Settings
Surah The City [Al-Balad] in Assamese
لَاۤ أُقۡسِمُ بِهَـٰذَا ٱلۡبَلَدِ ﴿1﴾
মই শপত কৰিছোঁ এই (মক্কা) নগৰৰ,
وَأَنتَ حِلُّۢ بِهَـٰذَا ٱلۡبَلَدِ ﴿2﴾
আৰু তুমি এই নগৰৰ অধিবাসী,
وَوَالِدࣲ وَمَا وَلَدَ ﴿3﴾
শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে তাৰো (শপত)।
لَقَدۡ خَلَقۡنَا ٱلۡإِنسَـٰنَ فِی كَبَدٍ ﴿4﴾
নিঃসন্দেহে আমি মানুহক সৃষ্টি কৰিছোঁ কঠোৰ দুখ-কষ্টৰ মাজত।
أَیَحۡسَبُ أَن لَّن یَقۡدِرَ عَلَیۡهِ أَحَدࣱ ﴿5﴾
সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাৱান নহ’ব?
یَقُولُ أَهۡلَكۡتُ مَالࣰا لُّبَدًا ﴿6﴾
সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছোঁ'।
أَیَحۡسَبُ أَن لَّمۡ یَرَهُۥۤ أَحَدٌ ﴿7﴾
সি ভাবে নেকি যে, কোনেও তাক দেখা নাই?
أَلَمۡ نَجۡعَل لَّهُۥ عَیۡنَیۡنِ ﴿8﴾
তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে?
وَلِسَانࣰا وَشَفَتَیۡنِ ﴿9﴾
এখন জিভা আৰু দুখন ওঁঠ?
وَهَدَیۡنَـٰهُ ٱلنَّجۡدَیۡنِ ﴿10﴾
আৰু আমি তাক দেখুৱাইছোঁ দুটা পথ।
فَلَا ٱقۡتَحَمَ ٱلۡعَقَبَةَ ﴿11﴾
কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।
وَمَاۤ أَدۡرَىٰكَ مَا ٱلۡعَقَبَةُ ﴿12﴾
আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?
فَكُّ رَقَبَةٍ ﴿13﴾
সেইটো হৈছে, দাসমুক্তি।
أَوۡ إِطۡعَـٰمࣱ فِی یَوۡمࣲ ذِی مَسۡغَبَةࣲ ﴿14﴾
অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,
یَتِیمࣰا ذَا مَقۡرَبَةٍ ﴿15﴾
নিকটাত্মীয় এতীমক,
أَوۡ مِسۡكِینࣰا ذَا مَتۡرَبَةࣲ ﴿16﴾
অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,
ثُمَّ كَانَ مِنَ ٱلَّذِینَ ءَامَنُوا۟ وَتَوَاصَوۡا۟ بِٱلصَّبۡرِ وَتَوَاصَوۡا۟ بِٱلۡمَرۡحَمَةِ ﴿17﴾
লগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;
أُو۟لَـٰۤىِٕكَ أَصۡحَـٰبُ ٱلۡمَیۡمَنَةِ ﴿18﴾
এওঁলোকেই হৈছে সৌভাগ্যশালী।
وَٱلَّذِینَ كَفَرُوا۟ بِـَٔایَـٰتِنَا هُمۡ أَصۡحَـٰبُ ٱلۡمَشۡـَٔمَةِ ﴿19﴾
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে দুৰ্ভগীয়া।
عَلَیۡهِمۡ نَارࣱ مُّؤۡصَدَةُۢ ﴿20﴾
সিহঁতেই অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian