَمَا هُمۡ عَنۡهَا بِغَاۤىِٕبِینَ ﴿16﴾
আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব (বা পলায়ন কৰিব নোৱাৰিব)।
وَمَاۤ أَدۡرَىٰكَ مَا یَوۡمُ ٱلدِّینِ ﴿17﴾
আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?
ثُمَّ مَاۤ أَدۡرَىٰكَ مَا یَوۡمُ ٱلدِّینِ ﴿18﴾
আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
یَوۡمَ لَا تَمۡلِكُ نَفۡسࣱ لِّنَفۡسࣲ شَیۡـࣰٔاۖ وَٱلۡأَمۡرُ یَوۡمَىِٕذࣲ لِّلَّهِ ﴿19﴾
সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ।
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian