Settings
Surah The morning star [At-Tariq] in Assamese
وَٱلسَّمَاۤءِ وَٱلطَّارِقِ ﴿1﴾
শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;
وَمَاۤ أَدۡرَىٰكَ مَا ٱلطَّارِقُ ﴿2﴾
আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?
ٱلنَّجۡمُ ٱلثَّاقِبُ ﴿3﴾
(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।
إِن كُلُّ نَفۡسࣲ لَّمَّا عَلَیۡهَا حَافِظࣱ ﴿4﴾
প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে।
فَلۡیَنظُرِ ٱلۡإِنسَـٰنُ مِمَّ خُلِقَ ﴿5﴾
এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!
خُلِقَ مِن مَّاۤءࣲ دَافِقࣲ ﴿6﴾
তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে,
یَخۡرُجُ مِنۢ بَیۡنِ ٱلصُّلۡبِ وَٱلتَّرَاۤىِٕبِ ﴿7﴾
যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।
إِنَّهُۥ عَلَىٰ رَجۡعِهِۦ لَقَادِرࣱ ﴿8﴾
নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম।
یَوۡمَ تُبۡلَى ٱلسَّرَاۤىِٕرُ ﴿9﴾
যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,
فَمَا لَهُۥ مِن قُوَّةࣲ وَلَا نَاصِرࣲ ﴿10﴾
সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।
وَٱلسَّمَاۤءِ ذَاتِ ٱلرَّجۡعِ ﴿11﴾
শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,
وَٱلۡأَرۡضِ ذَاتِ ٱلصَّدۡعِ ﴿12﴾
শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,
إِنَّهُۥ لَقَوۡلࣱ فَصۡلࣱ ﴿13﴾
নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী।
وَمَا هُوَ بِٱلۡهَزۡلِ ﴿14﴾
আৰু এইখন নিৰৰ্থক নহয়।
إِنَّهُمۡ یَكِیدُونَ كَیۡدࣰا ﴿15﴾
নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,
وَأَكِیدُ كَیۡدࣰا ﴿16﴾
আৰু ময়ো ভীষণ কৌশল কৰিছোঁ।
فَمَهِّلِ ٱلۡكَـٰفِرِینَ أَمۡهِلۡهُمۡ رُوَیۡدَۢا ﴿17﴾
এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian