Settings
Surah The Clot [Al-Alaq] in Assamese
ٱقۡرَأۡ بِٱسۡمِ رَبِّكَ ٱلَّذِی خَلَقَ ﴿1﴾
পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,
خَلَقَ ٱلۡإِنسَـٰنَ مِنۡ عَلَقٍ ﴿2﴾
তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে।
ٱقۡرَأۡ وَرَبُّكَ ٱلۡأَكۡرَمُ ﴿3﴾
পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।
ٱلَّذِی عَلَّمَ بِٱلۡقَلَمِ ﴿4﴾
যিজনে কলমৰ সহায়ত শিক্ষা দিছে।
عَلَّمَ ٱلۡإِنسَـٰنَ مَا لَمۡ یَعۡلَمۡ ﴿5﴾
তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।
كَلَّاۤ إِنَّ ٱلۡإِنسَـٰنَ لَیَطۡغَىٰۤ ﴿6﴾
বাস্তৱ এই যে, মানুহে সীমালংঘন কৰি থাকে।
أَن رَّءَاهُ ٱسۡتَغۡنَىٰۤ ﴿7﴾
কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাবে।
إِنَّ إِلَىٰ رَبِّكَ ٱلرُّجۡعَىٰۤ ﴿8﴾
নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।
أَرَءَیۡتَ ٱلَّذِی یَنۡهَىٰ ﴿9﴾
তুমি তাক দেখা নাইনে? যিয়ে বাধা দিয়ে।
عَبۡدًا إِذَا صَلَّىٰۤ ﴿10﴾
এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।
أَرَءَیۡتَ إِن كَانَ عَلَى ٱلۡهُدَىٰۤ ﴿11﴾
কি বুলি ভবা, যদি তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে,
أَوۡ أَمَرَ بِٱلتَّقۡوَىٰۤ ﴿12﴾
অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)
أَرَءَیۡتَ إِن كَذَّبَ وَتَوَلَّىٰۤ ﴿13﴾
তুমি লক্ষ্য কৰিছানে যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,
أَلَمۡ یَعۡلَم بِأَنَّ ٱللَّهَ یَرَىٰ ﴿14﴾
(তেন্তে) সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?
كَلَّا لَىِٕن لَّمۡ یَنتَهِ لَنَسۡفَعَۢا بِٱلنَّاصِیَةِ ﴿15﴾
সাৱধান! যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক তাৰ আগচুলিত ধৰি টানি আনিম।
نَاصِیَةࣲ كَـٰذِبَةٍ خَاطِئَةࣲ ﴿16﴾
মিছলীয়া, পাপিষ্ঠ আগচুলি (কপাল)।
فَلۡیَدۡعُ نَادِیَهُۥ ﴿17﴾
এতেকে সি (যদি) নিজৰ পৰিষদবৰ্গক (মাতিব বিচাৰে তেন্তে) মাতি আনক।
سَنَدۡعُ ٱلزَّبَانِیَةَ ﴿18﴾
অনতিপলমে আমিও মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।
كَلَّا لَا تُطِعۡهُ وَٱسۡجُدۡ وَٱقۡتَرِب ۩ ﴿19﴾
সাৱধান! তুমি তাক অনুসৰণ নকৰিবা। তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু (তেওঁৰ) নৈকট্য লাভ কৰা।
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian