Settings
Surah Defrauding [Al-Mutaffifin] in Assamese
وَیۡلࣱ لِّلۡمُطَفِّفِینَ ﴿1﴾
ধ্বংস সিহঁতৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে,
ٱلَّذِینَ إِذَا ٱكۡتَالُوا۟ عَلَى ٱلنَّاسِ یَسۡتَوۡفُونَ ﴿2﴾
যিসকলে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,
وَإِذَا كَالُوهُمۡ أَو وَّزَنُوهُمۡ یُخۡسِرُونَ ﴿3﴾
আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।
أَلَا یَظُنُّ أُو۟لَـٰۤىِٕكَ أَنَّهُم مَّبۡعُوثُونَ ﴿4﴾
সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?
لِیَوۡمٍ عَظِیمࣲ ﴿5﴾
মহাদিৱসৰ দিনা।
یَوۡمَ یَقُومُ ٱلنَّاسُ لِرَبِّ ٱلۡعَـٰلَمِینَ ﴿6﴾
যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।
كَلَّاۤ إِنَّ كِتَـٰبَ ٱلۡفُجَّارِ لَفِی سِجِّینࣲ ﴿7﴾
কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা থাকিব ছিজ্জিনত।
وَمَاۤ أَدۡرَىٰكَ مَا سِجِّینࣱ ﴿8﴾
আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি?
كِتَـٰبࣱ مَّرۡقُومࣱ ﴿9﴾
চিহ্নিত আমলনামা।
وَیۡلࣱ یَوۡمَىِٕذࣲ لِّلۡمُكَذِّبِینَ ﴿10﴾
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
ٱلَّذِینَ یُكَذِّبُونَ بِیَوۡمِ ٱلدِّینِ ﴿11﴾
যিসকলে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।
وَمَا یُكَذِّبُ بِهِۦۤ إِلَّا كُلُّ مُعۡتَدٍ أَثِیمٍ ﴿12﴾
আৰু প্ৰত্যেক পাপিষ্ঠ সীমালংঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।
إِذَا تُتۡلَىٰ عَلَیۡهِ ءَایَـٰتُنَا قَالَ أَسَـٰطِیرُ ٱلۡأَوَّلِینَ ﴿13﴾
আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।
كَلَّاۖ بَلۡۜ رَانَ عَلَىٰ قُلُوبِهِم مَّا كَانُوا۟ یَكۡسِبُونَ ﴿14﴾
কেতিয়াও নহয়, বৰং সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে।
كَلَّاۤ إِنَّهُمۡ عَن رَّبِّهِمۡ یَوۡمَىِٕذࣲ لَّمَحۡجُوبُونَ ﴿15﴾
কেতিয়াও নহয়, নিশ্চয় সিহঁতে সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।
ثُمَّ إِنَّهُمۡ لَصَالُوا۟ ٱلۡجَحِیمِ ﴿16﴾
তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;
ثُمَّ یُقَالُ هَـٰذَا ٱلَّذِی كُنتُم بِهِۦ تُكَذِّبُونَ ﴿17﴾
তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে হৈছে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
كَلَّاۤ إِنَّ كِتَـٰبَ ٱلۡأَبۡرَارِ لَفِی عِلِّیِّینَ ﴿18﴾
কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।
وَمَاۤ أَدۡرَىٰكَ مَا عِلِّیُّونَ ﴿19﴾
আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি?
كِتَـٰبࣱ مَّرۡقُومࣱ ﴿20﴾
চিহ্নিত আমলনামা।
یَشۡهَدُهُ ٱلۡمُقَرَّبُونَ ﴿21﴾
সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াক অবলোকন কৰে।
إِنَّ ٱلۡأَبۡرَارَ لَفِی نَعِیمٍ ﴿22﴾
নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
عَلَى ٱلۡأَرَاۤىِٕكِ یَنظُرُونَ ﴿23﴾
সুসজ্জিত আসনত বহি দৰ্শন কৰিব।
تَعۡرِفُ فِی وُجُوهِهِمۡ نَضۡرَةَ ٱلنَّعِیمِ ﴿24﴾
তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,
یُسۡقَوۡنَ مِن رَّحِیقࣲ مَّخۡتُومٍ ﴿25﴾
সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;
خِتَـٰمُهُۥ مِسۡكࣱۚ وَفِی ذَ ٰلِكَ فَلۡیَتَنَافَسِ ٱلۡمُتَنَـٰفِسُونَ ﴿26﴾
আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত।
وَمِزَاجُهُۥ مِن تَسۡنِیمٍ ﴿27﴾
আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা,
عَیۡنࣰا یَشۡرَبُ بِهَا ٱلۡمُقَرَّبُونَ ﴿28﴾
(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে সেৱন কৰিব।
إِنَّ ٱلَّذِینَ أَجۡرَمُوا۟ كَانُوا۟ مِنَ ٱلَّذِینَ ءَامَنُوا۟ یَضۡحَكُونَ ﴿29﴾
নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,
وَإِذَا مَرُّوا۟ بِهِمۡ یَتَغَامَزُونَ ﴿30﴾
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।
وَإِذَا ٱنقَلَبُوۤا۟ إِلَىٰۤ أَهۡلِهِمُ ٱنقَلَبُوا۟ فَكِهِینَ ﴿31﴾
আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল,
وَإِذَا رَأَوۡهُمۡ قَالُوۤا۟ إِنَّ هَـٰۤؤُلَاۤءِ لَضَاۤلُّونَ ﴿32﴾
আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।
وَمَاۤ أُرۡسِلُوا۟ عَلَیۡهِمۡ حَـٰفِظِینَ ﴿33﴾
অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাছিল।
فَٱلۡیَوۡمَ ٱلَّذِینَ ءَامَنُوا۟ مِنَ ٱلۡكُفَّارِ یَضۡحَكُونَ ﴿34﴾
এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।
عَلَى ٱلۡأَرَاۤىِٕكِ یَنظُرُونَ ﴿35﴾
সুসজ্জিত আসনত বহি দৰ্শন কৰিব।
هَلۡ ثُوِّبَ ٱلۡكُفَّارُ مَا كَانُوا۟ یَفۡعَلُونَ ﴿36﴾
কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian